SEBA Class 10- Carbon and its compounds, (কাৰ্বন আৰু তাৰ যৌগ)

WhatsApp Channel Follow Now
Telegram Channel Join Now

Class 10- Carbon and its compounds, (কাৰ্বন আৰু তাৰ যৌগ)

১। পৃথিৱীৰ খোলাটোৰ কিমান শতাংশ কাৰ্বন আছে?

উত্তরঃ পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে, যেনে- কাৰ্বনেট, হাইড্র’জেন কাৰ্বনেট, কয়লা, পেট্র’লিয়াম আদি ০.০২ শতাংশ কাৰ্বন আছে ।

২। আমাৰ বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে ?

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

উত্তরঃ আমাৰ বায়ুমণ্ডলত ০.০৩ শতাংশ কাৰ্বন ডাই অক্সাইড আছে ।

৩। আয়নীয় যৌগবোৰৰ গলনাংক আরু উতলাংকৰ প্রকৃতি কি? এই যৌগবোৰে কেনে অৱস্থাত বিদ্যুৎ পৰিবহন কৰে?

উত্তরঃ  আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আরু উতলাংকৰ বিশিষ্ট । এই যৌগবোৰে গলিত বা দ্রবীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ।

৪। আয়নীয় যৌগৰ ধৰ্মবোৰ কি প্রকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ?

উত্তরঃ আয়নীয় যৌগৰ ধৰ্মবোৰ ইলেক্ট্র’যোজী বা আয়নীয় বান্ধনিৰ প্রকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ।

৫। বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ সুপৰিবাহী নে কুপৰিবাহী ?

উত্তরঃ বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ কুপৰিবাহী ।

৬। কিয় কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ?

উত্তরঃ কাৰ্বন যৌগবোৰ মুখ্যতঃ বিদ্যুৎৰ কুপৰিবাহী, সেয়েহে কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ।

৭। মৌলবোৰৰ যোজন ক্ষমতাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তরঃ মৌলবোৰৰ যোজন ক্ষমতা যোজক ইলেক্ট্রনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে ।

৮। কাৰ্বনৰ পৰমাণু ক্রমাংক কিমান?

উত্তরঃ কাৰ্বনৰ পৰমাণু ক্রমাংক ৬ ।

৯। কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেকট্রন থাকে ?

উত্তরঃ কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত চাৰিটা ইলেকট্রন থাকে ।

১০। কোনো মৌলৰ সক্রিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তরঃ কোনো মৌলৰ সক্রিয়তা সিহঁতৰ বহিঃকক্ষৰ ইলেক্ট্রনসজ্জা সম্পূৰ্ণ কৰাৰ প্রৱনতাৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ সিহঁতে সম্ভ্রান্ত গেছৰ ইলেকট্রনীয় বিন্যাস পাবলৈ বিচাৰে ।

১১। সম্ভ্রান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক কেইটা ইলেকট্রন গ্রহণ বা ত্যাগ কৰিব লাগিব?

উত্তরঃ সম্ভ্রান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক চাৰিটা ইলেকট্রন গ্রহণ বা ত্যাগ কৰিব লাগিব ।

১২। কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ চৰ্ত দুটা লিখা ।

উত্তরঃ কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰিলেহেতেন-

(ক) চাৰিটা ইলেক্ট্রন গ্রহণ কৰি C4- এনায়ন গঠন কৰিব লাগিব । কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা ছয়টা প্র’টনে দহটা ইলেক্ট্রন ধৰি ৰখাটো সম্ভৱ নহয় ।

(খ) দ্বিতীয়তে, চাৰিটা ইলেকট্রন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব লাগিব । চাৰিটা ইলেক্টন আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্রয়োজন হব । আনহাতে, কাৰ্বন পৰমাণুৰ পৰমাণুগৰ্ভত ছয়টা প্র’টন থকাৰ বিপৰীতে মাত্র দুটাহে ইলেক্ট্রন থাকিব ।

১৩। কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ সমস্যা কেনেদৰে সমাধান কৰে?

উত্তরঃ কাৰ্বন পৰমাণুৱে তাৰ চাৰিওটা যোজক ইলেক্ট্রন আন কাৰ্বন পৰমাণু বা আন মৌলৰ পৰমাণুৰ লগত ভাগ-বতৰা কৰি অণু গঠন কৰি কাৰ্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাৰ সমস্যা সমাধান কৰে ।

১৪। ইলেক্ট্রন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু কি?

উত্তরঃ ইলেক্ট্রন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু হ’ল- হাইড্র’জেন ।

১৫। হাইড্র’জেন পৰমাণুৰ ক্রমাংক কিমান ?

উত্তরঃ হাইড্র’জেন পৰমাণুৰ ক্রমাংক হ’ল- এক ।

১৬। হাইড্র’জেন অণু গঠন কৰিবলৈ কেইটা পৰমাণুৰ দৰকাৰ ?

উত্তরঃ হাইড্র’জেন অণু গঠন কৰিবলৈ দুটা পৰমাণুৰ দৰকাৰ । দুটা হাইড্র’জেন পৰমাণুৱে ইলেকট্রন ভাগ-বতৰা কৰি হাইড্র’জেন অণু (H2) গঠন কৰে ।

১৭। হাইড্র’জেন পৰমাণুৰ নিকটতম সম্ভ্রান্ত গেছ কি ?

উত্তরঃ হাইড্র’জেন পৰমাণুৰ নিকটতম সম্ভ্রান্ত গেছ হ’ল- হিলিয়াম ।

১৮। হাইড্র’জেন পৰমাণুৰ মাজত কেই বান্ধনি গঠন হয় ?

উত্তরঃ ভাগ বতৰা কৰা ইলেক্টন দুটাই হাইড্র’জেন পৰমাণুৰ মাজত এক বান্ধনিৰ গঠন কৰে ।

১৯। ক্ল’ৰিনৰ পৰমাণু ক্রমাংক কিমান?

উত্তরঃ ক্ল’ৰিনৰ পৰমাণু ক্রমাংক 17

২০। অক্সিজেনৰ ক্ষেত্রত কেইবান্ধনিৰ সৃষ্টি হয়?

উত্তরঃ অক্সিজেনৰ ক্ষেত্রত দুটা অক্সিজেন পৰমাণুৰ মাজত দ্বি বান্ধনি দেখা যায় । কাৰণ, অক্সিজেন পৰমাণুৰ L কক্ষত ছয়টা ইলেক্ট্রন থাকে আরু অষ্টক সম্পূৰ্ণ কৰিবলৈ ইয়াক দুটা ইলেক্ট্রনৰ প্রয়োজন ।

২১। নাইট্র’জেন পৰমাণুৰ ক্রমাংক কিমান? নাইট্র’জনে কেই বান্ধনিৰ সৃষ্টি কৰে?

উত্তরঃ নাইট্র’জেন পৰমাণুৰ ক্রমাংক 7 । যোজ্যতা কক্ষত অষ্টক লাভ কৰিবলৈ গৈ দুটা নাইট্র’জেন পৰমাণুৰ মাজত তিনি যোৰ ভাগ বতৰা কৰা ইলেক্টনৰ দ্বাৰা নাইট্র’জেন অণু গঠন হয় । এইদৰে নাইট্র’জনে দুটা পৰমাণুৰ মাজত ত্রিবান্ধনি গঠন কৰে ।  

২২। এম’নিয়াৰ আনৱিক সংকেত কি?

উত্তরঃ এম’নিয়াৰ আনৱিক সংকেত NH3



২৩। কাৰ্বনে গঠন কৰা সৰলতম যৌগ কি ?

উত্তরঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন ।

২৪। মিথেনৰ সংকেত কি ? মিথেনৰ দুটা কাম উল্লেখ কৰা ।

উত্তরঃ

মিথেনৰ সংকেত হ’ল- CH4

মিথেনৰ প্রধান দুটা কাম হ’লঃ

(ক) মিথেন বহুলভাৱে ইন্ধন হিচাপে ব্যৱহাৰ হয় ।

(খ) মিথেন জৈৱ গেছ আরু চাপ সংকুচিত প্রাকৃতিক গেছৰ একোটা উপদান হিচাপে ব্যৱহৃত হয় ।

২৫। মিথেন যৌগটো কেনেদৰে গঠন হয়?

উত্তরঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH4   । হাইড্র’জেনৰ যোজ্যতা এক আরু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্রান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্রন চাৰিটা হাইড্র’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে ।

২৬। কিয় কাৰ্বনক চতুৰ্সসহযোজী (Tetracovalent) বোলা হয় ?

উত্তরঃ কাৰ্বন যোজ্যতা কক্ষত চাৰিটা ইলেক্ট্রন আছে । সেয়ে কাৰ্বন চতুৰ্সসহযোজী (Tetracovalent) বোলা হয় ।

২৭। সহযোজী বান্ধনি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।

উত্তরঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বোলা হয় । উদাহৰণস্বরূপে- মিথেন যৌগক ল’ব পাৰো ।  

    কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH4   । হাইড্র’জেনৰ যোজ্যতা এক আরু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্রান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্রন চাৰিটা হাইড্র’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে । সেয়ে মিথেন সহযোজী বান্ধনিৰ মাধ্যমেৰে গঠন হয় ।  

২৮। কিয় সহযোজী বান্ধনিবোৰৰ গলনাংক আরু উতলাংক নিম্ন ?

উত্তরঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ সহযোজী বান্ধনিবোৰ সৃষ্টি হয় । সহযোজী অণুৰ বান্ধনিবিলাক দৃঢ় কিন্তু অণুবিলাকৰ মাজত আন্তঃআণৱিক বল কম । সেয়েহে সহযোজী বান্ধনিবোৰৰ গলনাংক আরু উতলাংক নিম্ন ।

২৯। কিয় সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ?

উত্তরঃ সহযোজী যৌগ বা বান্ধনিবোৰৰ মাজত ইলেক্ট্রনৰ ভাগ-বতৰাহে হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয় । সেয়েহে সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ।    

 

৩০। হীরার গঠন উল্লেখ করা ।

উত্তরঃ হীরা গঠন কাৰ্বন পরমাণুর দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুরূপতা । বিশুদ্ধ কাৰ্বনৰ ওপরত উচ্চ চাপ আরু তাপ প্রয়োগ করি হীরা প্রস্তুত করা হয় । হীরার গঠন প্রক্রিয়াত প্রতিটো কাৰ্বন পরমাণুৱে আন চারিটা কাৰ্বন পরমাণুর সৈতে বান্ধনি গঠন করে আরু দৃঢ় ত্রিমাত্রিক গঠন (Rigid Three dimensional structure) র সৃষ্টি করে ।  

৩১। গ্রেফাইটর গঠন উল্লেখ করা ।

উত্তরঃ গ্রেফাইটর গঠন কাৰ্বন পরমাণুর দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুরূপতা । গ্রেফাইটর গঠন প্রক্রিয়াত প্রতিটো কাৰ্বন পরমাণুৱে আন তিনিটা কাৰ্বন পরমাণুর সৈতে একে সমতলতে বান্ধনি গঠন করে আরু ষড়ভূজী সজ্জা (Hexagonal Array) র উৎপন্ন করে । গ্রেফাইটর গঠন প্রক্রিয়াত ষড়ভূজী সজ্জাবোর প্রতিটো তরপত প্রথিত হয় আরু এক দ্বিবান্ধনির জরিয়তে কাৰ্বনৰ যোজ্যতা পূরণ করে ।

৩২। হীরা আরু গ্রেফাইটর মাজত থকা তিনিটা পাৰ্থক্য লিখা ।

উত্তরঃ হীরা আরু গ্রেফাইটর মাজত থকা তিনিটা পাৰ্থক্য হ’ল-

(ক) হীরা আরু গ্রেফাইটর গঠনর পাৰ্থক্যর কারণে দুয়ুটারে ভৌতিক ধৰ্ম বেলেগ বেলেগ ।

(খ) হীরা আটাইতকৈ কঠিন পদাৰ্থ আনহাতে গ্রেফাইট অতি নিমজ আরু পিছল হোৱা পরিলক্ষিত হয় ।

(গ) হীরা বিদ্যুৎৰ কুপরিবাহী আনহাতে গ্রেফাইট বিদ্যুতৰ সুপরিবাহী ।

৩৩। ফুলেরিন কি? প্রথমে চিনাক্ত করা ফুলেরিন কি? ইয়ার গঠনক কিয় ফুলেরিন নাম রখা হৈছে ?

অথবাঃ ফুলেরিন নামাকরণ কেনেদরে করা হৈছে ?

উত্তরঃ ফুলেরিন হৈছে- কাৰ্বনৰ বহুরূপতার এক শ্রেণী । প্রথমে চিনাক্ত করা ফুলেরিন হ’ল- C-60 । ইয়ার গঠনক ফুলেরিন নাম রখা হৈছে কারণ আমেরিকান স্থাপত্যবিদ বাকমিনষ্টার ফুলারে (Buckminster Fuller) তৈয়ার করা গম্বুজ আকৃতির (Geodesic Dome) সৈতে প্রায় একে ।   

৩৪। আজিলৈকে আৱিষ্কৃত পদাৰ্থবোরর ভিতরত আটাইতকৈ কঠিন পদাৰ্থ কি?

উত্তরঃ আজিলৈকে আৱিষ্কৃত পদাৰ্থবোরর ভিতরত আটাইতকৈ কঠিন পদাৰ্থ হ’ল- হীরা ।

৩৫। গ্রেফাইট বিদ্যুৎর সুপরিবাহী নে কুপরিবাহী ?

উত্তরঃ গ্রেফাইট বিদ্যুৎর সুপরিবাহী ।

৩৬। সাধারণতে অধাতুবোর বিদ্যুৎর সুপরিবাহী নে কুপরিবাহী ?

উত্তরঃ সাধারণতে অধাতুবোর বিদ্যুৎর কুপরিবাহী ।

৩৭। প্রকৃতপক্ষে প্রায় সকলোবোর বস্তু ____ যৌগর দ্বারা সৃষ্ট ।

উত্তরঃ প্রকৃতপক্ষে প্রায় সকলোবোর বস্তু কাৰ্বন যৌগর দ্বারা সৃষ্ট ।  

৩৮। রসায়ন বিজ্ঞানীসকলর মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগর সংখ্যা কিমান ?

উত্তরঃ রসায়ন বিজ্ঞানীসকলর মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগর সংখ্যা হ’ল- প্রায় তিনি নিযুত ।

৩৯। কিয় বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোর মৌলরে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য ?

উত্তরঃ বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোর মৌলরে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য । কারণ, সহযোজী বান্ধনির ধৰ্মৰ কারণে কাৰ্বন মৌলই অগণন যৌগ গঠন করিব পারে ।

৪০। কাৰ্বনৰ দুটা প্রধান ধৰ্ম লিখা ।

অথবাঃ কাৰ্বনৰ বিশেষ গুণ দুটা কি কি?

উত্তরঃ কাৰ্বনৰ দুটা প্রধান ধৰ্ম হ’ল-

(ক) কাৰ্বনে নিজর মাজতে বান্ধনির সৃষ্টি করি বৃহৎ সংখ্যক অণু গঠন করিব পারে যাক ‘কেটিনেচন (Catenation) ধৰ্ম’ বোলা হয় ।

(খ) সাধারণতে কাৰ্বনৰ যোজ্যতা চারি, সেয়েহে কাৰ্বনে বেলেগ চারিটা কাৰ্বন অথবা অন্য একযোজী মৌলর পরমাণুর সৈতে সহযোজী বান্ধনি গঠন করিব পারে, যাক ‘কাৰ্বনৰ সহযোজী বান্ধনির ধৰ্ম’ বা ‘চৰ্তুসহযোজ্যতা’ বোলা হয় ।   

৪১। কাৰ্বনৰ কোনটো দুটা ধৰ্ম আছে যিটো প্রায় আন কোনো মৌলর তাত নাই?

উত্তরঃ ‘কাৰ্বনৰ সহযোজী বান্ধনির ধৰ্ম’ আরু কেটিনেচন ধৰ্ম আছে যিটো প্রান আন কোনো মৌলর তাত নাই । 

৪২। কেটিনেচন বুলিলে কি বুজা ?

উত্তরঃ কাৰ্বনে নিজর মাজতে বান্ধনির সৃষ্টি করি বৃহৎ সংখ্যক অণু গঠন করিব পারে । ইয়াকে কেটিনেচন (Catenation) ধৰ্ম বোলা হয় ।   

৪৩। সংপৃক্ত যৌগ আরু অসংপৃক্ত যৌগ কাক বোলে ?

অথবাঃ সংপৃক্ত যৌগ আরু অসংপৃক্ত যৌগর মাজত পাৰ্থক্য লিখা ।

উত্তরঃ কাৰ্বন পরমাণুবোরে এক বান্ধনির জরিয়তে সংযুক্ত হৈ উৎপন্ন করা যৌগসমূহক সংপৃক্ত যৌগ (Saturated Compound) বোলে ।

আনহাতে, কাৰ্বন পরমাণুবোরে দ্বিবান্ধনি বা ত্রিবান্ধনির জরিয়তে সংযুক্ত হৈ উৎপন্ন করা যৌগসমূহক অসংপৃক্ত যৌগ (Unsaturated Compound) বোলে ।

৪৪। কিহর ফলস্বরূপে কাৰ্বন পরমাণুবোরে ইটো সিটোর লগ লাগি অগণন যৌগ গঠন করে ?

উত্তরঃ কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনি যাক ‘C-C’ বান্ধনি বোলা হয় । এই ‘C-C’ বান্ধনি অতি দৃঢ় আরু সুস্থির । ইয়ার ফলস্বরূপে কাৰ্বন পরমাণুবোরে ইটো সিটোর লগ লাগি অগণন যৌগ গঠন করে ।   

৪৪। কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনির নাম কি?

উত্তরঃ কাৰ্বন পরমাণুর মাজত সৃষ্টি হোৱা বান্ধনির নাম হ’ল- ‘C-C’ বান্ধনি ।

৪৫। বিষম পরমাণু (Heteroatom) কাক বোলে ?

উত্তরঃ হাইড্র’জেন, ছালফার, অক্সিজেন, ক্ল’রিন, নাইট্র’জেন আদি মৌলর সৈতে কাৰ্বন লগ হৈ বহুতো যৌগ গঠন করে, যার ধৰ্ম বিশেষকৈ এই অনাকাৰ্বন মৌলটোর ওপরত নিৰ্ভৰ করে । ইয়াকে যৌগটোর বিষম পরমাণু (Heteroatom) বোলা হয় ।  

৪৬। কাৰ্বনে দৃঢ় বান্ধনি গঠন করার এটা কারণ লিখা । সাধারণতে, ডাঙৰ মৌলবোরে গঠন করা বান্ধনি কেনে প্রকৃতির হয় ?

উত্তরঃ কাৰ্বনে দৃঢ় বান্ধনি গঠন করার এটা কারণ হ’ল- ইয়ার ক্ষুদ্র আকার । ইয়ার ফলতে, পরমাণুগৰ্ভত মজুত থকা প্র’টনবোরে ভাগ বতরা করা ইলেক্ট্রনযোর আকৰ্ষণ করি রাখিবলৈ সক্ষম হয় । সাধারণতে, ডাঙৰ মৌলবোরে গঠন করা বান্ধনি দুৰ্বল হোৱা পরিলক্ষিত হয় ।     

৪৭। কাৰ্বনৰ কোন দুটা বিশেষ গুণর বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন করিব পারে ?

উত্তরঃ কাৰ্বনৰ ‘চৰ্তুসহযোজ্যতা’ আরু ‘কেটিনেচন’, এই দুটা বিশেষ গুণর বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন করিব পারে ।

৪৮। কাৰ্বনৰ জৈৱ যৌগ বুলিলে কি বুজা ? কোনে কেতিয়া কাৰ্বন ‘প্রাণশক্তির অপরিহাৰ্য নহয়’ বুলি প্রমাণ করিছিল ?                                              

উত্তরঃ কাৰ্বনৰ যৌগবোর আরম্ভণিতে প্রাকৃতিক উৎসর পরা সংগ্রহ করা হৈছিল বুলি ভবা হৈছিল । লগতে, কাৰ্বনর যৌগবোর বা জৈৱ যৌগবর মাত্র জীৱিত পদাৰ্থৰ পরাহে পোৱা যায় বুলি অনুমান করা হৈছিল । অৰ্থাৎ কাৰ্বনৰ যৌগবোরর উৎপত্তির কারণে ‘প্রাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা হৈছিল । ইয়াকে কাৰ্বনৰ জৈৱ যৌগ বুলি কোৱা হয় । 

    1828 চনত ফ্রেড্রিক ইউলারে (Friedrich Wohler) এম’নিয়াম চায়ানেটর পরা ইউরিয়া পৰীক্ষাগারত প্রস্তুত করি কাৰ্বনৰ যৌগবোরর উৎপত্তির কারণে ‘প্রাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা ধারণাটো ভুল বুলি প্রমাণ করিছিল ।

৪৯। ইথেন কোন দুটা যৌগ মিলিত হৈ গঠিত হৈছে ?

উত্তরঃ ইথেন কাৰ্বন আরু হাইড্র’জেন, এই দুটা যৌগ মিলিত হৈ গঠিত হৈছে ।  

৫০। ইথেনর গঠন সম্পৰ্কে লিখা ।

উত্তরঃ ইথেনর (C2H6) গঠনত কাৰ্বন পরমাণুবোরে একবান্ধনিরে সংযোগ হয় । তার পিছত, হাইড্র’জেন পরমাণুবোর ব্যৱহারর জরিয়তে কাৰ্বনৰ বাকী হৈ থকা যোজ্যতাসমূহ পূর করা হয় । প্রথম অৱস্থাত ইথেনর গঠনত, প্রতিটো কাৰ্বনৰ তিনিটাকৈ যোজ্যতা পূৰ্ণ নোহোৱাকৈ রয় । সেয়েহে, প্রত্যেকর সৈতা পাছর পৰ্যায়ত তিনিটাকৈ হাইড্র’জেন বান্ধনি যুক্ত হৈ ইথেনর গঠন হয় ।  

পদক্ষেপ-১

C-C ,     

 পদক্ষেপ-2:

       H      H

        І       І

H –  C  –   C   – H

        І       І

       H      H

ইথেন- C2H6

৫১। প্র’পেনর আণৱিক সংকেত কি?

উত্তরঃ প্র’পেনর আণৱিক সংকেত- C3H      

৫২। ইথিনর আণৱিক সংকেত কি?

উত্তরঃ ইথিনর আণৱিক সংকেত হ’ল- C2H4

৫৩। C2H2 র রাসায়নিক নাম কি?

উত্তরঃ C2H2 র রাসায়নিক নাম- ইথাইন (Ethyne) ।

৫৪। সংপৃক্ত/অসংপৃক্ত যৌগ বহুপরিমাণে সক্রিয় । শুদ্ধটো বাছনি করা ।

উত্তরঃ অসংপৃক্ত যৌগ বহুপরিমাণে সক্রিয় ।

৫৭। গঠন সমযোজী যৌগ (Structural Isomers) কাক বোলে ?

উত্তরঃ যিবোর যৌগর আণৱিক সংকেট একে কিন্তু গঠন সংকেত বেলেগ বেলেগ । সেইবোর যৌগক গঠন সমযোজী যৌগ (Structural Isomers) বোলে ।

৫৮। এক বলয়ী কাৰ্বন পরমাণুর উদাহরণ, সংকেত আরু গঠন চিত্র অংকন করা ।

উত্তরঃ এক বলয়ী কাৰ্বন পরমাণু হ’ল-চাইক্ল’হেক্সেন, যার সংকেত হ’ল- C6H12   

৬০। হাইড্র’কাৰ্বন কাক বোলে ? এলকেন, এলকিন আরু এলকাইন বুলিলে কি বুজা ?

উত্তরঃ যিবোর কাৰ্বনৰ যৌগত কেৱল মাত্র কাৰ্বন আরু হাইড্র’জেন থাকে । তাকে হাইড্র’কাৰ্বন বোলে । ইহঁতর মাজেরে সংপৃক্ত হাইড্র’কাৰ্বনক এলকেন (Alkane) বোলে । এডাল বা ততোধিক দ্বিবান্ধনি থকা অসংপৃক্ত যৌগক এলকিন (Alkene) বোলা হয় । লগতে, ত্রিবান্ধনিযুক্ত যৌগক এলকাইন (Alkyne) বোলে ।   

৬১। বিষম পরমাণু বুলিলে কি বুজা ? উদাহরণ দিয়া ।

উত্তরঃ নাইট্র’জেন, ছালফার, হেল’জেন আদি এনে কিছুমান মৌল আছে যিবোরর সহায়ত একেডাল হাইড্র’কাৰ্বন শৃংখলত এক বা ততোধিক হাইড্র’জেন পরমাণু প্রতিস্থাপিত করিব পরা যায় । এনে করার পাছতো কাৰ্বনর যোজ্যতা স্থিরে অৰ্থাৎ চারি হৈয়েই থকা পরিলক্ষিত হয় । এনেবোর যৌগত হাইড্র’জেনর সলনি প্রতিস্থাপিত করা মৌলটোক বিষম পরমাণু (Heteroatom) বোলে । উদাহরণ- ক্ল’রিণ (Cl), ব্র’মিণ (Br), অক্সিজেন (O) আদি ।

৬২। কাৰ্যকরী মূলক কাক বোলে ? ইহঁতর কাম কি? চারিটা কাৰ্যকরী মূলকর উদাহরণ দিয়া ।

উত্তরঃ বিষম পরমাণুবোর অকলশরীয়াকৈ নাইবা একো একোটা থূপ বা মূলকর উপস্থিতিয়ে যৌগবোরর ধৰ্ম নিৰ্ণয় করে । এই ধৰ্মবোর কাৰ্বন শৃংখলর দৈৰ্ঘ্য বা প্রকৃতির ওপরত বিশেষকৈ নিৰ্ভৰশীল নহয় । সেইকারণে, এই মৌলবোরক কাৰ্যকরী মূলক (Functional Group) বোলে ।

    কাৰ্যকরী মূলকবোরর মুক্ত যোজ্যতা সমূহ (Free Valencies) একেডাল রেখার জরিয়তে প্রকাশ করা হয় । কাৰ্বন শৃংখল সমূহত হাইড্র’জেন পরমাণু বা হাইড্র’জেন পরমাণু সমূহর ঠাইত এই কাৰ্যকরীমূলক সমূহক প্রতিষ্ঠাপন করা হয় ।

    কেইটামান কাৰ্যকরীমূলকর উদাহরণ হ’ল- কাৰ্বক্সিলিক এছিড, এলডিহাইড, এলক’হল, কিট’ন আদি ।

৬৩। সমগণীয় শ্রেণী কাক বোলে? উদাহরণ দিয়া ।

উত্তরঃ যি শ্রেণীর যৌগত একে কাৰ্যকরীমূলক উপস্থিত থাকে । সেই শ্রেণীটোক সমগণীয় শ্রেণী বোলে । উদাহরণস্বরূপে- মিথেন(CH4), ইথেন(C2H6), প্র’পেন(C3H8), বিউটেন(C4H10), পেন্টেন(C5H12) আরু হেক্সেন(C6H14), এই শ্রেণীটো এক সমগণীয় শ্রেণী ।

৬৪। চারিবিধ সদৃশ রাসায়নিক ধৰ্ম যৌগৰ উদাহরণ দিয়া ।

উত্তরঃ চারিবিধ সদৃশ রাসায়নিক ধৰ্ম যৌগৰ উদাহরণ হ’ল- CH3OH, C2H5OH, C3H7OH,  আরু C4H9OH  

৬৫। মিথেন (CH4) আরু ইথেনর (C2H6) মূলকর পাৰ্থক্য কিমান ?

উত্তরঃ মিথেন (CH4) আরু ইথেনর (C2H6) মূলকর পাৰ্থক্য  হ’ল- -CH2

৬৬। কাৰ্বন আরু হাইড্র’জেনর আণৱিক ভর কিমান ?

উত্তরঃ কাৰ্বনর আণৱিক ভর হ’ল- 12u আরু হাইড্র’জেনর আণৱিক ভর হ’ল- 1u

৬৭।এলকিন সমগণীয় শ্রেণীর প্রথম যৌগটোর নাম কি? ইয়ার আণৱিক সংকেত কি? ইয়ার পশ্চাদ্বৰ্ত্তী (Succeding) সমগণবোরর সংকেতবোর লিখা । ইহঁতর মাজর মূলকর পাৰ্থক্য কিমান ? এলকিন সাধারণ সংকেতটো কি?

উত্তরঃ এলকিন সমগণীয় শ্রেণীর প্রথম যৌগটোর নাম ইথিন । ইয়ার আণৱিক সংকেত হ’ল-C2H । ইয়ার পশ্চাদ্বৰ্ত্তী (Succeding) সমগণবোরর সংকেতবোর হ’ল- C3H6, C4H8, C5H10  । ইহঁতর মাজর মূলকর পাৰ্থক্য হ’ল- -CH2–  । এলকিনর সাধারণ সংকেট হ’ল- CnH2n য’ত n=2,3,4,……….

৬৮। সমগণীয় শ্রেণীর চারিটা বৈশিষ্ট্য লিখা ।

উত্তরঃ সমগণীয় শ্রেণীর চারিটা বৈশিষ্ট্য হ’ল-

(ক) সমগণীয় শ্রেণীর যৌগসমূহর আণৱিক ভর বৃদ্ধির লগে লগে যৌগবোরর ভৌতিক ধৰ্মরো ক্রমিক পরিৱৰ্তন হয় ।

(খ)সমগণীয় শ্রেণীর যৌগসমূহর আণৱিক ভর বৃদ্ধির লগে লগে গলনাংক আরু উতলাংকও বৃদ্ধি হয় ।

(গ)সমগণীয় শ্রেণীর যৌগসমূহর ভৌতিক ধৰ্ম বিশেষকৈ কোনো নিৰ্দিষ্ট দ্রাৱকত দ্রৱণীয় গুণরো ক্রমিক পরিৱৰ্তন হয় ।

(ঘ) কেৱলমাত্র কাৰ্যকরী মূলকর উপস্থিতিত সমগণবোরর রাসায়নিক ধৰ্ম প্রায় একে হোৱা পরিলক্ষিত হয় ।

৬৯। কাৰ্বন যৌগৰ নামাকরণর করা চারিটা নিয়ম বা পদ্ধতি উল্লেখ করা ।

উত্তরঃ কাৰ্বন যৌগৰ নামাকরণর করা চারিটা নিয়ম বা পদ্ধতি হ’ল-

(ক) যৌগটোত থকা কাৰ্বন পরমাণুর সংখ্যা নিৰ্ধাৰণ করিব লাগে । যদি তিনিটা কাৰ্বন থকা যৌগ হয় তেনেহ’লে যৌগটোর নাম হ’ব- প্র’পেন (Propane) ।

(খ) কাৰ্যকরীমূলক থাকিলে নামর উপসৰ্গ (Prefix) বা অনুসৰ্গ (Suffix) ত উল্লেখ করিব লাগে ।

(গ) কাৰ্যকরী মূলকর নামতো অনুসৰ্গত দিব লগা হ’লে কাৰ্বন শৃংখলর নামর শেষর ‘e’ আখরটোর সলনি উপযুক্ত অনুসৰ্গ বা প্রত্যয় ব্যৱহার করা হয় । উদাহরণস্বরূপে- কিট’ন মূলক থকা তিনিটা যৌগর নাম হ’ব- Propane – e = Propan + ‘one’ = Propanone

(ঘ) কাৰ্বন শৃংখল অসংপৃত্ত হ’লে ‘ane’ র সলনি ‘ene’ বা ‘yne’ যোগ দিব লাগে । তিনিটা কাৰ্বন পরমাণুরে গঠিত দ্বিবান্ধনিযুক্ত যৌগটোক Propene আরু ত্রিবান্ধনিযুক্ত যৌগক Propyne নাম ব্যৱহার করা হয় ।   

৭০। কাৰ্বন দহন করিলে কি কি উৎপন্ন হয় ? এইক্ষেত্রত তাপর প্রকৃতি কেনে হয় ?

উত্তরঃ কাৰ্বন দহন করিলে সাধারণতে কাৰ্বন ডাই অক্সাইড, তাপ আরু পোহর উৎপন্ন হয় । এইক্ষেত্রত তাপর প্রকৃতি উচ্চ পরিমাণর হয় ।

৭১। দহন বিক্রিয়াবোর জারণ/বিজারণ বিক্রিয়া ।

উত্তরঃ জারণ ।

৭২। দহন বিক্রিয়াবোর কি বিক্রিয়া? তিনিটা দহন বিক্রিয়ার উদাহরণ দিয়া ।

উত্তরঃ দহন বিক্রিয়াবোর জারণ বিক্রিয়া । দহন বিক্রিয়ার তিনিটা উদাহরণ হ’ল-

(ক) C + O2 ⟶ CO2 + তাপ আরু পোহর

(খ) CH4 + O2 ⟶ CO2 + H2O + তাপ + পোহর

(গ) CH2CH2OH + O⟶ CO2 + H2O + তাপ আরু পোহর

৭৩। সংপৃক্ত আরু অসংপৃক্ত হাইড্র’কাৰ্বনে কেনেকোৱা প্রকৃতির শিখার উৎপন্ন করে?

উত্তরঃ সংপৃক্ত হাইড্র’কাৰ্বনে সাধারণনে অমলিন নীলা শিখা আরু অসংপৃক্ত হাইড্র’কাৰ্বনে ক’লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন করে ।

৭৪। এলান্ধু কি? এলান্ধু বা এলান্ধুযুক্ত শিখা কেনেদরে উৎপন্ন হয় ?

উত্তরঃ এলান্ধু হ’ল কাৰ্বনৰ দহনর গেছীয় অৱশিষ্ট অংশ । সাধারণতে, অসম্পূৰ্ণ দহনর ফলতে এলান্ধুর উৎপন্ন হয় । বায়ুর পরিসীমিত যোগানর কারণে সংপৃক্ত হাইড্র’কাৰ্বনবোর অসম্পূৰ্ণ দহন ঘটিলে ধোঁৱাময় শিখাই এলান্ধু বা এলান্ধুযুক্ত শিখা উৎপন্ন হয় ।   

৭৫। গেছ ষ্টভ বা কেরাচিন ষ্ট’ভর পরা সাধারণতে কিয় এলান্ধু বা এলান্ধুযুক্ত শিখার উৎপন্ন নহয় ?

উত্তরঃ গেছ ষ্টভ বা কেরাচিন ষ্ট’ভর পরা সাধারণতে এলান্ধু বা এলান্ধুযুক্ত শিখার উৎপন্ন নহয় কারণ গেছ ষ্টভ বা কেরাচিন ষ্ট’ভত বায়ু প্রবেশ করিব পরাকৈ রন্ধ্র থাকে আরু ই পৰ্য্যাপ্ত বায়ু বা অক্সিজেন ইন্ধনর সৈতে মিহলৈ হৈ অমলিন নীলা শিখা উৎপন্ন হয় ।

৭৬। কয়লা আরু পেট্র’লিয়াম ইন্ধনর দহনর ফলত উৎপন্ন হোৱা দুবিধ পরিৱেশ প্রদূষক কারকর নাম লিখা ।

উত্তরঃ কয়লা আরু পেট্র’লিয়াম ইন্ধনর দহনর ফলত উৎপন্ন হোৱা দুবিধ পরিৱেশ প্রদূষক কারকর নাম হ’ল- ছালফার আরু নাইট্র’জেন অক্সাইড ।

৭৭। রন্ধন কাৰ্যত ব্যৱহার করা পাত্রর তলিত এলান্ধু লগার অৰ্থ কি?

উত্তরঃ রন্ধন কাৰ্যত ব্যৱহার করা পাত্রর তলিত এলান্ধু লগার অৰ্থ হ’ল- ষ্ট’ভর বায়ুরন্ধ্রবোর বন্ধ হৈ গৈছে ।

৭৮। কয়লা পুরিলে কিয় শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিরণ করে ?

