Asaam AHSEC HS 1st year Assamese Question & Answer, Kitapor Katha- কিতাপৰ কথা

WhatsApp Channel Follow Now
Telegram Channel Join Now

Asaam AHSEC HS 1st year Assamese Question & Answer, Kitapor Katha- কিতাপৰ কথা: Asaam AHSEC Solutions for Class 11 are solved by experts of Learn  order to help students to obtain excellent marks in their board examination. All the questions and answers that are present in the Asaam AHSEC Books has been included in this page. We have provided all the Class 11 Asaam AHSEC Solutions with a detailed explanation i.e., we have solved all the questions with step by step solutions in understandable language. So students having great knowledge over Asaam AHSEC Solutions Class 11 can easily make a grade in their board exams. Read on to find out more about Asaam AHSEC Solutions for Class 11.

Asaam AHSEC Solutions for Class 11

In this page, each and every question originate with a step-wise solution. Working on Asaam AHSEC Solutions for Class 11 will help students to get an idea about how to solve the problems. With the help of these Asaam AHSEC Solutions for Class 11 Assamese (MIL) you can easily grasp basic concepts better and faster. Moreover, it is a perfect guide to help you to score good marks in AHSEC board examination. Just click on the chapter wise links given below to practice the Asaam AHSEC Solutions for the respective chapter. 

♦Read More: Asaam AHSEC HS 1st year Assamese Question & Answer- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

১১ নং শ্ৰেণীৰ বাবে অসম AHSEC সমাধান

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

এই পৃষ্ঠাত প্ৰতিটো প্ৰশ্নৰ উৎপত্তি হৈছে এটা পদক্ষেপ-ভিত্তিক সমাধানৰ সৈতে। ১১ নং শ্ৰেণীৰ বাবে AHSEC সমাধানৰ ওপৰত কাম কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে এটা ধাৰণা লাভ কৰাত সহায় কৰিব। এই আসাম AHSEC Solutions for Class 11 Assamese (MIL) ৰ সহায়ত আপুনি সহজেই মৌলিক ধাৰণাসমূহ ভালদৰে আৰু দ্ৰুতভাৱে ধৰিব পাৰিব। তদুপৰি AHSEC ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰ লাভ কৰাত সহায়ক হোৱাকৈ ই এক নিখুঁত গাইড। মাত্ৰ তলত দিয়া অধ্যায় ভিত্তিক লিংক সমূহত ক্লিক কৰি নিজ নিজ অধ্যায়ৰ বাবে আছাম AHSEC সমাধানসমূহ অনুশীলন কৰক।

Assam HS 1st Year (11th) Question and Answer- Chapter 4

কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী

অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) 

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰ: ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ ৷

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰ: গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে ৷

৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে,” কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ৷ “

৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে  চীনদেশত  প্ৰচলিত যোজনা –

কিতাপ মেলা মানেই লাভ ৷

বিদ্বান লোকে চোৰাং কাম নকৰে ৷

আলবানিয়াত প্ৰচলিত যোজনা- 

যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা ৷

(খ) চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩ )

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল৷

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়৷ সভ্য আৰু সুখী হ’ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে৷ অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা৷ বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল৷

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

উত্তৰঃ গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে৷ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে৷

৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল৷

৫। ”… কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ”- কথাষাৰ ব্যাখ্যা কৰা । 

উত্তৰ ঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে৷”

 দীঘল প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫) 

১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ৷” পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম৷ কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী৷ তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰপৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে৷ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে৷ সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়৷

২। “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়৷সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা  দিছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷”

৩। “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;” – কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷

উত্তৰঃ পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল – “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা৷…”

৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷” পাঠটোৰ সহায়ত বুজাই লিখা ৷

উত্তৰঃ যিমানেই বিদ্যাৰ অনুশীলন হয়,সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে৷ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো৷মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে৷সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয়৷

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত৷কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ৷ কিতাপ লাজে জ্ঞানৰ কাৰণে৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে৷

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰত ঃ 

১। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল৷

২। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?

উত্তৰঃ ‘কেঁচা পাতৰ কঁপনি’ প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস৷

৩। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাচিয়া ভ্ৰমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰঞ্জী আৰু সংস্কৃতি’৷

৪। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম – ‘শেষ ক’ত, ‘কেঁচা পাতৰ কঁপনি’৷ 

৫। প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম ‘মনৰ পক্ষী উভতি উৰে’,৷

৬। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল৷

৭। “…..কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷” – কথাষাৰ ব্যাখ্যা কৰা৷

উত্তৰঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই ৷ সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷”

Assam HS 1st Year Download Chapter 4 PDF File

CLick Here for Download PDF

Advantages of Solving Assam AHSEC Solutions for Class XI 

  •  All the Class 11 Assam AHSEC Textbook Solutions provided in this page are clear and concise in nature.
  • Assam AHSEC Solutions for Class 11 Books are solved in easily understandable language to help students to grasp everything on the go.
  • Accessible to everyone at any time anywhere without any difficulty.
  • All the questions are solved strictly based on the Assam AHSEC Syllabus and Books. So mastering physics these solutions will definitely help students to score good marks in the examination.
  • Assam AHSEC Solutions for Class XI  given in this page are of free of cost.

Class 11 study materials are provided here for all the subjects in PDF format. These materials can be easily downloaded by individual student, which they can use it offline as well. The materials provided here by Learn are Assam AHSEC solutions, revision notes, syllabus, sample papers, previous year question papers and important questions of class 11, as per the latest syllabus. All these materials are designed by our experts and experienced teachers in each subject. 

Students can use these materials as reference, while preparing for the final exams to score good marks. In 11th standard students are introduced with elective subjects of Maths and Biology, Physics and Chemistry are common for both the stream. Till class 10th the education level was medium and students can easily grasp the knowledge. But, after reaching to grade 11, the level of education increases to an extent, where students are required with more focus in studies. Hence, to make it easier for them we have prepared these learning materials which will clear almost all the doubts of the students with an ease.  

Student will get here the best solutions for all the questions asked in the Assam AHSEC textbooks. Also, we are providing here the notes for reference, to be used as per their convenience. 

WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment