Home » মোৰ মাতৃমুখ দৰ্শন: Exploring the Importance of Maternal Love and Bonding in Life

মোৰ মাতৃমুখ দৰ্শন: Exploring the Importance of Maternal Love and Bonding in Life

by Dhrubajyoti Haloi
WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

Maternal love and bonding are among the most crucial aspects of human life. From childhood to adulthood, the relationship between a mother and her child remains unique and significant. In the Class 12 Assamese curriculum, Lesson 1, ‘মোৰ মাতৃমুখ দৰ্শন’, the author emphasizes the importance of maternal love and bonding in human life. In this article, we will explore the themes and messages conveyed in the lesson and delve deeper into the significance of maternal love in our lives.

Understanding the Concept of Maternal Love and Bonding

Defining Maternal Love

Maternal love refers to the strong and unconditional love and affection that a mother has for her child. It is a natural and instinctive emotion that comes from the mother’s desire to protect and nurture her offspring.

The Importance of Maternal Bonding

Maternal bonding is the process by which a mother develops a strong emotional connection with her child. It is an essential aspect of human development, as it helps in building trust, security, and a sense of belonging in the child.

The Impact of Maternal Love on Child Development

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

Studies have shown that maternal love and bonding play a crucial role in shaping a child’s emotional, social, and cognitive development. Children who receive adequate maternal care and attention tend to be more confident, empathetic, and successful in their adult lives.

Exploring the Themes of ‘মোৰ মাতৃমুখ দৰ্শন’

The Importance of a Mother’s Love

The author of the lesson emphasizes that a mother’s love is a unique and irreplaceable bond that shapes a child’s personality and character. The lesson highlights the sacrifices and hardships that a mother goes through to ensure her child’s well-being and happiness.

The Impact of Maternal Separation

The lesson also explores the impact of maternal separation on a child’s emotional and psychological development. It highlights the pain and trauma that a child goes through when separated from their mother and stresses the importance of maintaining a strong maternal bond.

The Role of a Mother in a Child’s Life

The lesson underscores the significant role that a mother plays in shaping a child’s life. It highlights the mother’s responsibility in instilling values, morals, and ethics in their child and preparing them for a successful future.

মোৰ মাতৃমুখ দৰ্শন: Exploring the Importance of Maternal Love and Bonding in Life

পাঠ -১
মোৰ মাতৃমুখ দৰ্শন
অতি চমু প্ৰশ্ন (মূল্যাংক-১)

মোৰ মাৰ দৃষ্টি’: লক্ষ্মীনাথ বেজবৰুৱাৰ অসমলৈ যাত্ৰা

অসমীয়া প্ৰখ্যাত সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৮ চনৰ ১৯ ​​ফেব্ৰুৱাৰীত। আধুনিক অসমীয়া সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা তেখেতে কবিতা, নাটক, কল্পকাহিনীৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত। এই লেখাটোত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ মাতৃক লগ কৰিবলৈ অসমলৈ কৰা যাত্ৰা আৰু তেওঁৰ বিখ্যাত গ্ৰন্থ ‘মোৰ মাৰ দৃষ্টি’ৰ আঁৰৰ প্ৰেৰণাক লৈ গুৰুত্ব দিম।

1/ ‘মোৰ মাৰ দৃষ্টি’ শিৰোনামটো ক’ৰ পৰা আহিল?

উত্তৰ : ‘’মোৰ মাতৃমুখ দৰ্শন’’ শীৰ্ষক পাঠটো ড° নগেন্দ্ৰ শৰ্মাৰ সম্পাদিত বেজবৰুৱাৰ ৰচনা সংকলন ‘বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে। অসমীয়াত মূল শিৰোনাম ‘মৰমৰ দেহা ক্ষোপুনোট তুমাৰ বেবে’ যাৰ অনুবাদ হৈছে ‘আপোনাৰ প্ৰিয় ৰূপৰ সপোন’। শিৰোনামটোৰ অনুবাদিত সংস্কৰণ ‘মোৰ মাৰ দৃষ্টি’ত কবি আৰু মাতৃৰ সম্পৰ্কৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হৈছে।

/ ভাৰতৰ কোনখন ৰাজ্যত সম্বলপুৰ অৱস্থিত?

উত্তৰ : সম্বলপুৰ ভাৰতৰ ওড়িশা ৰাজ্যত অৱস্থিত।

৩/ বেজবৰুৱা মাকক লগ কৰিবলৈ ক’লৈ গৈছিল?

উত্তৰ :: বেজবৰুৱা মাকক লগ কৰিবলৈ ওড়িশাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰাত নামিল।

৪) ১৯৩০ চনৰ ১৯ ​​ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যোৱা বেজবৰুৱাৰ লগত কোনে লগত গৈছিল?

উত্তৰ : ১৯৩০ চনৰ ১৯ ​​ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যোৱা বেজবৰুৱাৰ সৈতে পত্নী প্ৰজ্ঞা সুন্দৰী আৰু কনিষ্ঠ কন্যাও আছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম ‘লিতিকাই’৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে ৷ সেয়েহে পাঠটিৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে ৷
২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ৷
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-
ক) প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷
খ) ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷
গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷
 
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
 
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল ৷ যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷
২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷
উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল ৷ ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷ 
উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷
                    মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷
৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷

উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল ৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷
 
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে ৷ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷
 
অতিৰিক্তঃ
 
১। বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল “বাৰ্ড কোম্পানী” ৷
 
২। “ভ্ৰমৰংগ” শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকৰ অনুবাদ ৷
 
৩। শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী হ’ল- ৰমাকান্ত বৰকাকতি,ঘনশ্যাম বৰুৱা,ৰত্নধৰ বৰুৱা আদি ৷
 
৪। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয় ৷
 
৫। বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস-পদুমকুঁৱৰী ৷
 
৬। বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ৷
 
৭। বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটককেইখন হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ ৷
WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

You may also like

Leave a Comment

Adblock Detected

Please support us by disabling your AdBlocker extension from your browsers for our website.