11th Class

Asaam AHSEC HS 1st year Assamese Question & Answer, Dhanar Bebohar- ধনৰ ব্যৱহাৰ

WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

Asaam AHSEC HS 1st year Assamese Question & Answer, Dhanar Bebohar- ধনৰ ব্যৱহাৰ: Asaam AHSEC Solutions for Class 11 are solved by experts of Learn  order to help students to obtain excellent marks in their board examination. All the questions and answers that are present in the Asaam AHSEC Books has been included in this page. We have provided all the Class 11 Asaam AHSEC Solutions with a detailed explanation i.e., we have solved all the questions with step by step solutions in understandable language. So students having great knowledge over Asaam AHSEC Solutions Class 11 can easily make a grade in their board exams. Read on to find out more about Asaam AHSEC Solutions for Class 11.

Asaam AHSEC Solutions for Class 11

In this page, each and every question originate with a step-wise solution. Working on Asaam AHSEC Solutions for Class 11 will help students to get an idea about how to solve the problems. With the help of these Asaam AHSEC Solutions for Class 11 Assamese (MIL) you can easily grasp basic concepts better and faster. Moreover, it is a perfect guide to help you to score good marks in AHSEC board examination. Just click on the chapter wise links given below to practice the Asaam AHSEC Solutions for the respective chapter. 

♦Read More: Asaam AHSEC HS 1st year Assamese Question & Answer- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

১১ নং শ্ৰেণীৰ বাবে অসম AHSEC সমাধান

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

এই পৃষ্ঠাত প্ৰতিটো প্ৰশ্নৰ উৎপত্তি হৈছে এটা পদক্ষেপ-ভিত্তিক সমাধানৰ সৈতে। ১১ নং শ্ৰেণীৰ বাবে AHSEC সমাধানৰ ওপৰত কাম কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে এটা ধাৰণা লাভ কৰাত সহায় কৰিব। এই আসাম AHSEC Solutions for Class 11 Assamese (MIL) ৰ সহায়ত আপুনি সহজেই মৌলিক ধাৰণাসমূহ ভালদৰে আৰু দ্ৰুতভাৱে ধৰিব পাৰিব। তদুপৰি AHSEC ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰ লাভ কৰাত সহায়ক হোৱাকৈ ই এক নিখুঁত গাইড। মাত্ৰ তলত দিয়া অধ্যায় ভিত্তিক লিংক সমূহত ক্লিক কৰি নিজ নিজ অধ্যায়ৰ বাবে আছাম AHSEC সমাধানসমূহ অনুশীলন কৰক।

Assam HS 1st Year (11th) Question and Answer

ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা

আৰ্হি প্ৰশ্ন (মূল্যাংক-১)

১) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণলোকৰ দুই ধৰ্ম ৷

২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হৈছে -আয় অনুসৰি ব্যয় কৰা ৷

৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন ৷

৪) মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল’ব লগা হয় ৷

৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা ৷

 চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল –

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি

২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

উত্তৰঃ আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে৷ তেওঁলোকৰ মতে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন৷

৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে৷ অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়৷

৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

উত্তৰঃ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে৷

৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল-

ক) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে৷

খ) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

উত্তৰঃ অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম৷ সিহঁতে ধনীক ঈশ্বৰ যেন দেখে৷ ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে৷ সিহঁতৰভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই৷ এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে৷এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল৷

২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়৷ নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে৷ নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে৷ নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে৷ মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলেমোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷ খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়৷

৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায় কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে৷ ঋণী মানুহে সমাজত গৰিহণা খায়,মান-মৰ্যাদা হেৰুৱায়,মনৰ সুখ-শান্তি নাইকিয়া হয়৷ ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে৷ ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়৷ সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল’ব নালাগে ।

 8।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷

উত্তৰ:  লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ৷ প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি৷ ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷ কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷ তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা-ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷ দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়৷ নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে৷ নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে৷ নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ’লে এখোজো নোলায়৷ মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে,কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়৷

৫/”ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” । – ব্যাখ্যা কৰা 

উত্তৰ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে৷ এইবিলাক মানুহক সাধাৰণতে কৰাইচ,কটকিনা বা কৃপণ বোলে৷আচলতে কৃপণৰ ধন, ধন নহয়,ল’ৰাই ওমলা খোলাকটি৷ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ভোজনৰ ভাল বস্তু,পিন্ধিবৰ বাবে ভাল কাপোৰ,থাকিবৰ বাবে ভাল ঘৰ,হাতী-ঘোঁৰা,গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ ৷ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷

 লেখক পৰিচয় 

১)সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৯৬০ চনত হৈছিল৷

২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম ‘গীতাৱলী’ আৰু এইখন ১৮৮৮ চনত প্ৰকাশ পাইছিল৷

৩) ‘বহল ব্যাকৰণ’ কাৰ ৰচনা ?

উত্তৰঃ ‘বহল ব্যাকৰণ’ সত্যনাথ বৰাৰ ৰচনা৷

৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম ‘আকাশ ৰহস্য’৷

৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷

উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম – ‘কেন্দ্ৰসভা’, ‘সাহিত্য বিচাৰ’,  ‘সাৰথি’, ‘চিন্তাকলি’ ৷

৬) সত্যনাথ বৰা ‘জোনাকী’ আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?

উত্তৰঃ সত্যনাথ বৰা ‘জোনাকী’ আলোচনীৰ ১৯০১ চনৰ সম্পাদক আছিল ৷

৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?

উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে৷

ব্যাখ্যা কৰা – 

“ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” -মূল্যাংক ৫

উত্তৰঃ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে৷ এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে৷ আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি৷ ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি৷ ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ,হাতী-ঘোঁৰা,গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি৷ কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ ৷ ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷ তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে ৷

Assam HS 1st Year Download Chapter 1 PDF File

CLick Here for Download PDF

Advantages of Solving Assam AHSEC Solutions for Class XI 

  •  All the Class 11 Assam AHSEC Textbook Solutions provided in this page are clear and concise in nature.
  • Assam AHSEC Solutions for Class 11 Books are solved in easily understandable language to help students to grasp everything on the go.
  • Accessible to everyone at any time anywhere without any difficulty.
  • All the questions are solved strictly based on the Assam AHSEC Syllabus and Books. So mastering physics these solutions will definitely help students to score good marks in the examination.
  • Assam AHSEC Solutions for Class XI  given in this page are of free of cost.

Class 11 study materials are provided here for all the subjects in PDF format. These materials can be easily downloaded by individual student, which they can use it offline as well. The materials provided here by Learn are Assam AHSEC solutions, revision notes, syllabus, sample papers, previous year question papers and important questions of class 11, as per the latest syllabus. All these materials are designed by our experts and experienced teachers in each subject. 

Students can use these materials as reference, while preparing for the final exams to score good marks. In 11th standard students are introduced with elective subjects of Maths and Biology, Physics and Chemistry are common for both the stream. Till class 10th the education level was medium and students can easily grasp the knowledge. But, after reaching to grade 11, the level of education increases to an extent, where students are required with more focus in studies. Hence, to make it easier for them we have prepared these learning materials which will clear almost all the doubts of the students with an ease.  

Student will get here the best solutions for all the questions asked in the Assam AHSEC textbooks. Also, we are providing here the notes for reference, to be used as per their convenience. 

WhatsApp Channel Follow Now
Telegram Channel Join Now
YouTube Channel Subscribe

Related posts

Assam HS 1st Year Routine 2023, Exam Date: Get Updates- March 2023

Dhrubajyoti Haloi

Class 11 Physics Chapter 1 Physical World – HS 1st Year Free PDF Download- Engilish & Assamese

Dhrubajyoti Haloi

AHSEC HS 1st Year Syllabus 2022-2023 – Full Pdf Download Arts, Commerce & Science

Dhrubajyoti Haloi

Assam HS 1st Year Politicat Science Question & Answer: 11th PSc বিকাশ

Dhrubajyoti Haloi

Assam HS 1st Year Politicat Science Question & Answer: 11th PSc ৰাজনৈতিক তত্ত্ব ক পৰিচয় (প্ৰশ্ন উত্তৰ) একাদশ শ্ৰেণী

Dhrubajyoti Haloi

Asaam AHSEC HS 1st year Assamese Question & Answer, Gibon: Assamese Lesson 5 গিবন

Dhrubajyoti Haloi