Assam Class 10 Social Science septet 4- ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

WhatsApp Channel Follow Now
Telegram Channel Join Now

Chapter Wise Assam SEBA Revision Notes and Key Points for Class 10 Social Science septet 4 was designed by expert teachers from latest edition of NCERT books to get good marks in board exams. Class 10 Notes contains ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Social Science septet 4. Here we have given NCERT Class 10 Social Science revision notes. According to new SEBA Exam Pattern, MCQ Questions For Class 10 Social Science with Answers Carries 20 Marks.

Contents hide

We hope the given SEBA Quick Revision Notes for Class 10 Social Science ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ septet 4 revision notes, drop a comment below and we will get back to you at the earliest.

অতি চমু উত্তৰৰ প্রশ্নঃ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ? 

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

উত্তৰঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল । 

২। কোম্পানিৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ বিস্তৃত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালক কোম্পানিৰ দিন বা কোম্পানি আমােল বুলি কোৱা হয় ।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ  অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৭ চনত  হৈছিল ।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ।

৫। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন আছিল ? 

উত্তৰঃ অৰুণােদয় কাকতৰ প্রথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল ।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।

৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰঃ  ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্রাস কৰা , গ্রেজিং কৰ বন্ধ কৰা আৰু পূর্ববংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা ।

৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ? 

উত্তৰঃ সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্রিলত মাহত হৈছিল ।

৯। আহােম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰঃ আহােম সভাৰ সম্পাদক পদ্মনাথ গােহাঁইবৰুৱা আছিল ।

১০। যােৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ? 

উত্তৰঃ ১৮৮৪ চনত যােৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল ।

১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্র বৰদলৈ আছিল ।

১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল ? 

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ।

১৩। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ? 

উত্তৰঃ অসমৰ প্রথম প্রধানমন্ত্রী গােপীনাথ বৰদলৈ আৰু ১৯৪৬ চনত  নির্বাচিত হৈছিল ।

১৪। অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ? 

উত্তৰঃ অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠানটো হ’ল-তিলক সোঁৱৰণীস্কুল ( গুৱাহাটী ) ।

১৫৷ কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ  কুশল কোঁৱৰক বৰপথাৰত ৰে’ল বগৰােৱাৰ অপৰাধত  ফাঁচী দিয়া হৈছিল । 

১৬। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল ।

১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ? 

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰত   নামাংকিত হয় ।

১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ।

চমু উত্তৰৰ প্ৰশ্ন :

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অসমীয়া ভাষা – সাহিত্যৰ উন্নতিৰ হকে গঠিত প্ৰথমটো সংগঠন আছিল ‘অসমীয়া লিটাৰেৰী ছচাইটী ‘ । ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণগােৱিন্দ বৰুৱাৰ নেতৃত্বত কলিকতাত অধ্যয়নৰত ছাত্ৰসকলে এই সংগঠনটো গঠন কৰিছিল । এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য সাহিত্যচর্চা আছিল যদিও ইয়াত ৰাজনৈতিক চিন্তাৰো প্রকাশ ঘটিছিল ।

এই সংগঠনটোৰ দুজন সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই অনুষ্ঠানটোৰ তৰফৰ পৰা তদানীন্তন ভাইচৰয় লর্ড নর্থব্রুক অর্পণ কৰা এক স্মাৰক-পত্ৰত অসমৰ প্রাকৃতিক সম্পদ উন্নয়নৰ লগতে অসম আৰু বংগৰ মাজত ৰে’ল সংযােগ স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল । এই অনুষ্ঠানটো ১৮৮৫ চনলৈ সক্রিয় অৱস্থাত আছিল ।

২। জোনাকী যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া । 

উত্তৰঃ কলিকতাত অধ্যয়নৰত কিছুসংখ্যক অসমীয়া ছাত্রই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী ( অঃভাঃ উঃ সাঃ ) সভা নামেৰে এক সাহিত্য অনুষ্ঠান গঠন কৰিছিল । এই সাহিত্য অনুষ্ঠানটোৱে প্ৰকাশ কৰা আলােচনীখনৰ নাম আছিল জোনাকী । এই আলােচনীখনে অসমত সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণৰ সূচনা কৰে ।

