Assam Class 10 Science কাৰ্বন আৰু তাৰ যৌগ- NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

WhatsApp Channel Follow Now
Telegram Channel Join Now

Assam Class 10 Science কাৰ্বন আৰু তাৰ যৌগ: Class 10th Science Online Notes: Preparing for Matriculation Board Examination 2022. So you will get an online test of class 10th science Objective Question, Subjective Question, model paper (Model Paper), Question Bank and science from here you can prepare for Assam Board Matriculation Examination 2022. Assam Board Class 10th Science Matric Exam Objective Questions and Answers Key 2019, 2020, 2021 Pdf free download in Assamese Medium and English Medium.

If you are in search of Assam Board Solutions Class 10 Science  you have come the right way. The Solutions provided on this page can be of extreme help during your practice and preparation. Assam SEBA Board Class 10 Science Solutions helps you improve your skills on the topics. You can have a thorough understanding of different concepts and download the handy Assam Board Textbook Solutions for Class 10 Science and refer to them whenever necessary.

 

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

1.কার্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব?

উত্তৰ – কার্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্রন বিন্দু গঠন 

 কাৰ্বন-আৰু-তাৰ-যৌগ

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব?
(ইঙ্গিত – আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

উত্তৰ – ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন –

 কাৰ্বন-আৰু-তাৰ-যৌগ

কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্নাৱলী, Page No- 68

1.পেন্টেনৰ বাবে কেইটা গঠন সমযােগী আঁকিব পাৰিবা ?

উত্তৰ – পেন্টেনৰ বাবে তিনিটা গঠন সমযােগী আঁকিব পাৰি –

কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্নাৱলী

কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্নাৱলী

কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্নাৱলী

2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন -যৌগ পাওঁ ?

উত্তৰ – সহযোজী বান্ধনীৰ ধৰ্মৰ বাবে কাৰ্বনে অজস্ৰ যৌগ গঠন কৰিব পাৰে ৷ কাৰ্বনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা দুটা প্ৰধান ধৰ্ম হ’ল –

  • কেটিনেচন – কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ৷
  • চতুৰ্সহ যোজ্যতা – যিহেতু কাৰ্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিতা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনী গঠন কৰিব পাৰে ৷

3. চাই’ক্লপেন্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।

উত্তৰ – চাই’পেন্টেনৰ সংকেট – C5H10

চাই’ক্লপেন্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন

4. তলৰ যৌগবােৰৰ গঠন আঁকি দেখুওৱা—

(i) ইথানয়িক এছিড

উত্তৰ –

ইথানয়িক এছিড

(ii)ব্রম’পেন্টেন*

উত্তৰ –

(iii) বিউটান’ন

উত্তৰ –

বিউটান’ন

(iv) হেক্সানেল

উত্তৰ –

হেক্সানেল

*ব্রম’পেন্টেনৰ সমযােগী সম্ভৱনে?

উত্তৰ – ব্রম’পেন্টেনৰ সমযােগী সম্ভৱ ৷

6.তলৰ যৌগবােৰৰ নাম লিখা —

উত্তৰ – (i) ব্ৰম’ইথেন

(ii) মিথানল

(iii) হেক্সাইন

প্ৰশ্নাৱলী, Page No- 71

1.ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰ – ইথানল জাৰিত হৈ ইথানয়িক এচিদলৈ ৰূপান্তৰ হয় ৷ অৰ্থাৎ ৰূপান্তৰৰ প্ৰক্ৰিয়াত ইথানলত অক্সইজেন যোগ হয় ৷ সেইবাবে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্রিয়া ৷

2.লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰ – যিহেতু ইথাইন এবিধ অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইয়াক দহন কৰিলে ক’লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন হয় ৷ বায়ুৰ লগত দহনৰ ফলত ই সম্পূৰ্ণ দাহিত নহয় ৷ এনে শিখাৰ লোহা জোৰা দিব পৰা অতি উচ্চ উষ্ণতা সৃষ্টি নহয় ৷ অক্সিজেনৰ উপস্থিতিত ইথাইনৰ দহন ঘটালে ই সম্পূৰ্ন দহন হয় আৰু অমলীন নীলা অতি উচ্চ উষ্ণতাযুক্ত শিখা উৎপন্ন কৰে ৷ সেয়েহে লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়।

কাৰ্বন আৰু তাৰ যৌগ – প্ৰশ্নাৱলী, Page No- 74

1.পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?

উত্তৰ – এলকহল আৰু কাৰ্বক্সিলিক এছিডক পৃথকে পৃথকে দুটা পৰীক্ষানলত ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিব দিলে সিহঁতৰ মাজৰ প্ৰভেদ দেখা যাব –

প্ৰথম পৰীক্ষানল – এলকহলে ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া নকৰে ৷

দ্বিতীয় পৰীক্ষানল – কাৰ্বক্সিলিক এছিডে ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, পানী আৰু ছডিয়াম এছিটেট উৎপন্ন কৰিব ৷

CH3COOH + NaHCO3   → CH3COONa + H2O +  CO2

2. জাৰক দ্ৰৱ্য কি?

উত্তৰ – যি দ্ৰৱ্যই আন কিছুমান দ্ৰৱ্যক অক্সিজেন দিব পাৰে তেনে দ্ৰৱ্যক জাৰক দ্ৰৱ্য বোলে ৷ উদাহৰণ – ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট (KMnO4 ) বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেট (K2Cr2O7) ৷

প্ৰশ্নাৱলী, Page No- 76

1.অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে?

উত্তৰ – অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উৎপন্ন কৰে ৷ আনহাতে চাবোনে অকল কোমল পানীতহে ফেন উৎপন্ন কৰিব পাৰে ৷

2. কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহি কাপােৰখন শিল এচােত থুকুছে বা ভৰিৰে গছকে, ব্রাছ কৰে নাইবা কাপােৰ ধােৱা যন্ত্রত (Washing machine) ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

উত্তৰ – চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে ৷ এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী ৷ চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয় ৷ পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে ৷ এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কণাপুঞ্জ বোলে ৷ কাপোৰত চাবোন ঘহিঁলে কাপোৰৰ মলি মাইছেলৰ কেন্দ্ৰত জমা হয় ৷ যিহেতু মাইছেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু ইয়াক সহজে ধুই আতৰাব পাৰি সেইবাবে কাপোৰ পৰিষ্কাৰ কৰিবলৈ কাপোৰখন জোকাৰিলে তাত থকা মলি অধিক আতৰ হ’বলৈ সবিধা পায় ৷

কাৰ্বন আৰু তাৰ যৌগ  অনুশীলনী

1.ইথেন (C2H6) অণু এটাত

(a)6 টা সহযােজী বান্ধনি আছে।
(b) 7 টা সহযােজী বান্ধনি আছে।
(c) ৪ টা সহযােজী বান্ধনি আছে।
d) 9 টা সহযােজী বান্ধনি আছে।

উত্তৰ – (b) 7 টা সহযােজী বান্ধনি আছে।

2. চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল—
(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
c) কিটন
(d) এলকহল

উত্তৰ – c) কিটন

3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত। (d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।

উত্তৰ – (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

4.CH3Clৰ উদাহৰণ লৈ সহযােজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

উত্তৰ – দটা পৰমাণুৰ মাজত ইলেকট্ৰনৰ ভাগ-বতৰা হৈ সৃষ্টি হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে ৷

সহযোজী বান্ধনিৰে গঠন হোৱা এটা যৌগ হ’ল – CH3Cl ৷

CH3Cl ৰ ইলেকট্ৰনীয় বিন্দু গঠন –

CH3Cl ৰ ইলেকট্ৰনীয় বিন্দু গঠন

কাৰ্বন পৰমানুৰ বহিৰতম কক্ষত চাৰিতা ইলেকট্ৰন থাকে ৷ হাইড্ৰ’জেন পৰমাণুৰ বহিৰতম কক্ষত এটা আৰু ক্ল’ৰিনৰ বহিৰতম কক্ষত সাতটা ইলেকট্ৰন থাকে ৷

সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰন বিন্যাস লাভ কৰিবলৈ কাৰ্বনক চাৰিতা আৰু হাইড্ৰ’জেন আৰু ক্ল’ৰিনক এটাকৈ ইলেকট্ৰনৰ প্ৰয়োজন ৷

কাৰ্বনৰ চাৰিটা যোজক ইলেকট্ৰন তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিন পৰমাণুৰ যোজক ইলেকট্ৰনৰ লগত ভাগ বতৰা কৰি তিনিওটা পৰমাণুয়ে সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰন বিন্যাস লাভ কৰে ৷

এইদৰে সৃষ্টি হোৱা সহযোজী বান্ধনিৰ ফলত CH3Cl ৰ গঠন হয় ৷

5.তলত দিয়া বিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা
(a) ইথানয়িক এচিড

উত্তৰ –

ইথানয়িক এচিড

(b) H2S

উত্তৰ –

H2S

(c) প্রপান’ন

উত্তৰ –

প্রপান’ন

(d) F2

উত্তৰ –

6.সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা।

উত্তৰ – যি শ্ৰেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে ৷

উদাহৰণ স্বৰূপে -এলকেনৰ শ্রেণীত এলক’হল কাৰ্যকৰী মূলক থাকিলে সমগণীয় শ্ৰেণীটো হ’ব – CH3OH, C2H5OH, C3H7OH, C4H9OH ইত্যাদি ৷

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য লিখা।

উত্তৰ – ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

ভৌতিক পাৰ্থক্য –

ইথানল ইথানয়িক এচিড
১. ইথানল এটা জুলীয়া দ্ৰৱ্য ৷ ১. ইথানয়িক এচিডো জুলীয়া দ্ৰৱ্য কিন্তু গলনাংক 290K হোৱা বাবে ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গোট মাৰে ৷
২. ইথানলৰ সুগন্ধ নাই ৷ ২. এষ্টাৰৰ ৰূপত ইয়াৰ সুগন্ধ আছে ৷
৩. লিটমাচৰ ওপৰত কোনো প্ৰভাৱ নপৰে ৷ ৩. ইথানয়িক এচিডে নীলা লিটমাচ ৰঙা কৰে ৷

ৰাসায়নিক ধৰ্ম

ইথানল ইথানয়িক এচিড
১. ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া নকৰে ৷ ১. ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে ৷
2CH3COOH + Na2CO3  → 2CH3COONa + H2O + CO2
২.ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া নকৰে ৷ ২. . ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে ৷
2CH3COOH + Na2CO3  → 2CH3COONa + H2O + CO2
৩. ইথানলে ‘ক্ষাৰকৰ লগত বিক্ৰিয়া নকৰে ৷ ৩. ইথানয়িক এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱন আৰু পানী উৎপন্ন কৰে ৷
NaOH + CH3COOH → CH3COONa + H2O

৪. পানীত চাবােন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?

উত্তৰ – চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে ৷ এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী ৷ চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয় ৷ পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে ৷ এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কণাপুঞ্জ বোলে ৷ ইয়াত অণুবোৰৰ অনাধ্ৰুবীয় মেৰুটো তেলৰ তোপালৰ ফালে আৰু ধ্ৰুৱীয় মেৰুটো বাহিৰৰ ফালে থাকে ৷ ইয়ে পানী অবদ্ৰৱ বা ইমালচন বা ফেনৰ সৃষ্টি কৰে ৷

9. প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰ – কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ –

(i) কাৰ্বনৰ যৌগ বোৰৰ দহন ঘটালে উচ্চ তাপ লাভ কৰিব পাৰি ৷

(ii) সংপৃক্ত হাইড্ৰ’কাৰ্বনক অক্সিজেনৰ লগত দহন কৰিলে অমলিন নীলা শিখা লাভ কৰিব পাৰি ৷

(iii) কাৰ্বন আৰু তাৰ যৌগৰ কেল’ৰিফিক মান অতি উচ্চ ৷

10. কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ – কঠিন পানীত কেলছিয়াম বা মেগনেছিয়াম লৱণ থাকে ৷ কঠিন পানিত চাবোন ব্যৱহাৰ কৰিলে পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোনৰ ক্ৰিয়া হয় ৷ ইয়াৰ ফলতে কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (scum) সৃষ্টি হয় ৷

11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবােন পৰীক্ষা কৰিলে কি দেখিবা ?

উত্তৰ – চাবোনৰ প্ৰকৃতি ক্ষাৰকীয় ৷ নীলা লিটমাচ কাগজেৰে চাবােন পৰীক্ষা কৰিলে লিটমাচৰ ৰং পৰিবৰ্তন নহয় ৷ আনহাতে ৰঙা লিটমাচ কাগজেৰে চাবােন পৰীক্ষা কৰিলে লিটমাচৰ ৰং ৰঙাৰ পৰা নীলালৈ পৰিবৰ্তন হ’ব৷

12. হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।

উত্তৰ – যি প্ৰক্ৰিয়াত অনুঘতকৰ উপস্থিতিত কোনো এটা যৌগৰ লগত হাইড্ৰ’জেন যোগ হয় তেনে প্ৰক্ৰিয়াক হাইড্রজেনেচন বোলে ৷

নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয় ৷

13. তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যােগাত্মক বিক্রিয়া দেখুৱায় ?
C2H6, C3H8, C3H6, C2H2 আৰু CH4

উত্তৰ -অসংপৃক্ত হাইড্ৰ’কার্বনে যােগাত্মক বিক্রিয়া দেখুৱায় ৷ ইয়াত C3H6 আৰু C2H2 এ যােগাত্মক বিক্রিয়া দেখুৱাব ৷

14. মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ – হাইড্ৰ’জেনেচন প্ৰক্ৰিয়াৰ সহায়ত মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰি ৷

মাখনক হাইড্ৰ’জেনেচন কৰিব নোৱাৰি কাৰণ মাখনত সংপৃক্ত ফেটি এচিড থাকে ৷ আনহাতে খোৱা তেল নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিব পাৰি ৷

15. চাবােনৰ মলি আঁতৰােৱাৰ প্রক্রিয়া (cleaning action) ব্যাখ্যা কৰা।

উত্তৰ – চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে ৷ এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী ৷ চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয় ৷ পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে ৷ এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কণাপুঞ্জ বোলে ৷ ইয়াত অণুবোৰৰ অনাধ্ৰুবীয় মেৰুটো তেলৰ তোপালৰ ফালে আৰু ধ্ৰুৱীয় মেৰুটো বাহিৰৰ ফালে থাকে ৷ ইয়ে পানী অবদ্ৰৱ বা ইমালচন বা ফেনৰ সৃষ্টি কৰে ৷

যি কোনো বস্তুত চাবোন ঘহিঁলে তাত থকা মলি মাইছেলৰ কেন্দ্ৰত জমা হয় ৷ যিহেতু মাইছেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু ইয়াক সহজে ধুই আতৰাব পাৰি ৷ মাইছেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন আয়ন বিকৰ্ষনৰ বাবে অধঃক্ষিপ্ত নহয় ৷ মাইছেলত উপঙি থকা মলি সহজে পানীৰে ধুই আতৰাব পাৰি ৷

WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment