SEBA Class 10- অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আরু সমীকৰণ (Chemical Reaction and equations)

WhatsApp Channel Follow Now
Telegram Channel Join Now

অধ্যায়-১২, বিদ্যুৎ(Electricity), 

১। বৰ্তনী কাক বোলে ? বৰ্তনী এটা কোনো এক ঠাইত ভংগ বা মুক্ত করিলে কি হয় ?
উত্তরঃ বিদ্যুৎ প্রবাহর নিরবিচ্ছিন্ন আরু বন্ধ পথ এটাকে বৰ্তনী বোলে । যদি কোনো এক ঠাইত বৰ্তনীটো ভংগ বা মুক্ত করিলে প্রবাহ বন্ধ হয় ।

২। বিদ্যুৎ প্রবাহে কি বুজায় ? বিদ্যুৎ প্রবাহ কি ?
উত্তরঃ একক সময়ত কোনো এক বিশেষ ক্ষেত্রফলর মাজেরে চালিত আধানর পরিমাণে বিদ্যুৎ প্রবাহ বুজায় । বিদ্যুৎ প্রবাহ হ’ল- আধানর প্রবাহর হার ।

৩। প্রবাহী আধান কি?
উত্তরঃ ধাতুর তাঁরর বৰ্তনীত ইলেক্ট্রনবোর হ’ল- প্রবাহী আধান ।

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

৪। বিদ্যুতর পরিঘটনাবোরর আৱিষ্কারর সময়ত ইলেক্ট্রনর বিষয়ে কোনো জ্ঞাত আছিলনে? এই সময়ছোৱাত কাক/কিহক বিদ্যুৎ প্রবাহ আরু বিদ্যুতর দিশ বুলি বিবেচনা করিছিল ?
উত্তরঃ বিদ্যুতর পরিঘটনাবোরর আৱিষ্কারর সময়ত ইলেক্ট্রনর বিষয়ে কোনো জ্ঞাত নাছিল । সেয়েহে, এই সময়ছোৱাত ধনাত্মক আধানর গতিকহে বিদ্যুৎ প্রবাহ বুলি আরু ইয়ার গতিকেই বিদ্যুৎ প্রবাহর দিশ বুলি বিবেচনা করিছিল ।

৫।বিদ্যুত প্রবাহর সূত্রটো লিখা ।
উত্তরঃ যদি কোনো পরিবাহীর যিকোনো প্রস্থচ্ছেদর মাজেরে ‘t’ সময়ত মুঠ ‘Q’ আধান চালিত হয় তেতিয়া প্রস্থচ্ছেদটোর মাজেরে বিদ্যুৎ প্রবাহ হ’ব ‘I’

৬। বিদ্যুত আধানর এচ. আই. একক কি? ই কিহর সমপৰ্যায়ৰ ?
উত্তরঃ বিদ্যুত আধানর এচ. আই. একক হ’ল- কুলম্ব (C) । ই প্রায় 6×1018 টা ইলেকট্রনত থকা আধানর সমপৰ্যায়ৰ ।

৭। এটা ইলেক্ট্রনত কিমান পরিমাণর আধান থাকে ?
উত্তরঃ এটা ইলেক্টনত 1.6 x 10-19 ঋণাত্মক আধান থাকে ।

৮। বিদ্যুৎ প্রবাহক কি প্রকাশ করা হয় ?
উত্তরঃ বিদ্যুৎ প্রবাহক এম্পিয়ার (A) এককত প্রকাশ করা হয় ।

৯। এম্পিয়ার কাক বোলে ? ইয়ার সূত্রটো লিখা । এম্পিয়ার এককটি কোনজন বিজ্ঞানীর নামর পরা আহিছে ?
উত্তরঃ প্রতি ছেকেণ্ডত এক কুলম্ব আধানর প্রবাহক এক এম্পিয়ার বোলে ।

 

এম্পিয়ার এককটি ফরাচী বিজ্ঞানী Andre-Marie Ampere (1775-1836) র নামর পরা আহিছে ।

১০। প্রবাহর সরু মানক কিহত প্রকাশ করা হয় ?
উত্তরঃ প্রবাহর সরু মানক মিলিএম্পিয়ার (1 mA= 10-3 A) বা মাইক্র’এম্পিয়ার ত প্রকাশ করা হয় ।

১১। এটা বৰ্তনীর বিদ্যুৎ প্রবাহ কিহেরে জোখা হয় ?
উত্তরঃ এমিটার নামর সঁজুলির সহায়েরে এটা বৰ্তনীর বিদ্যুৎ প্রবাহ কিহেরে জোখা হয় ।

১২।পরিবাহী এডালর ভিতরত আধানর প্রবাহ কেনেদরে হয় ?
অথবাঃ ধাতুৱে কেনেকৈ বিদ্যুৎ প্রবাহিত করে ?

উত্তরঃ পরিবাহীর মাজেরে ইলেকট্রনর গতি আরু শূণ্যস্থানর মাজেরে আধানর গতির মাজত কিছুমান পাৰ্থক্য পরিলক্ষিত হয় । যেতিয়া কোনো এক স্থির প্রবাহ এডাল পরিবাহীর মাজেরে পরিবাহিত হয়, তেতিয়া তাত উপস্থিত থকা ইলেক্ট্রনবোর পরিবাহীর মাজেরে এক বিশেষ গড় ‘অপৱাহ দ্রুতিরে’ (Drift Speed) গতি করে । কম পরিমাণর তামর তাঁর এডালর বাবে এই অপৱাহ দ্রুতির মান অতি কম, প্রায় 1mms-1 র সমান হয় । এটা ইলেক্ট্রনে বিদ্যুৎ উৎসর এক প্রান্তর পরা আন এক প্রান্তলৈ কায়িকভাৱে উপনীত হ’লেহে যেন প্রবাহর সূচনা হ’ব এনে কোনো বিষয় জড়িত নাই । কারণ, পরিবাহী তাঁরর মাজেরে ইলেক্ট্রনর কায়িক প্রৱাহ এক অতি মন্থর প্রক্রিয়া । প্রবাহ সঞ্চালনর প্রকৃত দ্রুতি পোহরর দ্রুতির প্রায় সমান ।

১৩। ইলেক্ট্রনবিলাক পরিবাহীর মাজেরে কি গড়র আধারত গতি করে বা গতিটোর নাম কি?

উত্তরঃ যেতিয়া কোনো এক স্থির প্রবাহ এডাল পরিবাহীর মাজেরে পরিবাহিত হয়, তেতিয়া তাত উপস্থিত থকা ইলেক্ট্রনবোর পরিবাহীর মাজেরে এক বিশেষ গড় ‘অপৱাহ দ্রুতিরে’ (Drift Speed) গতি করে ।

১৫। তামর তাঁর এডালর মাজেরে আধানবিলাক স্বয়ংক্রিয়ভাৱে গতি করেনে?
উত্তরঃ তামর তাঁর এডালর মাজেরে আধানবিলাক স্বয়ংক্রিয়ভাৱে গতি নকেরে ।

১৬। পরিবাহীত আধানর প্রবাহর ক্ষেত্রত মাধ্যাকৰ্ষণৰ ভূমিকা আছেনে?
উত্তরঃ পরিবাহীত আধানর প্রবাহর ক্ষেত্রত মাধ্যাকৰ্ষণৰ কোনো ভূমিকা নাই ।

১৭। বিভৱভেদ কাক বোলে ? ই কেনেদরে সৃষ্টি হয় ? দুটা বিন্দু মাজর বিভৱভেদ কাক বোলে? ইয়ার সূত্রটো লিখা ।
উত্তরঃ তামর তাঁর এডালর মাজেরে আধানবিলাক স্বয়ংক্রিয়ভাৱে গতি নকেরে । পরিবাহীত আধানর প্রবাহর মাজত এক বৈদ্যুৎ চাপর পাৰ্থক্য থাকে বা ঘটে যাৰ বাবে ইলেক্ট্রনবোরে গতি করে । এই চাপর পাৰ্থক্যকে পরিবাহীডালর বিভৱভেদ বোলে ।
কোনো এক কোষর (বৈদ্যুতিক বা বেটারীর) অন্তৰ্ভাগৰ রাসায়নিক বিক্রিয়াই কোষটোর মূর দুটার মাজত বিভৱভেদর সৃষ্টি করে আরু কোষটোর পরা প্রবাহ নগ’লেও এই বিভৱভেদর সৃষ্টি হয় ।

প্রবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এক বিন্দুর পরা আন এক বিন্দুলৈ একক আধান এটা নিওঁতে করা কাৰ্যক, বিন্দু দুটার মাজর বিভৱভেদ বোলে ।

 

১৮। বিভৱভেদর এচ আই একক কি? ই কোনজন ব্যক্তির নামর পরা আহিছে ?
উত্তরঃ বিভৱভেদর এচ আই একক হ’ল- ভল্ট (V) । ই ইটালীর পদাৰ্থ বিজ্ঞানী Alessandro Volta (1745-1827), নামর পরা আহিছে ।

১৯। 1 ভল্টর সংজ্ঞা দিয়া ।
অথবাঃ ১ ভল্ট মানে কি বুজা ?
উত্তরঃ 1 ভল্ট হৈছে- প্রবাহযুক্ত পরিবাহী এডালর দুটা বিন্দুর মাজর বিভৱভেদ, যদি 1 কুলম্ব আধান তারে এক বিন্দুর পরা আন এক বিন্দুলৈ চলিত করিবর বাবে 1 জুল কাৰ্য করিব লাগে ।

1V= 1JC-1

২০। বিভৱভেদক কি সঁজুলির সহায়েরে জুখা হয় ? বিভৱভেদ জুখিবর বাবে কি করা হয় ?
অথবাঃ বিভৱভেদ জুখিবর বাবে কি এক সঁজুলির ব্যৱহার করা হয়? বা সঁজুলিটোর নাম কি? বিভৱভেদ কেনেদরে জোখা হয় ?

উত্তরঃ বিভৱভেদ জুখিবর বাবে ভল্টমিটার নামর এক সঁজুলির ব্যৱহার করা হয় । জুখিব লগা বিন্দু দুটার লগত ভল্টমিটারক সমান্তরালভাৱে সংযোগ করি বিভৱভেদ জোখা হয় ।

২১। বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা কেইবিধমান উপাদানৰ নাম লিখা ।
উত্তৰঃ বৈদ্যুতিক বৰ্তনীত সাধাৰণতে ব্যৱহৃত হোৱা কেইবিধমান উপাদানৰ নাম হ’ল- এটা বৈদ্যুতিক কোষ, এটা বেটেৰী বা কোষৰ সমষ্টি, এটা প্লাগ চাবি (মুক্ত), এটা প্লাগ চাবি (বন্ধ), এডাল তাঁৰৰ সংযোগ, সংযোগহীনভাৱে পাৰ হোৱা তাঁৰ, বৈদ্যুতিক বাল্ব, R ৰোধৰ এটা ৰোধক, পৰিবৰ্তনশীল ৰোধ বা ৰিঅ’ষ্টেট, এমিটাৰ, ভল্টমিটাৰ আদি ।

২২। কোনে আরু কেতিয়া কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্রবাহ (I) আরু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল ?
উত্তৰঃ জাৰ্মান পদাৰ্থ বিজ্ঞানী জিঅৰ্‌জ সিমন ওমে (Georg Simon Ohm) 1827 চনত কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্রবাহ (I) আরু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল ।

২৩। ওমৰ সূত্র কাক বোলে?
উত্তৰঃ জাৰ্মান পদাৰ্থ বিজ্ঞানী জিঅৰ্‌জ সিমন ওমে (Georg Simon Ohm) 1827 চনত কোনো ধাতুৰ তাৰৰ মাঁজেৰে চালিত প্রবাহ (I) আরু ইয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পৰ্কটো উলিয়াইছিল । উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্রদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ বিভৱভেদ, V তাঁৰডালৰ মাজেৰে যোৱা প্রবাহৰ সমানুপাতিক । ইয়াকে ওমৰ সূত্র বোলে ।

২৪। ৰোধ কি? ৰোধ কাক বোলে? ৰোধৰ এচ আই একক কি? ৰোধৰ এচ আই এককক কি আখৰে সূচায়?
উত্তৰঃ ৰোধ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এক ধৰ্ম বা ব্যৱস্থা ।
কোনো এক নিৰ্দিষ্ট উষ্ণতাত প্রদত্ত পৰিবাহী এডালৰ মাজেৰে চালিত ইলেক্ট্রনে পোৱা বাধাক ৰোধ বোলে ।
ৰোধৰ এচ আই একক হ’ল- ওম ।
ৰোধৰ এচ আই এককক Ω আখৰে সূচায় ।

২৫। 1 ওমৰ সূত্র লিখা লিখা ।
উত্তৰঃ ওমৰ সূত্র মতে, যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ 1V আরু ইয়াৰ মাজেৰে 1 A প্রবাহ চালিত হয়, তেন্তে পৰিবাহীডালৰ ৰোধ 1Ω হ’ব ।

২৬। ওমৰ সূত্র মতে ৰোধ কি?
উত্তৰঃ ওমৰ সূত্র মতে, এক নিৰ্দিষ্ট উষ্ণতাত প্রদত্ত পৰিবাহী এডালৰ বাবে এটা ধ্রুৱক আরু ইয়াক ৰোধ বোলা হয় ।

২৭। এটা ৰোধকৰ মাজেৰে চালিত প্রবাহ ইয়াৰ ৰোধৰ ……………। যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্রবাহৰ মান ………হ’ব ।
উত্তৰঃ এটা ৰোধকৰ মাজেৰে চালিত প্রবাহ ইয়াৰ ৰোধৰ ব্যস্তানুপাতিক । যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্রবাহৰ মান আধা হ’ব ।

২৮। পৰিবৰ্তনশীল ৰোধ (Rheostat) কাক বোলে? ইয়াক কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ বিদ্যুৎ বৰ্তনীত বিভিন্ন ব্যৱহাৰিক ক্ষেত্রত প্রবাহৰ মান বেছি বা কম কৰিব লগা হয় । বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্রবাহৰ মান নিয়ন্ত্রণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিবৰ্তনশীল ৰোধ (Rheostat) বোলে ।
এটা বৰ্তনীত ৰোধৰ মান পৰিবৰ্তন কৰিবলৈ পৰিবৰ্তনশীল ৰোধ, এই সঁজুলিটো ব্যৱহাৰ কৰা হয় ।

২৯। বিদ্যুৎ প্রবাহ কি?
উত্তৰঃ কোনো বিদ্যুৎ বৰ্তনীত ইলেক্ট্রনৰ গতিয়েই বিদ্যুৎ প্রবাহ ।

৩০। পৰিবাহীৰ ইলেক্ট্রনবিলাক গতিৰ বাবে সম্পূৰ্ণরূপে মুক্ত হয়নে ?
উত্তৰঃ পৰিবাহীৰ ইলেক্ট্রনবিলাক গতিৰ বাবে সম্পূৰ্ণরূপে মুক্ত নহয় ।

৩১। ইলেক্ট্রনবোৰক কোনে বাধা দিয়ে?
উত্তৰঃ ইলেক্ট্রনবোৰৰ চৌপাশৰ পৰমাণুৰ আকৰ্ষণে ইলেক্ট্রনবোৰক বাধা দিয়ে ।

৩২। ৰোধক কাক বোলে?
উত্তৰঃ ৰোধযুক্ত পৰিবাহীক ৰোধক বোলে ।

৩৩। সু-পৰিবাহী আরু কু-পৰিবাহী বুলিলে কি বুজা ?
উত্তৰঃ প্রদত্ত আকাৰৰ উপাদান এটাৰ ৰোধ কম হ’লে তাক সু-পৰিবাহী বুলি কোৱা হয় ।
একে আকাৰৰ বেছি ৰোধযুক্ত পৰিবাহীক কু-পৰিবাহী বুলি কোৱা হয় ।

৩৪। সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘৰ (l) সমানুপাতিক আরু প্রস্থচ্ছেদৰ কালিৰ …….. ।
উত্তৰঃ সুষম ধাতুৰ তাঁৰৰ ৰোধ ইয়াৰ দৈৰ্ঘৰ (l) সমানুপাতিক আরু প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ।

৩৫। ৰ’ (ρ) কি? ইয়াক কি বুলা জনা যায় ? ৰোধকতাৰ এচ আই একক কি?
উত্তৰঃ ৰ’ (ρ) হ’ল- এটা সমানুপাতিক ধ্রুৱক । ইয়াক পৰিবাহীৰ পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয় বা জনা যায় । ৰোধকতাৰ এচ আই একক Ω m

৩৬। ধাতু বা সংকৰ ধাতুৰ ৰোধকতা কম নে বেছি? ধাতু বা সংকৰ ধাতুৰ ৰোধকতাৰ মানৰ পৰিসৰ কিমান? সিহঁত বিদ্যুতৰ সু-পৰিবাহী নে কু-পৰিবাহী?
উত্তৰঃ ধাতু বা সংকৰ ধাতুৰ ৰোধকতা অতি কম । ধাতু বা সংকৰ ধাতুৰ ৰোধকতাৰ মানৰ পৰিসৰ 10-8 Ω m ৰ পৰা 10-6 Ω m ৰ ভিতৰত ।

সিহঁত বিদ্যুতৰ সু-পৰিবাহী ।

৩৭। ৰবৰ আরু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ কিমান ?
উত্তৰঃ ৰবৰ আরু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ ৰোধকতাৰ পৰিসৰ হ’ল- 1012 Ω m ৰ পৰা 1017 Ω m ৰ ভিতৰত ।

৩৮। কিয় সংকৰ ধাতুক বৈদ্যুতিক ইস্ত্রি, পাউ রুটি সেকা যন্ত্র আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে বা জ্বলি নাযায় । সেয়েহে, সংকৰ ধাতুক বৈদ্যুতিক ইস্ত্রি, পাউ রুটি সেকা যন্ত্র আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয় ।

৩৯। বৈদ্যুতিক বাল্বত কি ধাতু ব্যৱহৃত হয়?
উত্তৰঃ বৈদ্যুতিক বাল্বত টাংষ্টন ব্যৱহৃত হয় ।

৪০। বিদ্যুৎ সৰবৰাহ তাঁৰত কি ধাতু ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বিদ্যুৎ সৰবৰাহ তাঁৰত কপাৰ আরু এলুমিনিয়াম ব্যৱহাৰ কৰা হয় ।

WhatsApp Channel Follow Now
Telegram Channel Join Now

1 thought on “SEBA Class 10- অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আরু সমীকৰণ (Chemical Reaction and equations)”

Leave a Comment