জোনাকীৰ প্রথম সম্পাদক আছিল চন্দ্র কুমাৰ আগৰৱালা। ই সফলতাৰে ভালেমান নতুন সাহিত্যিক প্রতিভাৱান লােকক উলিয়াই আনিছিল । ই ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হােৱা নাছিল বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যতে নিৱিষ্ট আছিল । হেমচন্দ্র গােস্বামী , লক্ষ্মীনাথ বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা আদি বিশিষ্ট লেখকসকলে এই আলােচনীৰ ভৱিতব্য পৰিচালনা কৰিছিল ।

এই তিনজন ব্যক্তিক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয় । অন্যান্য বিশিষ্ট লেখকসকল আছিল কনকলাল বৰুৱা , কমলাকান্ত ভট্টাচার্য অম্বিকাগিৰী ৰায়চৌধুৰী । এই আলােচনীয়ে অসমত সাংস্কৃতিক আৰু সামাজিক সচেতনতা উন্মেষ কৰিবলৈ সক্ষম হৈছিল । জোনাকী আলােচনীয়ে প্ৰভাৱ বিস্তাৰ কৰা এই সময়ছােৱাক জোনাকী যুগ বুলি অভিহিত হৈছিল ।

জোনাকী আলােচনীয়ে ব্রিটিছ শাসন কালত অসমৰ থলুৱা উদ্যোগ আৰু ব্যৱসায় – বাণিজ্যৰ অৱনতি সম্পর্কে আৰু অর্থনৈতিক  আত্মনিৰ্ভৰশীলতাৰ উজ্জীৱিতকৰণ সম্পর্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল ।

৩। আহােম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ১৮৯৩ চনত পদ্মনাথ গােহাঁইবৰুৱাই আহােম সভা গঠন কৰিছিল । ১৯১০ চনত এই সভাক সদৌ অসম আহােম এছ’চিয়েছন নাম প্রদান কৰা হয় । আহােমসভাৰ প্ৰধান ৰাজনৈতিক দাবীসমূহ আছিল হ’ল-

 ( ক ) আহােমসকলক সংখ্যালঘু সম্প্রদায় হিচাপেস্বীকৃতি প্রদান কৰা । 

( খ ) বিধানসভাত আহােমসকলৰ বাবে আসন সংৰক্ষণ কৰা ।

 ( গ ) আহােমসকলৰ বাবে পৃথক সমষ্টি । 

স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ।

উত্তৰঃ অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী , গৌৰীপুৰ , গােৱালপাৰা , তেজপুৰ , ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হৈছিল । কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গােবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন কৰিছিল ।

তেওঁলােকে অসমৰ লােকসকলক বিদেশী বস্তু বর্জন কৰিবলৈ আৰু থলুৱা সামগ্রী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল । ইয়াৰ ফলস্বৰূপে বিদেশত নির্মিত সামগ্রী বিশেষকৈ বস্ত্ৰৰ চাহিদা হ্রাস পাইছিল । স্থানীয় উদ্যোগসমূহৰ বিকাশ সাধন হােৱাৰ লগতে এড়ি , মুগা , পাট , খাদীবস্ত্র আদি প্রস্তুতকৰণৰ লগত জড়িত কুটীৰ শিল্প বিকশিত হৈছিল ।

ছাত্ৰৰ এটা গােটে সপ্তাহত দুদিনকৈ জাহাজঘাটত কুলীৰ কাম কৰি যি ধন উপার্জন কৰিছিল সেয়া স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল । ক্ষুদিৰাম বসু , উল্লাস কৰ দত্ত আৰু বাৰীন্দ্র ঘােষৰ লগত যােগাযােগ স্থাপনেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘ সেৱা সংঘ’নামৰ এটা বিপ্লৱীসংগঠন গঠন কৰিছিল ।

স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্রিটিছ চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । ইয়াৰে কেইটামান হ’ল :- 

( ক ) কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া ভাষা আৰু সাহিত্যৰ অন্তর্ভুক্তি । 

( খ ) উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে কটন কলেজক গঢ়ি তুলিবলৈ ইয়াৰ সকলোবােৰ বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ প্ৰাৰম্ভণ ।

( গ ) অসমত কুৰিদফীয়া ভূমি বন্দোৱস্তিৰ প্ৰৱৰ্তন ।

লক্ষ্যণীয় কথাটো এয়ে যে স্বদেশী আন্দোলন সুমা উপত্যকাত যথেষ্ট জনপ্রিয় আছিল । সুৰমা ভেলী এছ’চিয়েছনে এই আন্দোলনৰ নেতৃত্ব প্রদান কৰিছিল । এই অঞ্চলত হােৱা আন্দোলনৰ ফলস্বৰূপে শ্রীহট্ট , হবিগঞ্জ , শ্রীমংগল , লখাই বনিয়াচাং , কৰিমগঞ্জ , শিলচৰ আদিত জাতীয় বিদ্যালয় স্থাপিত হৈছিল ।

অসহযােগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ গান্ধীজীয়ে ভাৰতৰ সকলাে লােককে যেতিয়া অসহযােগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেতিয়া আছাম এছ’চিয়েছনে আন্দোলনত অংশগ্রহণ কৰাৰ সন্দৰ্ভত নিশ্চয়তা প্রদান কৰানাছিল । গংগাগােবিন্দ বৰুৱা , তাৰা প্রসাদ চলিহা , ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল ।

১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা অসহযােগ আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয় । ইয়াৰ ফলস্বৰূপে ১৯২১ চনৰ জুন মাহত আছাম এছ’চিয়েছন অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হয় । 

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযােগ আন্দোলনৰ গতিতীব্রতৰ হৈছিল । হাজাৰ হাজাৰ লােকে তেওঁৰ সভাত অংশগ্রহণ কৰিছিল।মহাত্মা গান্ধীৰ আহ্বান ক্রমে বহুতাে লােকে আন্দোলনত অংশগ্ৰহণৰ পদক্ষেপেৰে শিক্ষানুষ্ঠান , চৰকাৰী কার্যালয় আৰু আদালত বর্জন কৰিছিল ।  

অসহযােগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গােট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল । তেওঁলােকে ঔপনিৱেশিক শশাষণৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযােগ গ্রহণ কৰিলে ।  ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্রায় ৮০০০ হেজাৰ চাহ শ্রমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল ।

তেওঁলােকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল । অৱশ্যে , চৰকাৰে কঠোৰভাৱে এই বিক্ষোভ দমন কৰিছিল । ইয়াৰ ফলত ভালেমান শ্রমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যােগদান কৰিবলৈ বাধ্য হৈছিল ।

 অসহযােগ আন্দোলনৰ এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত গুৱাহাটী , নলবাৰী , যােৰহাট , তেজপুৰ , শিৱসাগৰ , নগাঁও , কৰিমগঞ্জ আৰু মৌলবী বজাৰকে ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত হৈছিল ।

 অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল । এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ ব্যৱহাৰ হ্রাস পাইছিল । পূর্বতে অসম ৰাজ্যত বিস্তৃতভাৱে কানিৰ ব্যৱহাৰ হৈছিল ।

কিন্তু কংগ্রেছৰ নেতৃত্বত হােৱা কানি বিৰােধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্রাস পায় । কানি বিক্ৰীৰ জৰিয়তে আয় হােৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল । 

আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ গান্ধীজীৰ লােণ সত্যাগ্রহৰ সমৰ্থনত হেমচন্দ্ৰ বৰুৱা , মহম্মদ তৈবুল্লা , বিষ্ণুৰাম মেধি , অম্বিকাগিৰী ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লােণ সত্যাগ্রহৰ সন্দৰ্ভত সহমত পােষণ কৰিছিল । গান্ধীজীৰ নেতৃত্বত হােৱা দাণ্ডি যাত্ৰাত সেই সময়ত কলিকতাৰ চি টি কলেজত অধ্যয়নৰত অসমীয়া ছাত্র লীলাধৰ বৰুৱাই অংশগ্রহণ কৰিছিল ।

অৱশ্যে , অসমৰ বহুতাে কংগ্রেছসদস্যই ৰাজ্যখনত আইন অমান্য আন্দোলন সূচনা কৰাৰ আগ্রহী নাছিল । বিষ্ণুৰাম মেধি , মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কার্যত নেতৃত্ব প্রদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল । তেওঁলােকৰ নেতৃত্বত আইন অমান্য আন্দোলন অসমত গণ আন্দোলন পৰিণত হৈছিল ।