উত্তরঃ কয়লা পুরিলে শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিরণ করে কারণ গেছীয় পদাৰ্থ পুরিলেহে শিখা উৎপন্ন হয় আরু কয়লা পুরার সময়ত তাত থকা উদ্বায়ী পদাৰ্থবোর বাষ্পীভূত হয় ।

৭৯। কোনবোর পদাৰ্থৰ দহনত শিখা উৎপন্ন হয় ?

উত্তরঃ গেছীয় পদাৰ্থৰ পরমাণুবোর উত্তপ্ত করিলে আরু দহন করিলে উজ্বল শিখার উৎপন্ন হয় ।  

৮০। কয়লার উৎপত্তি সম্পৰ্কে এটা টোকা লিখা ।

উত্তরঃ বহু হাজার বছর পূৰ্বে গছ-গছনি, জীৱ-জন্তু আদিবোর ভূমিকম্প নাইবা আগ্নেয়গিরি উদগীরণ আদির প্রভাবত পৃথিৱীৰ খোলাটোর ভিতরত সোমাই গৈছিল । এই অংশাৱশেষ পাছর পৰ্যায়ত শিলাখণ্ডর চাপর প্রভাবত ক্রমান্বয়ে জহি-খহি নাইবা পচি তরপে তরপে কয়লালৈ রূপান্তরিত হয় ।  সাধারণতে, জৈৱ পদাৰ্থৰ ওপরত জৈৱিক আরু ভূতাত্বিক প্রভাৱতেই কয়লার সৃষ্টি হয় ।

৮১। পেট্র’লিয়াম, তেল, প্রাকৃতিক গেছ, খারুৱা তেল আদির উৎপত্তি সম্পৰ্কে লিখা ।

উত্তরঃ বহু বছর আগর সাগরীয় প্রাণী, গছ-গছনি, জীৱ-জন্তু আদির অংশাৱশেষেই হ’ল পেট্র’লিয়াম, তেল, প্রাকৃতিক গেছ, খারুৱা তেল আদি । সেই উদ্ভিদ আরু প্রাণীসমূহ/জীৱসমূহ মৃত্যু হো‍ৱাৰ পাছত সাগরতলর বোকাবোরত পোত খাই রয় । ইয়ার ওপরত অনুজীৱৰ ক্রিয়া আরু বিভিন্ন চাপর ফলস্বরূপে প্রাকৃতিক গেছ, খারুৱা তেল, পেট্র’লিয়াম, তেল, আদিলৈ রূপান্তর হয় । লগতে, বোকার স্তর, শিলাখণ্ড আদির ফাঁকত মাজত এইবোর মজুত/জমা হৈ রয় ।  

৮২। কিয় কয়লা আরু পেট্র’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ?

উত্তরঃ কয়লা আরু পেট্র’লিয়াম সাধারণতে বহু বছর পূৰ্বে মৃত্যু হোৱা গছ-গছনি, জীৱ-জন্তু, প্রাণীর আদি দেহর ধ্বংসাৱসেহৰ বা অংশাৱশেষর পরাই তাপ, চাপ, অনুজীৱৰ ক্রিয়া আদির ফলত সৃষ্টি হয় । এই ইন্ধনবোর উৎপত্তির বেলিকা জীৱবোর বিশেষকৈ জড়িত থকার বাবে কয়লা আরু পেট্র’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ।  

৮৩। এলক’হল জারিত হৈ কোনবিধ এছিডর উৎপত্তি হয়?

উত্তরঃ  এলক’হল জারিত হৈ কাৰ্বক্সিলিক এছিডর উৎপত্তি হয় ।  

৮৪। দুবিধ জারক পদাৰ্থৰ নাম লিখা ।

উত্তরঃ দুবিধ জারক পদাৰ্থ হ’ল- (ক) ক্ষারকীয় পটাছিয়াম পারমেঙ্গানেট আরু (খ) আম্লিক পটাছিয়াম ড্রাইক্র’মেট ।

৮৫। এলক’হলক এছিডলৈ জারিত করা দুবিধ জারক পদাৰ্থৰ নাম লিখা ।

উত্তরঃ এলক’হলক এছিডলৈ জারিত করা দুবিধ জারক পদাৰ্থ হ’ল- (ক) ক্ষারকীয় পটাছিয়াম পারমেঙ্গানেট আরু (খ) আম্লিক পটাছিয়াম ড্রাইক্র’মেট ।

৮৬। অনুঘটক কাক বোলে? উদাহরণসহ বুজাই লিখা ।

উত্তরঃ অনুঘটক হ’ল এনে কিছুমান পদাৰ্থক সূচায় যিবোরে নিজর ধৰ্মৰ কোনো পরিৱৰ্তন নকরাকৈ বিক্রিয়া এটার গতিবেগ বঢ়োৱাত অরিহণা যোগায় । উদাহরণস্বরূপে- নিকেল অনুঘটকর উপস্থিতিত উদ্ভিদর তেল হাইড্র’জেন মুক্ত করি বনস্পতি ঘি তৈয়ার করার ক্ষেত্রত যোগাত্মক বিক্রিয়া সংঘটিত করোৱা

হয় । উদ্ভিদজাত তেল দ্বিবান্ধনি থকা বহু দীঘল কাৰ্বন শৃংখলাযুক্ত যৌগ আরু জন্তুর চৰ্বি সংপৃক্ত দীঘল কাৰ্বনশৃংখল যৌগ ।

৮৭। জন্তুর চৰ্বিত কি এছিড থাকে ?

উত্তরঃ জন্তুর চৰ্বিত সংপৃক্ত ফেটি এচিড ।

৮৮। জন্তুর চৰ্বি কিয় স্বাস্থ্য পক্ষে হানিকারক ?

উত্তরঃ জন্তুর চৰ্বি স্বাস্থ্য পক্ষে হানিকারক, কারণ জন্তুর চৰ্বিত সংপৃক্ত ফেটি এচিড থাকে ।

৮৯। কেনেকোৱা এছিড যুক্ত তেল রন্ধনর বাবে অধিক উপযোগী ?

উত্তরঃ অসংপৃক্ত ফেটি এছিড থকা তেল রন্ধনর বাবে অধিক উপযোগী ।

৯৪। দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম লিখা ।

উত্তরঃ দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম হ’ল- ইথালন আরু ইথানয়িক এছিড ।

৯৫। সাধাৰণ উষ্ণতাত ইথানল কেনে প্রকৃতিৰ ?

উত্তরঃ সাধাৰণ উষ্ণতাত ইথানল জুলীয়া প্রকৃতিৰ ।

৯৬। ইথানলক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তরঃ ইথানলক সাধাৰণতে এলক’হল বুলি কোৱা হয় ।

৯৭।(ক) এলক’হলীয় পানীয়ৰ মুখ্য উপাদান কি?

উত্তরঃ এলক’হলীয় পানীয়ৰ মুখ্য উপাদান- ইথানল ।

৯৭।(খ) ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ লিখা ।

উত্তরঃ ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ হ’ল-

(ক)ইথানল বা এলক’হলক বিভিন্ন ঐষধ বিশেষকৈ কফ চিৰাপ, টনিক, টিংচাৰ আয়’ডিন আদি প্রস্তুত কৰাত ব্যৱহাৰ কৰে ।

(খ)ইথানল বা এলক’হল পানীয়ৰ মূখ্য উপাদান হিচাপে আরু নিচাজাতীয় দ্রৱ্যৰ উৎপাদনত ব্যৱহাৰ কৰা হয় ।  

৯৭।(গ) এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ লিখা ।

উত্তরঃ এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ হ’ল-

(ক) কম পৰিমাণৰ পনীয়া এলক’হল সেৱনৰ ফলস্বরূপে নিচাৰ সৃষ্টি হয় ।

(খ) বিশুদ্ধ এলক’হল (Absolute Alcohol) সামান্য পৰিমাণৰ সেৱন কৰাৰ ফলত মৃত্যুও সংঘটিত হ’ব পাৰে ।

(গ) মদ্যপান কৰিলে স্বাস্থ্যৰ অৱনতি হয় ।

(ঘ) এলক’হল সেৱন সমাজত নিন্দনীয় ।  

৯৮।(ক) ইথানলে বা এলক’হলে ছ’ডিয়ামৰ (ধাতুৰ) সৈতে বিক্রিয়া কৰি কি উৎপন্ন কৰে?

উত্তরঃ  ইথানলে বা এলক’হলে ছ’ডিয়ামৰ ধাতুৰ সৈতে বিক্রিয়া কৰি হাইড্র’জেন গেছৰ উৎপন্ন কৰে । ইথানলৰ লগত প্রস্তুত হোৱা আন এক পদাৰ্থ- ছডিয়াম ইথ’ক্সাইড ।

(খ) অসংপৃক্ত হাইড্র’কাৰ্বন প্রস্তুত কৰা বিক্রিয়াটো লিখা ।

অথবাঃ ইথিন কেনেদৰে উৎপন্ন হয় ? গাঢ় ছালফিউৰিক এছিদক কি হিচাপে গণ্য কৰা হয় ?

উত্তরঃ প্রায় 443K পৰিমাণৰ উষ্ণতাত গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰাৰ ফলত ইথানলৰ নিরুদন (Dehydration) ঘটি ইথিনৰ উৎপন্ন কৰা হয় ।

গাঢ় ছলফিউৰিক এছিদক নিরুদক দ্রৱ্য (Dehydrating Agent) হিচাপে গণ্য কৰা হয় আরু ই ইথানলৰ পৰা পানী আতঁৰ কৰে ।

৯৯। এলক’হলে বা ইথানলে জীৱদেহত কেনেদৰে ক্রিয়া কৰে ?

উত্তরঃ (ক) এলক’হলে বা ইথানলে জীৱদেহত বিপাকীয় প্রক্রিয়াবোৰৰ (Metabolic Processes) বেগ কমায় ।

(খ) ই কেন্দ্রীয় স্নায়ুতন্ত্রৰ কাৰ্য ক্ষমতা কম কৰে ।

(গ) ইয়াক সেৱন কৰাৰ ফলত, দেহৰ অংগবোৰৰ মাজত সমন্বয় প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে ।

(ঘ) ই মানসিক বিবুদ্ধিত পেলায় আরু টোপনিভাবৰ সৃষ্টি কৰে ।

(ঙ) ই জীৱদেহত অবদমন শক্তি কমায় আরু চেতনহীন কৰে ।

(চ) ই ব্যক্তিজনক বিবেচনাহীন কৰে আরু মাংসপেশীৰ সমন্বয় নাইকীয়া কৰে ।

১০০। জীৱদেহত মিথানলে কেনেদৰে ক্রিয়া কৰিব পাৰে?

উত্তরঃ সামান্য পৰিমাণৰ মিথানল সেৱন কৰিলে মানুহৰ মৃত্যু হব পাৰে । যকৃত অংশত মিথানল জাৰিত হৈ মিথানেলৰ সৃষ্টি কৰে যি দেহৰ কোষবোৰক বেয়াকৈ ক্রিয়া কৰে । ই প্রট’প্লাজমৰ চেকুৰা বন্ধায় আরু চকুৰ স্নায়ু (Optic Nerve) নষ্ট কৰে যাৰ ফলত মানুহ অন্ধ হয় ।

১০১। প্রকৃতিদুষ্ট (Denatured) এলক’হল কাক বোলে ?

অথবাঃ ১০২। কাৰাখানাত ইথানলৰ অপ-ব্যৱহাৰ নহ’বৰ বাবে কি কৰা হয়?

উত্তরঃ ইথানল এক উত্তম দ্রাৱক । ইথানলক কাৰাখানাৰ কামত ব্যৱহাৰ কৰা হয় । ইথানলৰ অপ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে মিথানলৰ দৰে বিষাক্ত দ্রৱ্য মিহলোৱা হয় আরু খোৱাৰ অনুপযোগী কৰে । ইয়াক সহজে চিনাক্ত কৰাৰ বাবে ৰঙীন পদাৰ্থ যোগ কৰি নীল;আ ৰঙ প্রদান কৰা হয় । ইয়াকে প্রকৃতিদুষ্ট (Denatured) এলক’হল বোলে ।      

১০৩। সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ রূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম লিখা ।

উত্তরঃ সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ রূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম- কুঁহিয়াৰ ।

১০৪। ইন্ধন হিচাপে এলক’হল কেনেদৰে ব্যৱহাৰ কৰা হয় ?

উত্তরঃ কুঁহিয়াৰৰ ৰসৰ পৰা লালি (Molases) প্রস্তুত কৰি কিণ্বন (Fermentaion) ঘটাই এলক’হল (ইথানল) উৎপন্ন কৰা হয় । কিছুমান ৰাষ্ট্রত পেট্র’লৰ সৈতে এলক’হল মিহলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

১০৫। ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম কি? ই কোন এছিড শ্রেণীৰ অন্তৰ্ভুক্ত ?

উত্তরঃ ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম- এচেটিক এচিদ ।  ই কাৰ্ব’ক্সিলিক এছিড শ্রেণীৰ অন্তৰ্ভুক্ত ৷

১০৬। ভিনেগাৰ কাক বোলে ? ইয়াক বেছিকৈ কি কামত ব্যৱহাৰ কৰা হয়?/ইয়াৰ এটা ব্যৱহাৰ লিখা ।

উত্তরঃ এচেটিক এছিডৰ 5-8% জলীয় দ্রৱণক ভিনেগাৰ বোলে । ইয়াক বিশেষকৈ আচাৰ সংৰক্ষণত বেছিকৈ ব্যৱহাৰ কৰা হয় ।

১০৭। ইথানয়িক এছিডৰ গলনাংক কিমান? ই কিয় শীতকালত গোট মাৰে ? ইয়াক আন কি নাম দিয়া হৈছে ?

উত্তরঃ ইথানয়িক এছিডৰ গলনাংক 290k । ইয়াৰ বাবে, ইথানয়িক এছিড শীতকালত গোট মাৰে । ইয়াক গ্লেছিয়েল এচেটিক এছিদ নাম দিয়া হয় ।

১০৮। এষ্টাৰিভৱন বিক্রিয়াটো ব্যাখ্যা কৰা ।

অথবাঃ১০৯। এষ্টাৰ কেনেদৰে উৎপন্ন কৰা হয় ? ইয়াৰ দুটা ব্যৱহাৰ লিখা ।

অথবাঃ ইথানয়িক এছিডে এষ্টাৰ উৎপন্ন আরু এষ্টাৰভৱন বিক্রিয়াত সহায় কৰে ?

উত্তরঃ এছিড আরু এলক’হলৰ মাজত বিক্রিয়া ঘটায় এষ্টাৰ উৎপন্ন কৰা হয় । এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আরু নিৰ্ভেজাল এলকহলৰ (Absolute Alcohol) মাজত বিক্রিয়া ঘটি এষ্টাৰ উৎপন্ন হয় । 

এষ্টাৰ এবিধ সুগন্ধি দ্রৱ্য । ইয়াৰ দুবিধ ব্যৱহাৰ হ’ল-

(ক) ইয়াক সুগন্ধি দ্রৱ্য হিচাপে ব্যৱহাৰ কৰা হয় ।

(খ) এষ্টাৰক খাদ্য সুস্বাদুকাৰক হিচাপেও ব্যৱহৃত হয় ।

১১০। চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্রিয়া কাক বোলে ? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ? সমীকৰণটো লিখা ।

উত্তরঃ ছ’ডিয়াম হাইড্র’ক্সাইডৰ (এটা ক্ষাৰ) লগত বিক্রিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহল আরু কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম লৱনলৈ রূপান্তৰিত হয় । এই বিক্রিয়াটোক চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্রিয়া বোলে । এই বিক্রিয়াক চাবোন উৎপাদনত ব্যৱহাৰ কৰা হয় ।

১১১। ইথানয়িক এছিডে ক্ষাৰৰ লগত বিক্রিয়াৰ ফলত কিহৰ উৎপন্ন হয় ?

অথবাঃ ইথানয়িক এছিডৰ সৈতে ক্ষাৰৰ বিক্রিয়া হ’লে কি হয় ?

উত্তরঃ ইথানয়িক এছিডে ছ’ডিয়াম হাইড্র’ক্সাইড আদি ক্ষাৰৰ সৈতে বিক্রিয়া কৰিলে লৱণ বিশেষকৈ ছ’ডিয়াম ইথান’য়েট বা ছ’ডিয়াম এছিটেট আরু পানীৰ সৃষ্টিৰ কৰে ।

১১২। ইথানয়িক এছিড, কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেটৰ লগত বিক্রিয়া ঘটিলে কিহৰ সৃষ্টি কৰে ?

অথবাঃ ছ’ডিয়াম এছিটেট নামৰ লৱণবিধৰ উৎপন্ন প্রক্রিয়াটো লিখা ।

উত্তরঃ ইথানয়িক এছিডে কাৰ্বনেট আরু হাইড্র’জেন কাৰ্বনেটৰ লগত বিক্রিয়া কৰি লৱণ, কাৰ্বন ডাইক্সাইড আরু পানীৰ সৃষ্টি কৰে । এই বিক্রিয়াৰ ফলত উৎপন্ন হোৱা লৱণবিধৰ সাধাৰণ নাম- ছ’ডিয়াম এছিটেট ।

১১৩। চাবোনৰ অণুবোৰ কি বা কিহেৰে গঠিত বা ইয়াত কি কি নিহিত থাকে?

উত্তরঃ চাবোনৰ অণুবোৰ হ’ল- কিছুমান দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটাছিয়াম লৱণ ।

১১৪। মাইছেল বা কৰ্ণাপুঞ্জ কাক বোলে ? ইহঁতৰ কাম কি?

অথবাঃ ১১৩। চাবোনৰ মলি পৰিষ্কাৰ কৰা কাৰ্যটো ব্যাখ্যা কৰা ।

উত্তরঃ অধিকাংশক মলি (Dirt) তেলীয় গুণযুক্ত সেয়েহে এইবোৰ পানীত অদ্রৱণীয় । পানীত চাবোনৰ অণুবোৰে এক সমুচ্ছায় /সমষ্টি/একতা (aggregates) উৎপন্ন কৰে । এইবোৰকে মাইছেল বা কৰ্ণাপুঞ্জ বোলে । মাইছেল বা কৰ্ণাপুঞ্জত চাবোনৰ অণুবোৰৰ অনাধ্রুবীয় মেরুটো তেলৰ টোপালৰ দিশে আরু ধ্রুবীয় মেরুটো বাহিৰৰ দিশে থাকে । পানীত মাইছেল বা কৰ্ণাপুঞ্জবোৰে অবদ্রৱ বা ইমালচন (Emulsion) ৰ উৎপন্ন কৰে । ইয়াৰ মাধ্যমেৰে চাবোনৰ ফেনবোৰে কাপোৰৰ মলি পানীত দ্রৱীভূত হোৱাত সহায় কৰে আরু মলি পৰিষ্কাৰ কৰে ।

১১৫। চাবোনৰ অণুবিলাকৰ কেইটা মেরু থাকে আরু কি কি?

উত্তরঃ চাবোনৰ অণুবিলাকৰ দুটা মেরু থাকে । তাৰে এটা হ’ল- জলাকৰ্ষী বা জলস্নেহী (Hydrophobic) আরু এইটো পানীত দ্রৱনীয় আনহাতে আনটো হ’ল- জলঘৃণী বা জলবিকৰ্ষী (Hydrophobic) আরু এইটো হাইড্র’কাৰ্বনত দ্রৱণীয় ।

১১৬। চাবোনৰ পানী কিয় ঘোলা ?

উত্তরঃ চাবোনত থকা মাইছেলবিলাক অবদ্রৱ হিচাপে থাকে । এই মাইছেলিবিলাক আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় । মাইছেলত ওপঙি থকা মলি সহজতে পানীৰে ধুই আঁতৰাব পাৰি । চাবোনৰ মাইছেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ হোৱা বাবে ইহঁতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে । সেইকাৰণে, চাবোনৰ পানী ঘোলা ।

১১৭। কিয় কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আরু পানীৰে ধোৱাৰ পিছতো অদ্রৱণীয় পদাৰ্থ (মলি) গাত থাকি যায় ? এই সমস্যাটো কেনেদৰে দূৰ কৰিব পাৰি ।

উত্তরঃ কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আরু পানীৰে ধোৱাৰ পিছতো অদ্রৱণীয় পদাৰ্থ বা মলি গাত থাকি যায় । কাৰণ, কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোৱনৰ ক্রিয়া হ’লে অদ্রৱণীয় পদাৰ্থ বা মলি সৃষ্টি হয় । সেয়েহে, এই অদ্রৱণীয় পদাৰ্থ বা মলিবোৰ আতৰাবলৈ অধিক পৰিমাণৰ চাবোন খৰচ হয় ।

    এই সমস্যাটো অপমাৰ্জক শ্রেণীৰ নিকাৰক ব্যৱহাৰ কৰি দূৰ কৰিব পাৰি ।

১১৮। অপমাৰ্জকবোৰ কি ? ইয়াক ক’ত ব্যৱহাৰ কৰা হয় ?

অথবাঃ কিয় চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্রস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ?

উত্তরঃ অপমাৰ্জকবোৰ হ’ল- প্রধানতঃ দীৰ্ঘ শৃংখলযুক্ত ছালফ’নিক এচিদৰ এম’নিয়াম লৱণ । অপমাৰ্জকৰ আৰ্হিত মেরুবোৰ কঠিন পানীত থকা কেলছিয়াম আরু মেগনেছিয়াম আয়নৰ লগত অদ্রৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে । সেইকাৰণে, কঠিন পানীতো অপমাৰ্জকবোৰ কাৰ্যক্ষম হৈ থাকে । সেয়েহে, চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্রস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ।    

Video for Class 10- Carbon and its compounds, (কাৰ্বন আৰু তাৰ যৌগ)

WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment