HS 2nd Year Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন

WhatsApp Channel Follow Now
Telegram Channel Join Now

Understanding Sexual Reproduction in Flowering Plants: Class 12 Biology Chapter 2

In Class 12 Biology Chapter 2, students learn about sexual reproduction in flowering plants, specifically angiosperms. This chapter is crucial as it explains the process of how plants reproduce and how it differs from asexual reproduction.

Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন

Class 12 Biology Chapter 2, “Sexual Reproduction in Flowering Plants,” is a crucial topic in biology education. It explains how flowering plants reproduce and the process of sexual reproduction. This chapter is a fundamental part of the Assam Board HS Class 12 Biology curriculum, and students can easily access the SCERT book online to study the subject.

The Importance of Sexual Reproduction in Flowering Plants

Sexual reproduction plays a vital role in the survival of flowering plants. It creates genetic diversity, which allows plants to adapt to changes in the environment and increases their chances of survival. Without sexual reproduction, plants would not be able to produce seeds, which are necessary for the growth of new plants.

The Structure of a Flower

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

A flower is the reproductive structure of angiosperms. It consists of four primary parts: the calyx, corolla, androecium, and gynoecium. The calyx and corolla protect the reproductive structures, while the androecium contains the male reproductive organs, and the gynoecium contains the female reproductive organs.

The Process of Pollination

Pollination is the transfer of pollen from the male reproductive organ (anther) to the female reproductive organ (stigma). This can occur through self-pollination or cross-pollination, which involves the transfer of pollen from one plant to another.

Fertilization and Seed Formation

Once the pollen lands on the stigma, it germinates and grows a pollen tube that penetrates the ovary. This allows the male gamete (sperm) to fuse with the female gamete (egg) to form a zygote. The zygote develops into an embryo, which is surrounded by a protective coat and develops into a seed.

Dispersal of Seeds

Seeds are dispersed in various ways, such as wind, water, animals, or by the plant itself. This is crucial for the growth of new plants and helps to increase genetic diversity.

In conclusion, Class 12 Biology Chapter 2 is a vital topic in understanding the process of sexual reproduction in flowering plants. Students can easily access the SCERT book online to study the subject and access solutions provided by expert teachers as per SCERT (CBSE) Book guidelines. By studying the structure of a flower, pollination, fertilization, seed formation, and seed dispersal, students can appreciate the complexity of the natural world and the importance of preserving it.

সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন

Chapter: 2

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। গুপ্তবীজীৰ ডিম্বকৰ এটি দীৰ্ঘচ্ছেদ আঁকি তাত থকা কোষকেন্দ্ৰসমূহ চিহ্নিত কৰা ।

উত্তৰঃ

ডিম্বকটো অমৰাৰ সৈতে ডিম্বক নাড়ী বা ফুনিক’লৰ দ্বাৰা সংযুক্ত হৈ থাকে । আৰু ফুনিক’লৰ সংযোগ স্থলক হিলাম বা ডিম্বক নাভী বোলে ।

প্ৰতিটো ডিম্বকৰে এখন বা দুখন প্ৰতিৰোধ সম্পন্ন আৱৰণ থাকে যাক ডিম্বকত্বক বোলে । যিয়ে ডিম্বকৰ বাকী অংশ আৱৰি ৰাখে , মাত্ৰ কিছু অংশ মুক্ত হৈ থাকে যাক ডিম্বকৰন্ধ বোলে ।

প্ৰশ্ন ২। আপলেক কিয় অপ্ৰকৃত ফল বোলা হয় ? ফুলৰ যি অংশৰ পৰা এই অপ্ৰকৃত ফল উৎপন্ন হয় তাৰ নাম লিখা ।

উত্তৰঃ গৰ্ভাশয় আৰু আন সহকাৰী ফুলৰ অংশৰ পৰা গঠন হোৱা ফলক প্ৰকৃত ফল বোলে ।ইয়াৰ বিপৰীতে , যেতিয়া কেৱল গৰ্ভাশয় ফলত পৰিণত হয় আৰু পুষ্পাক্ষ বা ফুল আন কোনো অংশই ফল গঠনত ভাগ নলয় , তেনে।ফলক প্ৰকৃত ফল বোলে । আপেলত , মঙহাল পুষ্পাধাৰৰ খাব পৰা অংশখিনি গঠন কৰে । সেয়েই অপ্ৰকৃত ফল ।

প্ৰশ্ন ৩। ৰেণুজনন কাক বোলে ? পুংৰেণুজনন আৰু স্ত্ৰীৰেণুজননৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ পুংৰেণু আৰু স্ত্ৰীৰেণুৰ বিকাশ হোৱাকে ৰেণুজনন বোলে । পুংৰেজননৰ ফলত পৰাগৰেণু আৰু স্ত্ৰীৰেণুজননৰ ফলত কাৰ্য্যক্ষম স্ত্ৰীৰেণুৰবিকাশ ঘটে ।