আন্দোলনৰ বিভিন্ন দিশ সংগঠিত কৰিবলৈ ভালেমান নতুন কমিটি আৰু উপ কমিটি গঠন কৰা হৈছিল । এই সমিতিসমূহৰ প্রধান উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা , অৱদমনকাৰী আইন আৰু অধ্যাদেশৰ অৱমাননা কৰা , বিদেশী বস্তুৰ বৰ্জন কৰা আৰু ৰাজ্যখনত কানিবিৰােধী আৰু সুৰাবিৰােধী অভিযান তীব্রতৰ কৰা ।

অৱশ্যে দুটা ঘটনাই তেওঁলােকক জাতীয় আন্দোলনত অংশগ্রহণ কৰিবলৈ উৎসাহিত কৰে । তাৰে এটা আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা পণ্ডিত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ গ্ৰেপ্তাৰ । তেওঁলােকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহৎসংখ্যক ছাত্রই প্রবািদ সাব্যস্ত কৰিছিল ।

তেওঁলােকক বিধ্বিহির্ভূতভাৱে গ্রেপ্তাৰ কৰাৰ বিৰুদ্ধে হাজাৰ হাজাৰ ছাত্ৰই শ্রেণীবর্জন কৰিছিল । ১৯৩০ চনৰ জুলাই আৰুআগষ্ট মাহত ১৫,১৮৬ জন ছাত্ৰৰ ভিতৰত ৩,১১৭ জনেনিজ শিক্ষানুষ্ঠান এৰিছিল । পৰৱৰ্তী পৰ্যায়ত কানিৰ দোকানসমূহ বন্ধকৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছিল।বৃহৎসংখ্যক কৃষকে এই আন্দোলনত যােগদান কৰিছিল ।

তেওঁলােকে ভূমিৰাজহ ৫০ শতাংশ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল । চাপাপুৰ আৰু বিজনীত বন আইননা উলংঘা কৰা হৈছিল । ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলক অনুসৰণ কৰি সুৰমা উপত্যকাৰ ছাত্ৰসকলেও আন্দোলনত অংশগ্রহণ কৰিছিল ৷ এই আটাইবােৰ পদক্ষেপে আইন অমান্য আন্দোলনক অসমত সফল কৰি তুলিছিল ।

 অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা ।

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল । এই আন্দোলনৰ সময়ছােৱাতে মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল । জাতীয় আন্দোলনৰ অনুৰণন অসমতাে হৈছিল । 

ভাৰতৰ অন্যান্য অংশৰ দৰে অসমৰ কংগ্ৰেছ নেতাসকলেও ৰাজ্যখনত ভাৰত ত্যাগ আন্দোলন সংগঠিত কৰিছিল । অৱশ্যে অতি সােনকালে অধিকাংশ নেতাক গ্রেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপকৰা হয় ।

অসম প্রদেশ কংগ্ৰেছকমিটি , সকলাে জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ বুলি ঘােষণা হয়।বৃহৎ জনসমাৱেশ , হতাল , প্রতিবাদী শােভাযাত্রা আদিৰ ৰূপত চৰকাৰ বিৰােধী যিকোনাে বিক্ষোভ প্রদর্শনৰ পদক্ষেপ নিষিদ্ধ কৰা হয় । 

অৱশ্যে , কিছুসময় অতিবাহিত হােৱাৰ পাছত আন্দোলনটো সামান্যভাৱে উগ্র হয় । জনসাধাৰণে চৰকাৰী ভৱন ধ্বংসাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ সৰহৰ বাট – পথসমূহৰ ক্ষতি সাধন কৰিছিল । এনে উগ্র বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত সংঘটিত হৈছিল ।

ৰে’ল বগৰােৱাৰ ঘটনা সংঘটিত হােৱা ঠাইসমূহ আছিল হাবিগঞ্জৰ চাহাবী বজাৰ , গােলাঘাটৰ বৰপথাৰ , কামৰূপৰ পাণবাৰী আৰু ৰঙিয়া আৰু শিৱসাগৰ জিলাৰ চাফ্রাই । 

চৰকাৰে এই বিদ্রোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল । শ শ মানুহক গ্রেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয় । বৰপথাৰত বে’লবগৰােৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হয় । তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত মৃত্যুদণ্ডৰে দণ্ডিত হােৱা একমাত্র ভাৰতীয় । 

অসমৰ কেইবা ঠাইতাে পুলিচৰ দ্বাৰা গুলীচালনাৰ ঘটনা সংঘটিত হয় । এনে এক গুলীচালনাৰ ঘটনাত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে মৃত্যুবৰণ কৰে । আন্দোলনৰ প্ৰধান নেতাসকল কাৰাগাৰত থকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ আত্মগােপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল ।

শংকৰ চন্দ্ৰ বৰুৱা , মহেন্দ্র নাথ হাজৰিকা , জ্যোতিপ্ৰসাদ আগৰৱালা , গহন চন্দ্র গােস্বামী , লক্ষ্মীপ্রসাদ গােস্বামী , ব্রজনাথ শৰ্মা আদিয়ে আত্মগােপনকাৰী সংগঠনৰ নেতৃত্ব বহনেৰে এই আন্দোলনৰ সময়ছােৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । কেৱল বজালী অঞ্চলতে ৩২ টা গােপন স্বেচ্ছাসেৱী কেন্দ্র স্থাপন কৰা হৈছিল ।

কামৰূপ , নগাঁও , দৰং আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অংশতে এনেকুৱা ভালেমান সংগঠন প্রতিষ্ঠা কৰা হৈছিল । এই আন্দোলনৰ এটা লক্ষ্যণীয় দিশ এয়ে যে এই আন্দোলনৰ সময়ছােৱাত গাঁওবাসী যথেষ্ট সক্রিয় হৈ পৰিছিল । বহুতাে গাঁৱত সংগঠিত হােৱা সমান্তৰাল চৰকাৰে প্ৰশাসনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল ।

বজালী , হাতীচোং , ঢকুৱাখানা , ৰহা , জামুগুৰি আৰু বাঁহজানিত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল । বহুতাে গাঁৱত ৰাজহ বিবােধী পদক্ষেপ তীব্র হৈছিল । অন্যাৰ্থত ব্রিটিছৰ বিৰুদ্ধে বিস্তৃতভাৱে চেতনাৰ উন্মেষণ হৈছিল । এইক্ষেত্ৰত সন্দেহ নাই যে যদিও ভাৰত ত্যাগ আন্দোলন কঠোৰভাৱেদ মন কৰা হৈছিল ।

বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।

উত্তৰঃ বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহ হৈছেঃ-

( ক ) অসম কৃষি বিশ্ববিদ্যালয় :- ১৯৪৮ চনত যােৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন হয় আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় স্থাপন হয় । ১৯৬৯ চনত এই দুয়ােখন মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় নামৰ এখন বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্ত হয় ।

যদিও এই বিশ্ববিদ্যালয়খন বৰদলৈ মন্ত্রীসভাৰ কার্যকালত প্রতিষ্ঠা কৰা হােৱা নাছিল তথাপি এনে বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ প্ৰাৰম্ভিক পদক্ষেপ বৰদলৈ মন্ত্রীসভাৰ সময়ছােৱাতে গ্ৰহণ কৰা হৈছিল ।

 ( খ ) গুৱাহাটী বিশ্ববিদ্যালয় :- ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এই বিশ্ববিদ্যালয়খন উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় ।১৯১৭ চনত ছেডলাৰ আয়ােগে অসমত বিশ্ববিদ্যালয় স্থাপনৰ সন্দৰ্ভত পােন প্রথমে অভিমত প্ৰকাশ কৰিছিল ।

অসমত বিশ্ববিদ্যালয় স্থাপন কৰাটো আছাম এছ’চিয়েছনৰ এক অন্যতম গুৰুত্বপূর্ণ দাবী আছিল । ফলস্বৰূপে অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় আইন ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত এইখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় ।

ইয়াৰ আনুষ্ঠানিক প্রতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু  আঠটা স্নাতকোত্তৰ বিভাগ আছিল । ১৯৫৫-৫৬ চনত বিশ্ববিদ্যালয়খন গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ইয়াৰ পূর্বৰ স্থানৰ পৰা বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হয় ।

( গ ) অসম চিকিৎসা মহাবিদ্যালয় :-  ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চার্জন ডাঃ জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হােৱা বেৰী হােৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রতিষ্ঠা হয় ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰা এখন চিকিৎসালয়ৰ চৌহদলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হয় ।

এই নতুন চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হয় । অসমৰ সাধাৰণ জনগণক স্বাস্থ্যসেৱা প্ৰদানৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ১৯৪৭ চনৰ ৩ নৱেম্বৰত ইয়াক আনুষ্ঠানিকভাৱে প্রতিষ্ঠা কৰা হয় ।

WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment