Asaam AHSEC HS 1st year Assamese Question & Answer, Gibon: Assamese Lesson 5 গিবন

WhatsApp Channel Follow Now
Telegram Channel Join Now

Asaam AHSEC HS 1st year Assamese Question & Answer, Gibon: Assamese Lesson 5 গিবন: Asaam AHSEC Solutions for Class 11 are solved by experts of Learn  order to help students to obtain excellent marks in their board examination. All the questions and answers that are present in the Asaam AHSEC Books has been included in this page. We have provided all the Class 11 Asaam AHSEC Solutions with a detailed explanation i.e., we have solved all the questions with step by step solutions in understandable language. So students having great knowledge over Asaam AHSEC Solutions Class 11 can easily make a grade in their board exams. Read on to find out more about Asaam AHSEC Solutions for Class 11.

Asaam AHSEC Solutions for Class 11

In this page, each and every question originate with a step-wise solution. Working on Asaam AHSEC Solutions for Class 11 will help students to get an idea about how to solve the problems. With the help of these Asaam AHSEC Solutions for Class 11 Assamese (MIL) you can easily grasp basic concepts better and faster. Moreover, it is a perfect guide to help you to score good marks in AHSEC board examination. Just click on the chapter wise links given below to practice the Asaam AHSEC Solutions for the respective chapter. 

১১ নং শ্ৰেণীৰ বাবে অসম AHSEC সমাধান

এই পৃষ্ঠাত প্ৰতিটো প্ৰশ্নৰ উৎপত্তি হৈছে এটা পদক্ষেপ-ভিত্তিক সমাধানৰ সৈতে। ১১ নং শ্ৰেণীৰ বাবে AHSEC সমাধানৰ ওপৰত কাম কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে এটা ধাৰণা লাভ কৰাত সহায় কৰিব। এই আসাম AHSEC Solutions for Class 11 Assamese (MIL) ৰ সহায়ত আপুনি সহজেই মৌলিক ধাৰণাসমূহ ভালদৰে আৰু দ্ৰুতভাৱে ধৰিব পাৰিব। তদুপৰি AHSEC ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰ লাভ কৰাত সহায়ক হোৱাকৈ ই এক নিখুঁত গাইড। মাত্ৰ তলত দিয়া অধ্যায় ভিত্তিক লিংক সমূহত ক্লিক কৰি নিজ নিজ অধ্যায়ৰ বাবে আছাম AHSEC সমাধানসমূহ অনুশীলন কৰক।

গিবন
বিষয়  অসমীয়া
পাঠৰ নাম গিবন
লেখক
হােমেন বৰগোহাঞি
শ্ৰেণী  একাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 5
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

Assam HS 1st Year (11th) Question and Answer- Chapter 5, Homen Bargohain

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

Class 11 Assamese Chapter – 5 গিবন – হোমেন বৰগোহাঞি

গিবন Class 11 প্রশ্ন-উত্তৰ

অতি চমু প্রশ্ন

১| এড়ৱার্ড গিবন কোন আছি?
উত্তৰ : এডৱার্ড গিবন ইংলণ্ডৰ এজন প্রখ্যাত ইতিহাসবিদ আছিল।

২| এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম কি লিখা।
উত্তৰ : এডরার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম আছিল মেকডালেন কলেজ।

৩।এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা?
উত্তৰ : এডৱাৰ্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্রন্থখনৰ নাম হ’ল – The History of the Decline and Fall of the Roman Empire.

৪।স্বপেনহাৱাৰ কোন আছিল?
উত্তৰ : শ্বপেনহাৱাৰ আছিল এগৰাকী বিখ্যাত জার্মান দার্শনিক।

৫। আলেকজেন্দ্রিয়ান কোৱার্টে ট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল ?
উত্তৰ : আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লিখকজন আছিল লৰেঞ্জ জর্জ ডাৰেল।

গিবন HS 1st Year  চমু প্রশ্ন

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি ?
উত্তৰ : জন মিল্টন আছিল সােতৰ শতিকাৰ এজন ইংৰাজ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম হ’ল ‘পেৰাডাইজ লষ্ট’।

২। দার্শনিক ৰুছােয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ দার্শনিক ৰুছােয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল: The Social Contract আৰু The Confes-sions।

৩। গিবনৰ সম্পূর্ণ নামটোকি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?
উত্তৰ : গিবনৰ সম্পূর্ণ নামটো আছিল ‘এডৱার্ড গিবন’। তেওঁ অষ্টাদশ শতিকাৰ এজন ইংৰাজ লেখক আছিল।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ : Age of Reason নামৰ গ্ৰন্থখন টমাচ পাইনে। অষ্টাদশ শতিকাত ৰচনা কৰিছিল।

৫। যৌৱন কালত এডৱার্ড গিবন কোনখন দেশৰ কোনখন চহৰৰ বাসিন্দা আছিল?
উত্তৰ:যৌৱন কালত এডৱার্ড গিবনে চুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

গিবন Class 11 দীঘল প্রশ্ন

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উত্তৰ : এডৱার্ড গিবন (১৭৩৭-১৭৯৪) এজন ইংৰাজ ঐতিহাসিক আছিল। তেওঁ আছিল অতি সাধাৰণ মেধাৰ ছাত্র। পােন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। সেইসময়ত গিবনে প্রটেষ্টান ধর্মমত ত্যাগ কৰি ৰােমান কেথলিক ধর্ম মতত দীক্ষিত হ’বলৈ মন মেলাত অভিভাৱকসকলে তেওঁক কলেজৰ পৰা এৰুৱাই আনি চুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাতে তেওঁ চিন্তাশীল লেখক ৰুছে, ভলটেয়াৰ আদিৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হয়; লগতে সেইসময়ৰ ইউৰােপৰ যুক্তিবাদী ভাৱধাৰাৰ দ্বাৰাও অনুপ্রাণিত হয়। তেওঁ কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত ৰােম ভ্রমণ কৰে।

ৰোমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰোমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

২ | এডৱাৰ্ড গিবনে ৰচনা কৰা ৰােমান সাম্রাজ্যৰ, ইতিহাস বিষয়ক গ্রন্থখনৰ চমু পৰিচয় দাঙি ধৰা ?
উত্তৰ : তেওঁ কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত ৰােম ভ্ৰমণ কৰে। ৰােমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰােমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

এই বিপুলায়তনৰ ইতিহাস গ্রন্থই ৰােমান সম্রাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ দ্বাৰা কনষ্টান্টিন’পলৰ অধিকাৰৰ সময়লৈকে সূদীর্ঘ চৈধ্যটা শতাব্দী সামৰি লৈছে। গ্রন্থখনে গিবনক বিশ্বৰ এজন প্রথম শ্ৰেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰিছে। গ্রন্থখন বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।

৩। এডৱার্ড গিবনে কত কিদৰে শিক্ষা গ্রহণ কৰিছিল, বুজাইলিখা।
উত্তৰ : এডৱার্ড গিবন আছিল এজন ইংৰাজ ঐতিহাসিক। ছাত্ৰ অৱস্থাত তেওঁ কোনাে অসাধাৰণ মেধাৰ পৰিচয় দিব পৰা নাছিল। অর্থাৎ ছাত্র হিচাপে তেওঁ আছিল অতি সাধাৰণ বিধৰ। পােন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। সেই সময়ত গিবনে প্রটেষ্টান ধর্মমত ত্যাগ কৰি ৰােমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন মেলাত অভিভাৱকসকলে তেওঁক কলেজৰ পৰা এৰুৱাই আনি চুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাতে তেওঁ ফৰাচী দার্শনিকসকলৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হােৱাৰ উপৰিও ইউৰােপৰ যুক্তিবাদী ভাৱধাৰাৰ দ্বাৰা অনুপ্রাণিত হয়। কলেজীয়া শিক্ষা সাং কৰি ১৭৬৪ চনত তেওঁ ইউৰােপ ভ্রমণলৈ ওলায় আৰু ৰােম দর্শন কৰে। ৰােমত থকা কালত তেওঁ ৰােমৰ ইতিহাস লিখিবলৈ অনুপ্রাণিত হয়। ইয়াৰ পিছত ঘৰলৈ ঘূৰি আহি ৰােমৰ ইতিহাস ৰচনাত নিজকে মনােনিবেশ কৰে আৰু সূদীর্ঘ সােতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ ইতিহাস গ্রন্থখন লিখি উলিয়ায়। গ্রন্থখনে তেওঁক বিশ্বৰ এজন প্রথম শ্রেণীৰ ঐতিহাসিক হিচাপে প্রতিষ্ঠা কৰে।

৪। চমুটোকা লিখা : 

(ক) স্বপেনহাৱাৰ (খ) ভলটেয়াৰ
উত্তৰ : (ক) স্বপেনহাৱাৰ : এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০) আছিল। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনােবৈজ্ঞানিক লিখনিসমূহ ঊনবিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্রভাৱিত কৰিছিল। The World as Will and Representation code বিখ্যাত ৰচনা।

(খ) ভলটেয়াৰ : অষ্টাদশ শতিকাৰ ফৰাচী লেখক আৰু দার্শনিক। তেওঁ মূলত ব্যঙ্গাত্মক ৰচনাৰ বাবে বিখ্যাত। সমকালীন ফ্রান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলােকপাত কৰি লিখা ব্যঙ্গাত্মক লেখাসমূহ ফৰাচী সাহিত্যৰ অমূল্য সম্পদ। কান্দিদ’ হৈছে তেওঁ ৰচনা কৰা এখন প্রখ্যাত ব্যঙ্গাত্মক উপন্যাস। তেওঁ ফৰাচীবিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
“যিসকল লেখকে সমগ্র জীৱন ধৰি এখন মাত্র মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলােকে সেই গ্রন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱকৰে।”
উত্তৰ : উদ্ধৃত কথাফাকি সাহিত্য সৌৰভৰঅন্তর্গত হােমেন বৰগােহাঞিৰ দ্বাৰা ৰচিত ‘গিবন’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে।

মহৎ গ্রন্থ এখন ৰচনা কৰাৰ কাম পৰিসমাপ্তি কৰাৰ পিছত গ্রন্থকাৰৰ মনত উদয় হােৱা অনুভৱৰ বিষয়ে ক’বলৈ যাওঁতে লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। পৃথিৱীত কিছুসংখ্যক লেখক আছে যিসকলে গােটেই জীৱনত মাত্র এখনকৈ গ্রন্থ ৰচনা কৰিছিল। উদাহৰণ স্বৰূপে বছৱেলে ‘লাইফ অৱ জনছ’ ৰচনা কৰােতে বহু বছৰ সময় লৈছিল আৰু এইগ্ৰন্থখন ৰচনা কৰাৰ অন্তত এক ধৰণৰ শূন্যতা অনুভৱ কৰিছিল। সেইদৰে এডৱাৰ্ড গিবনে তেওঁৰ সােতৰ বছৰৰ পৰিশ্ৰমৰ অন্তত The History of the Decline and Fall of the Roman Empire ৰচনা কৰি এক ধৰণৰ আচৰিত শূন্যতা অনুভৱ কৰিছিল। কিন্তু এনেদৰে দীর্ঘদিনীয়া পৰিশ্ৰমৰ অন্তত ৰচিত হােৱা কগ্রন্থ এখনে ভৱিষ্যতে যি দীঘল বাট ভ্ৰমণ কৰিব লাগে তাৰ তুলনাত বর্তমান অর্থশূন্য আৰু লিখকৰ ব্যক্তিগত অস্তিত্বও অতিশয় ক্ষণস্থায়ী।

Join Our 11th Arts Group

গিবন Class 11 একাদশ শ্ৰেণী অতিৰিক্ত প্রশ্ন-উত্তৰ

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
(ক) পৃথিৱীত এতিয়ালৈকে যিমানবােৰ কিতাপ ৰচিত হৈছে সেইবােৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।’ কথাষাৰ কোনে কৈছিল?
উত্তৰ : জার্মান দার্শনিক শ্বপেনহাৱাৰে।

(খ) এডৱাৰ্ড গিবনে প্রেমত পৰা ছােৱালীজনীৰ নাম কি আছিল?
উত্তৰ : ছুজান কাৰচদ।

(গ) Adolphe আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা ?
উত্তৰ : বেঞ্জামিন কঁষ্টাট।

(ঘ) হােমেন বৰগােহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উত্তৰ : ‘নিয়মীয়া বার্তা’।

(ঙ) হােমেন বৰগােহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : ‘হালধীয়া চৰায়ে বাওঁধান খায়’ আৰু ‘অন্তৰাৰ্গ’।

চ) হােমেন বৰগােহাঞিৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি ?
উত্তৰ : আত্মানুসন্ধান।

(ছ) কোনখনগ্রন্থৰ বাবে হােমেন বৰগােহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উত্তৰ : পিতাপুত্র (১৯৭৮ চন)।

(জ)’ গিবন ‘নামৰ পাঠটি হােমেন বৰগােহাঞিৰ কোনখন গ্রন্থথৰ পৰা তুলি দিয়া হৈছে?
উত্তৰঃ স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ পৰা।

প্ৰথম গোট – গদ্য

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: এডৱাৰ্ড গিবন কোন আছিল ? 

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল । 

প্ৰশ্ন ২: এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ।

উত্তৰঃ : অক্সফোৰ্ড মেগডালেন কলেজ ।

প্ৰশ্ন ৩: এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ।

উত্তৰঃ “The History of the decline and Fall of the Roman Empire.”

প্ৰশ্ন ৪: শ্বপেনহাৱাৰ কোন আছিল ?

উত্তৰঃ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক ।

প্ৰশ্ন ৫: ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাস মালাৰ লেখক কোন আছিল ? 

উত্তৰঃ ডাৰেল । 

(খ)চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

প্ৰশ্ন ১: জন মিল্টন কোন শতিকাৰ কবি আছিল ? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ।

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল । তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’ । 

প্ৰশ্ন ২: দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা । 

উত্তৰঃ ‘The Social contract’ আৰু Confressions’ ।

প্ৰশ্ন ৩: গিবনৰ সম্পূৰ্ণ নামটো কি আছিল ?তেওঁ কোন শতিকাৰ লেখক আছিল ? 

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন । তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল ।

প্ৰশ্ন ৪: ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল ?

উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল । এই গ্ৰন্থখন ১৭৯০ চনত প্ৰকাশিত হৈছিল । 

প্ৰশ্ন ৫: যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল ? 

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছাঁন চহৰৰ বাসিন্দা আছিল ।

প্ৰশ্ন ১: এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া । 

উত্তৰঃ এডৱাৰ্ড গিবনৰ ১৭৩৭ চনত ইংলেণ্ডত জন্ম হৈছিল । ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তীকালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰিছিল । এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সাংসদ আছিল । তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল । গিবনৰ অমৰ কীৰ্তি হ’ল ‘The History of the Decline and Fall of the Roman Empire’ । শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত । 

প্ৰশ্ন ২: এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখন সাতটা খণ্ডত সমাপ্ত । এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্বকলৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ  অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে । ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিজান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্ৰ যুগান্তকাৰী ঘ্টনা ঘটিছিল এই চৌধ্যটা শতাব্দীত । এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বৰ্ণনা আছে প্ৰবন্ধটোত । ৰোমান সাম্ৰাজ্যৰ ইতিহাস গ্ৰন্থখনৰ ইংৰাজী মূল গ্ৰন্থখন হ’ল ‘The History of the Decline and Fall of the Roman Empire.’ 

প্ৰশ্ন ৩: এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা । 

উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত এক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল । পঢ়া শুনা নাই বুলিয়েই ক’ব পাৰি । কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল । গিবনে অক্সফোৰ্ডত থাকোতেই প্রটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমত দীক্ষিত হ’বলৈ মন মেলাত তেওঁৰ মতি-গতি দেখি অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছাঁন চহৰলৈ পঠাই দিছিল । লুছাঁনত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নোপোৱা হ’লে গিবন আজি গিবন হ’লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে । 

প্ৰশ্ন ৪: চমু টোকা লিখা : 

(ক) শ্বপেনহাৱাৰ 

উত্তৰঃ এওঁ গৰাকী বিখ্যাত জাৰ্মান দার্শনিক (১৭৮৮-১৮৬০) । তেওঁৰ নন্দনতাত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে উনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল । শ্বপেনহাৱাৰ বিশেষকৈ ‘নাস্তিক নিৰাশাবাদ’ দৰ্শনৰ বাবে প্ৰসিদ্ধ আছিল । ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা । 

(খ) ভলতেয়াৰ

উত্তৰঃ ভলতেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দাৰ্শনিক । তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ । সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ । ‘কান্দিদ’ তেওঁৰ দ্ধাৰা ৰচিত ব্যংগাত্মক উপন্যাস । ভলতেয়াৰ ফৰাছী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰি ।

প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : 

          “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ।” 

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ ৰচিত ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

ইয়াত লেখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে এডৱাৰ্ড গিবন নামৰ শ্রেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে ; জীৱনত অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ হ’ল যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই কথাটো ক’ব বিচাৰিছে । 

এডৱাৰ্ড গিবনে তেওঁৰ জীৱনত শ্রেষ্ঠ কীৰ্তি ‘ডি ডিক্লাইন এণ্ড ফল অব ৰোমান এম্পায়াৰ’ নামৰ সাতটা খণ্ডৰ বোৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে কেনে ধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে । এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকা জুৰি বিৰাজমান ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিছিল । গ্ৰন্থখনত তেওঁ সম্ৰাট এণ্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনপলৰ পটনলৈকে সুদীৰ্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্ৰণয়ন কৰিছে । সুদীৰ্ঘ সোতৰ  বছৰ কঠিন শ্ৰম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে, তাৰ পিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হ’ল সেই কাৰণে সুদীৰ্ঘ সোতৰ বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল ।

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।

প্ৰশ্ন (ক) পৃথিৱীত এতিয়ালৈকে যিমানবােৰ কিতাপ ৰচিত হৈছে সেইবােৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।’ কথাষাৰ কোনে কৈছিল?
উত্তৰ : জার্মান দার্শনিক শ্বপেনহাৱাৰে।

প্ৰশ্ন (খ) এডৱাৰ্ড গিবনে প্রেমত পৰা ছােৱালীজনীৰ নাম কি আছিল?
উত্তৰ : ছুজান কাৰচদ।

প্ৰশ্ন (গ) Adolphe আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা ?
উত্তৰ : বেঞ্জামিন কঁষ্টাট।

প্ৰশ্ন (ঘ) হােমেন বৰগােহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উত্তৰ : ‘নিয়মীয়া বার্তা’।

প্ৰশ্ন (ঙ) হােমেন বৰগােহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : ‘হালধীয়া চৰায়ে বাওঁধান খায়’ আৰু ‘অন্তৰাৰ্গ’।

প্ৰশ্ন (চ) হােমেন বৰগােহাঞিৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি ?
উত্তৰ : আত্মানুসন্ধান।

প্ৰশ্ন (ছ) কোনখনগ্রন্থৰ বাবে হােমেন বৰগােহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উত্তৰ : পিতাপুত্র (১৯৭৮ চন)।

প্ৰশ্ন (জ)’ গিবন ‘নামৰ পাঠটি হােমেন বৰগােহাঞিৰ কোনখন গ্রন্থথৰ পৰা তুলি দিয়া হৈছে?
উত্তৰঃ স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ পৰা।

WhatsApp Channel Follow Now
Telegram Channel Join Now

1 thought on “Asaam AHSEC HS 1st year Assamese Question & Answer, Gibon: Assamese Lesson 5 গিবন”

Leave a Comment