পুংৰেণুজনন :-

(১) এই প্ৰক্ৰিয়াত মিঅ’চিছ বিভাজনৰ দ্বাৰা এটা পুংৰেণু মাতৃকোষৰ পৰা চাৰিটা পুংৰেণুৰ সৃষ্টি হয় ।

(২) ই পৰাগধানীৰ পৰাগস্থলীৰ ভিতৰত হয় ।

স্ত্ৰীৰেণুজনন :-

(১) এই প্ৰক্ৰিয়াত মিঅ’চিছ বিভাজনৰ দ্বাৰা নিউচেলাছ অংশত এটা স্ত্ৰীৰেণুৰ মাতৃকোষৰ পৰা চাৰিটা স্ত্ৰীৰেণুৰ সৃষ্টি হয় ।

(২) এইটো গৰ্ভাশয় ভিতৰত সংঘটিত হয় ।

প্ৰশ্ন ৪। ত্ৰিমিলন মানে কি ? ক’ত সংঘটিত হয় ? ইয়াৰ লগত জড়িত কোষকেন্দ্ৰৰ নাম লিখা ।

উত্তৰঃ ট্ৰিপল ফিউজন হৈছে গুপ্তবীজী উদ্ভিদৰ ভ্ৰূমস্থলীত পুংজননকোষৰ সৈতে দুটা মেৰু কোষকেন্দ্ৰৰ ফিউজন । ফিউজননৰ প্ৰক্ৰিয়াটো ভ্ৰূণস্থলীৰ ভিতৰত সংঘটিত হয় । যেতিয়া গৰ্ভমুণ্ডত পৰাগৰেণু , পৰেহি , তেতিয়া সিহঁত অংকুৰিত হৈ পৰাগনলী গঠন কৰে, যিটো গৰ্ভদণ্ডৰ মাজেৰে গৈ ডিম্বকত প্ৰৱেশ কৰে । ইয়াৰ পিছত পৰাগনলীটোৰ সহকাৰী কোষৰ এটাত প্ৰৱেশ কৰে আৰু দুটা পুংজননকোষ এৰি  দিয়ে ।পুংজননকোষ দুটাৰ এটাই ডিম্বকোষৰ কোষকেন্দ্ৰৰ লগত নিষেচন ঘটাই যোজনকোষৰ সৃষ্টি কৰে । আনটা পুংজননকোষে কেন্দ্ৰীয় কোষত থকা দুটা মেৰুকোষকেন্দ্ৰীৰ সৈতে নিষিক্ত হৈ এটা ট্ৰিপ্লইড প্ৰাথমিক ভ্ৰূণকোষ কোষকেন্দ্ৰ গঠন কৰে । যিহেতু এই প্ৰক্ৰিয়াটোত তিনিটা হেপ্লইড কোষকেন্দ্ৰৰ নিষেচন হয় , সেয়েহে ইয়াক ট্ৰিপল ফিউজন বোলে । ইয়াৰ ফলত ভ্ৰূণকোষ গঠন হয়। এই প্ৰক্ৰিয়াটোত এটা পুংজননকোষ কোষকেন্দ্ৰ আৰু দুটা মেৰুকোষকেন্দ্ৰ জড়িত থাকে ।

প্ৰশ্ন ৫। মোনা কৌশল কাক বোলে ? উদ্ভিদ প্ৰজননত ইয়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ‌।

উত্তৰঃ ডভয়লিংগী ফুলৰ পৰা স্ত্ৰী প্ৰজনন অংগ (গৰ্ভপত্ৰ) ক আঘাত নকৰাকৈ নিবীৰ্যকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৰাগধানীক আঁতৰোৱা প্ৰক্ৰিয়াটোত বহুতো কৃত্ৰিম সংকৰণ কৌশল (বহুতো শস্য উৎপাদন বৃদ্ধিৰ কাৰ্য্যসূচী) জড়িত হৈ থাকে । পিছত এই নিবীৰ্য ফুলবোৰ বেগত ভৰাই পৰাগৰেণুৰ পৰাগযোগ ঘটাত বাধা দিয়ে । এই প্ৰক্ৰিয়াটোকে বেগিং বোলে ।

এই প্ৰক্ৰিয়াটো উদ্ভিদৰ প্ৰজনন কাৰ্য্যসূচী এক গুৰুত্বপূৰ্ণ অংশ । কাৰণ কেৱল আশা কৰা উদ্ভিদৰ পৰাগৰেণু গৰ্ভমুণ্ডৰ নিষেচনত ব‍্যৱহাৰ হোৱাটো ই নিশ্চিত কৰে আৰু ইয়াৰ দ্বাৰা আশা কৰা উদ্ভিদৰ বিকাশ ঘটোৱা হয় ।

প্ৰশ্ন ৬। মোনাকৰণৰ সংজ্ঞা দিয়া । কেতিয়া আৰু কিয় উদ্ভিদ প্ৰজননকাৰীয়ে এই কৌশল ঘটায় ? 

উত্তৰঃ কৃত্ৰিম সংকৰণৰ সময়ত পুংকেশৰ আঁতৰাই মোনাৰে গৰ্ভদণ্ডক ঢাকি ৰখা হয় যাতে অন্য নিবিচিৰা উদ্ভিদৰ পুংৰেণু আহি গৰ্ভমুণ্ডত তথাপি ল’ব নোৱাৰে । ইয়াকে মোনাকৰণ বোলা হয় ।

প্ৰশ্ন ৭। “গুপ্তবীজী উদ্ভিদে দ্বি – গৰ্ভাধান কৰে ।” এই বক্তব‍্য ব‍্যাখ‍্যা কৰা।

উত্তৰঃ গুপ্তবীজী উদ্ভিদত দুবাৰ গৰ্ভাধান হয় । এটা পুংজননকোষে ডিম্বাণু আৰু আনটো পুংজননকোষে নিশ্চিত কোষকেন্দ্ৰৰ লগত মিলিত হয় । ইয়াৰ ফলত ডিম্বাণুৰ পৰা যোজনকোষ আৰু নিশ্চিত কোষকেন্দ্ৰৰ পৰা ভ্ৰূণপোষ সৃষ্টি হয় । গতিকে দুবাৰ গৰ্ভধান হয় ।

প্ৰশ্ন ৮। উদ্ভিদৰ যৌনতা মানে কি ? সহবাসী আৰু ভিন্নবাসী উদ্ভিদৰ পৰা একোটা উদাহৰণ দিয়া ।

উত্তৰঃ উদ্ভিদৰ পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলনক উদ্ভিদৰ যৌনতা বোলা হয় । সহবাসী উদ্ভিদত পুংৰেণু আৰু স্ত্ৰীৰেণু একেটা উদ্ভিদৰ বেলেগ বেলেগ ফুলত সৃষ্টি হয় । যেনে ― মিঠা লাউ ।

ভিন্নবাসী উদ্ভিদত পুংৰেণু আৰু স্ত্ৰীৰেণু বেলেগ বেলেগ উদ্ভিদত সৃষ্টি হয় । যেনে ― অমিতা ।

প্ৰশ্ন ৯। কি ধৰণৰ কোষ পূৰ্ণাঙ্গ ভ্ৰূণস্থলীত পোৱা যায় ? এইবিলাকৰ নাম আৰু ক্ৰম’জ’ম সংস্থিতি উল্লেখ কৰা ।

উত্তৰঃ প্ৰতিপাদ কোষ সমষ্টি , সহকাৰী কোষ সমূহ , ডিম্বাণু আৰু নিশ্চিত কোষকেন্দ্ৰ । প্ৰতিপাদ কোষ , সহকাৰী কোষ  আৰু ডিম্বাণুত ক্ৰম’জ’ম ঐকধ‍্য বা এগুণ (n) আৰু নিশ্চিত কোষকেন্দ্ৰত দুগুণ (2n) ।

প্ৰশ্ন ১০। পৰাগযোগ কি ? গুপ্তবীজী উদ্ভিদৰ ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সংক্ষেপে বৰ্ণনা কৰা ।

উত্তৰঃ পৰাগকোষৰ পৰা পৰাগৰেণু আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত তথাপি লোৱাকে পৰাগযোগ বোলে ।ফুলত ফল আৰু বীজ সৃষ্টি হয়,যেতিয়া পৰাগৰেণুত সৃষ্টি হোৱা পুংজননকোষৰ লগত স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলন হয় । ইয়াৰ বাবে পৰাগৰেণু পৰাগকোষৰ পৰা গৰ্ভমুণ্ডত হোৱা প্ৰয়োজন ।পৰাগযোগ নহ’লে গৰ্ভাশয় বিকশিত নহয় আৰু বীজ সৃষ্টি নহয় , আৰু অৱশেষত গৰ্ভাশয় নষ্ট হৈ মৰহা ফুলৰ লগত সৰি পৰে ।

প্ৰশ্ন ১১। তলত উল্লেখ কৰাসমূহৰ একোটা উদাহৰণ দিয়া ― 

(ক) এটি উদ্ভিদ য’ত পুংকেশৰ চক্ৰ আৰু গৰ্ভকেশৰ চক্ৰ উভয়কে পোৱা যায় ।

(খ) একেটা উদ্ভিদ য’ত পুংপুষ্প আৰু স্ত্ৰীপুষ্প উভয়েই বিদ‍্যমান ।

(গ) এটি উদ্ভিদ য’ত গৰ্ভাশয়ৰ পৰা ফল উৎপন্ন নহয় ।

(ঘ) এটি উদ্ভিদ য’ত ফলো নহয় বীজো নহয় ।

উত্তৰঃ (ক) সৰিয়হ ।

(খ) মিঠা লাউ ।

(গ)আপেল ।

(ঘ) আলু ।

প্ৰশ্ন ১২। বীজৰ কোন অংশক বৃদ্ধি পোৱা ভ্ৰূণৰ প্ৰথম খাদ্য বোলা হয় ? এই খাদ্যৰ প্ৰাথমিক উৎস কি ?

উত্তৰঃ ভ্ৰূণপোষ । বীজপত্ৰ ভ্ৰূণপোষ সঞ্চিত থাকে ।

প্ৰশ্ন ১৩। বিস্তাৰ হোৱাৰ পূৰ্বে পূৰ্ণাঙ্গ এটি পৰাগৰেণুৰ কোষসমূহৰ কাম কি কি ? 

উত্তৰঃ এনে পৰাগকোষত এটি অংগজ কোষ আৰু এটি জননক্ষম কোষ থাকে । জননক্ষমকোষ কেতিয়াবা পৰাগযোগৰ পূৰ্বেই বিভাজিত হৈ দুটা পুংজনন কোষ সৃষ্টি কৰে ।

প্ৰশ্ন ১৪। গুপ্তবীজী এটি গৰ্ভদণ্ড আঁকা যি গৰ্ভাধান প্ৰক্ৰিয়াৰ বাবে সাজু হৈছে । ইয়াত থকা বিভিন্ন অংশ চিহ্নিত কৰা ।

উত্তৰঃ

চিত্ৰ – ১৪ : দীৰ্ঘচ্ছেদত গৰ্ভকেশৰৰ বিভিন্ন অংশৰ মাজেদি পৰাগনলী ভ্ৰূণস্থলীত প্ৰবেশৰ পথ দেখুওৱা হৈছে

প্ৰশ্ন ১৫। কলম পৰা জাপা কলমৰ পাৰ্থক্য দেখুওৱা । কৃষিত ব‍্যৱহৃত এনে পদ্ধতিৰ প্ৰত‍্যেকৰে উদাহৰণ দিয়া ।

উত্তৰঃ পূৰঠ কাণ্ড কাটি মাটিত পুতি থলে নতুন উদ্ভিদ হয় । ইয়াক কলম দিয়া বোলে । কেতবোৰ উদ্ভিদৰ দীঘল ডাল দোঁ খোৱাই তাৰ ওপৰত মাটি জপাই দি থৈ দিলে দোঁ খোৱা অংশত শিপা ওলায় । পিছত শিপা থকা অংশ কাটি আনি ৰোপন কৰিলে নতুন গছ হয় । ইয়াক জাপা কলম বোলে ।

কলমৰ উদাহৰণ ― আম , জবা , গোলাপ ।

জপা কলমৰ উদাহৰণ ― কাগজি নেমু , ৰংগন ফুল ।

প্ৰশ্ন ১৬। কল নিষেচনবিহীন ফল আনহাতে কমলা বহুভ্ৰূণীয় ফল । বীজৰ ক্ষেত্ৰত দুয়োটাক কেনেদৰে পৃথক কৰিব পাৰি ? 

উত্তৰঃ কলক অনিষেক ফল বুলি কোৱা হয় কাৰণ কলত নিষেচন নঘটাকৈ বীজ গঠন হয় । সেয়ে ইয়াক বীজহীন ফলো বোলে আনহাতে কমলা হ’ল বহুভ্ৰূণীয় ফল কাৰণ ইয়াৰ ডিম্বত একাধিক ভ্ৰূণ থাকে । কাৰণ ইয়াৰ ভ্ৰূণ পোষক আৰু ত্বকখন কেবাটাও অতিৰিক্ত কোষে গঠন কৰে ।

প্ৰশ্ন ১৭। “জনন কোষৰ মিলনৰ ক্ষেত্ৰত অসমৰ্থতা বিশেষ প্ৰাকৃতিক বাধা ।” ― উক্তটোৰ যুক্তিযুক্ততা বিচাৰ কৰা ।

উত্তৰঃ পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলন সাৰ্থকভাৱে নহ’লে তাক অসমৰ্থতা বা ইনকমপেটিবিলিটি বোলে । এই অসমৰ্থতা একপ্ৰকাৰৰ প্ৰাকৃতিক বাধা আৰু নিন্মক্ত কাৰণবোৰে ইয়াক নিৰ্দেশ কৰে―

(ক) বিষম গঠন :- একে প্ৰজাতি হ’লেও ফুলৰ গঠনবোৰ বেলেগ বেলেগ হয় ফলস্বৰূপে স্ববন্ধ‍্যাত্বই দেখা দিয়ে ।

(খ) সমপৰিণতি :- ইয়াত জীনীয় গুণৰ একে গঠন পৰিণতিৰ কাৰণে স্ববন্ধ‍্যাত্বই দেখা দিয়ে । উদাহৰণস্বৰূপে মূলা আৰু সৰিয়হত ৰেণুধাৰী নিয়ন্ত্ৰণ আনহাতে ট্ৰাইফ’লিয়াম,আলু আদিত জননকোষীয় নিয়ন্ত্ৰণ দেখা যায় ।

প্ৰশ্ন ১৮। স্ব – পৰাগযোগ নঘটাৰ কাৰণে কিছুমান ফুলে কি কি ব‍্যৱস্থাৱলী হাতত লয় আলোচনা কৰা ।

উত্তৰঃ স্ব – পৰাগনক বাধা দিবৰ কাৰণে উদ্ভিদ দেহত নিম্নোক্ত বৈশিষ্ট্যসমূহ দেখা যায় ―

(ক) ফুলবোৰত সমপৰিণতি হোৱাৰ বিপৰীতে বিষম পৰিণতিক প্ৰাধান্য দিয়ে ।

(খ) স্ব – বন্ধ‍্যাত্ব এই ফুলবোৰত দেখা যায় ।

(গ) অনুশীলন প্ৰক্ৰিয়া কেতিয়াও প্ৰদৰ্শন নকৰে ।

(ঘ) ফুলবোৰে একলিংগতাক অনুসৰণ কৰে ।

(ঙ) ফুলবোৰ অসমগৰ্ভদণ্ডী হোৱা দেখা যায় ।

(খ) ৰচনাধৰ্মী প্ৰশ্নোওৰ :-

প্ৰশ্ন ১। স্ববন্ধ‍্যাতা কি ? স্ববন্ধ‍্যা ফুলত স্ব – পৰাগযোগৰ ফলত বীজ উৎপাদন নহয় কিয় ?

উত্তৰঃ কিছুমান ফুলৰ পৰাগৰেণুৱে একেটা ফুলৰ গৰ্ভাশয়ৰ ডিম্বাণুৰ গৰ্ভাদান কৰিব নোৱাৰে । কাৰণ , পৰাগৰেণু আৰু ডিম্বাণু উভয়ে উভয়ৰ প্ৰতি স্ববন্ধ‍্যা । গতিকে স্ববন্ধ‍্যা মানে অন্তঃপ্ৰজননত বাধা প্ৰদানৰ বাবে জিনীয় অভিযোজন ।

স্বাভাৱিকতে স্বপৰাগযোগৰ ফলত গৰ্ভাধান নহয় আৰু তাৰ ফলত বীজ উৎপাদন নহয় । গৰ্ভাধানৰ বাবে অন‍্য ফুলৰ পৰাগৰেণু প্ৰয়োজন হয় । অন্য ফুলৰ পৰাগৰেণু এনে ফুলৰ বাবে বন্ধ‍্যা নহয় বাবে গৰ্ভাধান হয় আৰু বীজ উৎপাদন হয় ।

প্ৰশ্ন ২। পৰাগযোগ মানে কি বুজা ? গুপ্তবীজী উদ্ভিদত ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা । ইয়াৰ বাবে বিভিন্ন বাহকৰ ভূমিকা বৰ্ণনা কৰা ।

উত্তৰঃ গৰ্ভপত্ৰই গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰকৰণকে পৰাগযোগ বোলে । ফুলত ফল আৰু বীজ সৃষ্টি হয় , যেতিয়া পৰাগৰেণুত সৃষ্টি হোৱা পুংজননকোষৰ লগত স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলন হয় । ইয়াৰ বাবে পৰাগৰেণু পৰাগকোষৰ পৰা গৰ্ভমুণ্ডত হোৱা প্ৰয়োজন । পৰাগযোগ নহ’লে গৰ্ভাশয় বিকশিত নহয় আৰু বীজ সৃষ্টি নহয় , আৰু অৱশেষত গৰ্ভাশয় নষ্ট হৈ মৰহা ফুলৰ লগত সৰি পৰে ।

(১) অজৈৱিক বাহক :- 

(ক) বায়ু :- (১) বায়ু পৰাগযোগত পোহৰ আৰু আঠাযুক্তহীন পৰাগৰ প্ৰয়োজন ।

(২) সুন্দৰ ভাৱে প্ৰকাশিত পুংকেশৰ থকা উচিত ।

(৩) গৰ্ভমুণ্ড পক্ষল (feathery) হয় যাতে উৰি ফুৰা পৰাগৰেণু ইয়াত সহজে লাগি ধৰে ।

(৪) গৰ্ভাশয়ত এটা ডিম্ব আৰু পুষ্পবিন‍্যাসত বহুতো ফুল ।উদাহৰণ ― ঘাঁহ (Grasses) ।

(খ) পানী :- কেৱল ৩০ শতাংশ উদ্ভিদ , অৰ্থাৎ একবীজপত্ৰী উদ্ভিদৰ পানীৰ দ্বাৰা পৰাগযোগ ঘটে ।

(১) উদ্ভিদবোৰত পাতল পৰাগ থাকিব লাগে ।

(২) ফিটাৰ দৰে দীঘল পৰাগক পানীৰ বৈদ‍্যুতিক শক্তিয়ে কঢ়িয়াই নিয়ে।

(৩) পৰাগ আঠাজাতীয় আৱৰণে আবৃত হৈ থাকে ।

উদাহৰণ ― ভেলিছনেৰিয়া , হাইড্ৰলিলা , জ’ষ্টেৰা ।

(২) জৈৱিক বাহক :-

পতংগ :- পতংগবোৰ সহজাত পৰাগযোগৰ বাহক ।

(১) কিছুমান বিশেষ প্ৰজাতিৰ প্ৰাণীৰ দ্বাৰা প্ৰাণীপৰাগী ফুলৰ পৰাগযোগ ঘটে যাতে পৰাগ প্ৰাণীৰ দেহত লাগি ধৰে ।

(২) পতংগ পৰাগী ফুলবোৰ ডাঙৰ , ভিন্নৰঙী , সুগন্ধিযুক্ত আৰু মৌৰসেৰে পৰিপূৰ্ণ হয় ।

(৩) কিছুমান সৰু ফুল একেলগ হৈ এটা পুষ্পবিন‍্যাসৰ আকাৰ লয় ।

(৪) আকৰ্ষণীয় সুগন্ধিযুক্ত হয় ‌।

(৫) সৌৰভ আৰু পৰাগৰেণু ।

প্ৰশ্ন ৩। অংগজ প্ৰজনন কি ? উদাহৰণ দি উদ‍্যান কৃষিত অংগজ প্ৰজননৰ গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰঃ হ্ৰাসাত্মক বিভাজন আৰু চিনগে’মি প্ৰক্ৰিয়াৰৰ অবিহনে বীজ গঠনৰ প্ৰক্ৰিয়াটোক অসংগজনন বোলে । সংকৰ বীজ উৎপাদনৰ প্ৰক্ৰিয়াটো কৃষকসকলৰ কাৰণে খৰচী হৈ পৰে । অসংগজননে সংকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত বীজৰ চৰিত্ৰ অক্ষুন্ন ৰখাত সহায় কৰে । তাৰোপৰি ই কম খৰচী ।

প্ৰশ্ন ৪। ত্ৰি মিলনৰ সংজ্ঞা দিয়া । ইয়াৰ উৎপাদন কি ? এই উৎপাদিত বস্তু বিকশিত হৈ কি হয় ?

উত্তৰঃ ট্ৰিপল ফিউজন হৈছে গুপ্তবীজী উদ্ভিদৰ ভ্ৰূমস্থলীত পুংজনন কোষৰ সৈতে দুটা মেৰু কোষকেন্দ্ৰৰ ফিউজন । ফিউজনৰ প্ৰক্ৰিয়াটো ভ্ৰূণস্থলীৰ ভিতৰত সংঘটিত হয় । যেতিয়া গৰ্ভমুণ্ডত পৰাগৰেণু , পৰেহি, তেতিয়া সিহঁত অংকুৰিত হৈ পৰাগনলী গঠন কৰে , যিটো গৰ্ভদণ্ডৰ মাজৰে গৈ ডিম্বকত প্ৰৱেশ কৰে । ইয়াৰ পিছত পৰাগনলীটো সহকাৰী কোষৰ এটাত প্ৰৱেশ কৰে আৰু দুটা পুংজননকোষ এৰি দিয়ে । পুংজননকোষ দুটাৰ এটাই ডিম্বকোষৰ কোষকেন্দ্ৰৰ লগত নিষেচন ঘটাই যোজনকোষৰ সৃষ্টি কৰে । আনটো পুংজননকোষে কেন্দ্ৰীয় কোষত থকা দুটা মেৰুকোষকেন্দ্ৰৰ সৈতে নিষিক্ত হৈ এটা ট্ৰিপ্লইড প্ৰাথমিক ভ্ৰূণকোষ কোষকেন্দ্ৰ গঠন কৰে । যিহেতু এই প্ৰক্ৰিয়াটোত তিনিটা হেপ্লইড কোষকেন্দ্ৰৰ নিষেচন হয় , সেয়েহে ইয়াক ট্ৰিপল ফিউজন বোলে ।

ত্ৰিমিলনৰ উৎপাদন হ’ল ভ্ৰূণকোষ ভ্ৰূণকোষৰ পৰা ভ্ৰূণপোষ সৃষ্টি হয় ।

প্ৰশ্ন ৫। স্তম্ভ A আৰু B ৰ পদসমূহ মিলোৱা :

স্তম্ভ A স্তম্ভ B
(১) স্বযুগ্মন (১)স্ত্ৰীজননকোষ
(২) এপ’মিক্সিচ (২) স্ব – পৰাগযোগ
(৩) ডিম্বক (৩) ইতৰ – পৰাগযোগ
(৪) ভ্ৰূণস্থলী (৪) অযৌন প্ৰজনন
(৫) পৰাগকোষ (৫) পৰাগৰেণুধানী
(৬) ইতৰ – পৰাগযোগ (৬) স্ত্ৰীৰেণুধানী

উত্তৰঃ

স্তম্ভ A স্তম্ভ B
(১)স্বযুগ্মন (২) স্ব – পৰাগযোগ
(২) এপ’মিক্সিচ (৪) অযৌন প্ৰজনন
(৩) ডিম্বক (৬) স্ত্ৰীৰেণুধানী
(৪) ভ্ৰূণস্থলী (১) স্ত্ৰীজননকোষ
(৫)পৰাগকোষ (৫) পৰাগৰেণুধানী
(৬) ইতৰ – পৰাগযোগ (৩) ইতৰ – পৰাগযোগ

প্ৰশ্ন ৬। এগাম’স্পাৰমি কি ? ইয়াৰ আনিষেকতা আৰু অনিষেক গভীৰ পাৰ্থক্য কি ? 

উত্তৰঃ নিষেচন নোহোৱাকৈ ভ্ৰূণ উৎপন্ন হোৱাকে এগাম’স্পাৰমি বোলে।

নিষেচন নোহোৱাকৈ গৰ্ভাশয় সৃষ্টি হোৱা আৰু ফল সৃষ্টি হোৱাক আনিষেকতা বোলে । যি গৰ্ভাশয়ত বীজ সৃষ্টি নোহোৱাকৈ ফল সৃষ্টি হয় তাক অনিষেক গৰ্ভ বোলা হয় ।

প্ৰশ্ন ৭। মোনাকৰণ মানে কি ? উদ্ভিদ প্ৰজননকাৰীয়ে কেতিয়া আৰু কিয় এই কৌশল অৱলম্বন কৰে ? 

উত্তৰঃ উভয়লিংগি ফুলৰ পৰা স্ত্ৰী প্ৰজনন অংগ (গৰ্ভপত্ৰ) ক আঘাত নকৰাকৈ নিবীৰ্যকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৰাগধানীক আঁতৰোৱা প্ৰক্ৰিয়াটোত বহুতো কৃত্ৰিম সংকৰণ কৌশল (বহুতো শস‍্য উৎপাদন বৃদ্ধিৰ কাৰ্যসূচী) জড়িত হৈ থাকে । পিছত এই নিবীৰ্য ফুলবোৰ বেগত ভৰাই পৰাগৰেণুৰ পৰাগযোগ ঘটাত বাধা দিয়ে । এই প্ৰক্ৰিয়াটোকে বেগিং বোলে ।

এই প্ৰক্ৰিয়াটো উদ্ভিদৰ প্ৰজনন কাৰ্য্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ । কাৰণ কেৱল আশা কৰা উদ্ভিদৰ পৰাগৰেণু গৰ্ভমুণ্ডৰ নিষেচনত ব‍্যৱহাৰ হোৱাটো ই নিশ্চিত কৰে আৰু ইয়াৰ দ্বাৰা আশা কৰা উদ্ভিদৰ বিকাশ ঘটোৱা হয় ।

প্ৰশ্ন ৮। বহুভ্ৰূণতা কি আৰু কেনেকৈ ইয়াক ব‍্যৱসায়ীক ভিত্তিত কামত খটাব পাৰি ? 

উত্তৰঃ এটা বীজত এটাতকৈ অধিক ভ্ৰূণৰ সৃষ্টি হোৱাকে বহুভ্ৰূণতা বোলে ।

প্ৰশ্ন ৯। বায়ু পৰাগন হোৱা ফুলৰ পৰাগকোষ , পৰাগৰেণু আৰু গৰ্ভমুণ্ডৰ চাৰিত্ৰিক বৈশিষ্ট্য লিখা । ফুলে কেনেকৈ তাৰ পৰাগযোগকাৰী পতঙ্গক পুৰস্কৃত কৰে ? 

উত্তৰঃ পৰাগকোষসমূহ উন্মক্ত চেপেটা , পৃষ্ঠলগ্ন । পৰাগৰেণুবিলাক পাতল আৰু সৰু ।গৰ্ভমুণ্ডবিলাক পাখিযুক্ত ।ফুলে পৰাগযোগকাৰী পতঙ্গক পুৰস্কাৰ দিয়ে নানা ভাৱে । যেনে ― মৌৰস আৰু পৰাগৰেণু খাবলৈ দিয়ে । ইয়াৰ লোভত পতঙ্গ ফুলত ঘূৰি ফুৰে ; যাৰ ফলত পৰাগযোগ হয় ।

প্ৰশ্ন ১০। উদ্ভিদত পৰাগযোগৰ আৱশ‍্যকতা আৰু গুৰুত্বৰ কথা আলোচনা কৰা ।

উত্তৰঃ উদ্ভিদ দেহত পৰাগযোগ এটা অত‍্যাৱশ‍্যকীয় প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ কাৰণেই উদ্ভিদে পুংজনন কোষক পুংৰেণুধানীৰ পৰা গৰ্ভমূণ্ডলৈ স্থানান্তৰিত কৰে আৰু পিছত নিষেচন ঘটায় ।

পৰাগযোগৰ দ্বাৰাই ভিন্ন গুণবিশিষ্ট উদ্ভিদৰ বীজৰ সৃষ্টি হয় । পৰাগযোগ অবিহনে নিষেচন কাৰ্য্য সম্পূৰ্ণ হ’ব নোৱাৰে ।

প্ৰশ্ন ১১। বীজৰ সুপ্ততা বুলিলে কি বুজা ? শস্য জাতীয় উদ্ভিদত বীজৰ সুপ্ততাৰ সুবিধা সমূহ কি কি ? আলোচনা কৰা ।

উত্তৰঃ বীজ।এটা অংকুৰণৰ কাৰণে আৱশ‍্যকীয় সকলো অৱস্থা বা কাৰকৰ যোগান ধৰিলেও যদি বীজ এটাই অংকুৰণ ঘটাব নোৱাৰে তেন্তে তাক বীজৰ সুপ্ততা বোলে ।

বীজৰ সুপ্তৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে ইহঁতক বহুদিনলৈকে সঞ্চয় কৰি ৰাখিব পাৰো । আমাৰ প্ৰয়োজন অনুসৰিহে অংকুৰণ ঘটাব পাৰো ।

প্ৰশ্ন ১২। এপ’ফিক্সিছ কি ? বহুভ্ৰূণতাৰ পৰা ই কিদৰে পৃথক ? 

উত্তৰঃ জনন কোষৰ গঠন বা মিলন নঘটাকৈ অযৌন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি কৰা আৰু নতুন জীৱ এটাৰ সৃষ্টি কৰাকে এপ’মিক্সিছ বোলে ।

একে ডিম্বকৰ একাধিক ভ্ৰূণস্থলীৰ পৰা একাধিক ভ্ৰূণ উৎপন্ন হ’লে তাক বহুভ্ৰূণতা বোলে । বীজৰ যোজনকোষ বা আদিভ্ৰূণ বিছাৰিত হৈ দুই বা তাতোধিক ভ্ৰূণৰ সৃষ্টি হয় । যেনে কপৌফুল । ডিম্বাণুৰ বাহিৰেও সহকাৰী কোষ বা প্ৰতিপাদী কোষ সমষ্টিৰ পৰাও অতিৰিক্ত ভ্ৰূণ গঠিত হ’ব পাৰে । ভ্ৰূণপোষকৰ কিছুমান কোষে অতিৰিক্ত ভ্ৰূণ গঠন কৰে । বহুভ্ৰূণতা এটা যৌন প্ৰজননৰ অংশ আনহাতে এপ’মিক্সিছ হ’ল যৌন প্ৰজননক অনুকৰণ কৰা অযৌন প্ৰক্ৰিয়া ।

WhatsApp Channel Follow Now
Telegram Channel Join Now

Leave a Comment