SEBA Class 10- Metals and Non-Metals, (ধাতু আরু অধাতু)

WhatsApp Channel Follow Now
Telegram Channel Join Now

 ধাতু আরু অধাতু (Metals and Non-Metals)

 

১। ধাতৱ দ্যুতি কাক বোলে?

উত্তরঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকিমিকিয়া । ইয়াক ধাতৱ দ্যুতি (Metallic luster) বোলে ।

Assam Direct Recruitment Guide Book PDF

Assamese Medium: Click Here

English Medium: Click Here

২। ধাতুৰ ঘাতসহনীয়তা বুলিলে কি বুজা? দুবিধ ঘাত সহনশীল ধাতুৰ নাম লিখা ।

উত্তরঃ কিছুমান ধাতুক হাতুৰি বা আন বস্তুৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি । অর্থাৎ ধাতুবোৰক পাতল কৰিব পৰা যায় । ধাতুৰ এই ধৰ্মক ধাতুৰ ঘাতসহনীয়তা (Malleability) বোলে । দুবিধ ঘাত সহনশীল ধাতু হ’ল- সোণ আরু রূপ ।

৩। ধাতুৰ নমনীয়তা বুলিলে কি বুজা ? এবিধ নমনীয় ধাতুৰ নাম লিখা ।

উত্তরঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা যায় । অৰ্থাৎ ধাতুৰ বলীয় গুণবিশিষ্ট হয় । ধাতুৰ এই ধৰ্ম বা গুণক ধাতুৰ নমনীয়তা (Ductility) বোলে । এবিধ নমনীয় ধাতু হ’ল- সোণ ।

৪। ধাতুৰ কি কি গুণৰ বাবে প্রয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পৰা যায় ?

উত্তরঃ ধাতুৰ ঘাতসহনীয়তা আরু নমনীয়তা গুণৰ বাবে প্রয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পৰা যায় ।

৫। ধাতুবোৰ তাপৰ সুপৰিবাহী নে কুপৰিবাহী?

উত্তরঃ ধাতুবোৰ তাপৰ সুপৰিবাহী ।

৬। ধাতুৰ গলনাংকৰ প্রকৃতি কি?

উত্তরঃ ধাতুৰ গলনাংকৰ গলনাংক উচ্চ ।

৭। তাপৰ দুবিধ অধিক সুপৰিবাহী আরু দুবিধ কম পৰিবাহী ধাতুৰ নাম লিখা ।

উত্তরঃ তাপৰ দুবিধ অধিক সুপৰিবাহী ধাতুৰ নাম হ’ল- রূপ আরু তাম ।

তাপৰ দুবিধ কম পৰিবাহী ধাতুৰ নাম হ’ল- সীহ আরু পাৰা ।

৮। ধাতুবোৰ বিদ্যুতৰ সু-পৰিবাহীনে?

উত্তরঃ ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী ।

৯। বিদ্যুৎ পৰিবাহী তাঁৰবিলাকৰ ওপৰত দিয়া ৰবৰ সদৃশ তৰপ বিধৰ নাম কি? বৈদ্যুতিক তাঁৰবিলাকত এই ধৰণৰ আৱৰণ কিয় দিয়া হয়?

উত্তরঃ বিদ্যুৎ পৰিবাহী তাঁৰবিলাকৰ ওপৰত দিয়া ৰবৰ সদৃশ তৰপ বিধৰ নাম হ’ল- পলিভিনাইল ক্ল’ৰাইড (PVC) । ধাতু বিদ্যুতৰ সুপৰিবাহী, সেয়েহে বৈদ্যুতিক তাৰবোৰৰ পৰা হাত সাৰিবৰ বাবে অৰ্থাৎ সুৰক্ষাৰ বাবে, এই ধৰণৰ আৱৰণ দিয়া হয় ।

১০। ধাতুৰ নিনাদীগুণ বুলিলে কি বুজা ? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা ।

উত্তরঃ টান বা কঠিন পৃষ্ঠৰ লগত কোনো ধাতুৰ পদাৰ্থ খুন্দা লাগিলে শব্দ উৎপন্ন হয় । এইদৰে উৎপন্ন কৰা ধাতুৰ গুণ বা ধৰ্মক ধাতুৰ নিনাদীগুণ (Sonorous) বোলে । ধাতুৰ নিনাদীগুণ থকাৰ বাবে স্কুলৰ ঘণ্টা (School Bell)বোৰ ধাতুৰে তৈয়াৰ কৰা হয় ।  

১১। ধাতুৰ পাঁচটা গুণ বা বৈশিষ্ট্য বা ধৰ্ম লিখা ।

উত্তরঃ ধাতুৰ পাঁচটা গুণ বা বৈশিষ্ট্য বা ধৰ্ম হ’লঃ

(ক) ধাতৱ দ্যুতিঃ

   বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকিমিকিয়া । ইয়াক ধাতৱ দ্যুতি (Metallic luster) বোলা হয় ।

(খ)ধাতুৰ ঘাতসহনীয়তাঃ

ধাতুক হাতুৰি বা আন বস্তুৰে মৰিয়াই পাতল পাত এচটাৰ দৰে বনাব পাৰি । অর্থাৎ ধাতুবোৰক পাতল কৰিব পৰা যায় । ধাতুৰ এই ধৰ্মক ধাতুৰ ঘাতসহনীয়তা (Malleability) বোলা হয় ।

(গ) ধাতুৰ নমনীয়তাঃ

    ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা যায় । অৰ্থাৎ ধাতুৰ বলীয় গুণবিশিষ্ট হয় । ধাতুৰ এই ধৰ্ম বা গুণক ধাতুৰ নমনীয়তা (Ductility) বোলে । এবিধ নমনীয় ধাতু হ’ল- সোণ ।

(ঘ) বিদ্যুতৰ সুপৰিবাহীঃ

    ধাতুবোৰ বিদ্যুতৰ সপৰিবাহী অর্থাৎ ধাতুৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব পাৰে ।

(ঙ) তাপৰ সুপৰিবাহীঃ

    ধাতুবোৰ তাপৰ সুপৰিবাহী হয় । যাৰ বাবে ধাতুৰে তৈয়াৰী বাচন-বৰ্তন ৰন্ধনশালত ব্যৱহাৰ কৰা হয় ।

(চ) ধাতুৰ নিনাদীগুণঃ

    ধাতুবোৰত টান বা কঠিন পৃষ্ঠত খুন্দা বা আঘাত কৰিলে শব্দ উৎপন্ন হয় । ইয়াকে ধাতুৰ নিনাদীগুণ বোলা হয় ।

১২। পাঁচবিধ অধাতুৰ উদাহৰণ দিয়া ।

উত্তরঃ পাঁচবিধ অধাতুৰ নাম হ’ল- কাৰ্বন, ছালফাৰ, আয়’ডিন, অক্সিজেন আরু হাইড্র’জেন ।

১৩। ধাতু আরু অধাতুৰ চাৰিটা ভৌতিক ব্যতিক্রম ধৰ্ম লিখা ।

উত্তরঃ ধাতু আরু অধাতুৰ চাৰিটা ব্যতিক্রম ভৌতিক ধৰ্ম হ’ল-

(ক) পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন । ধাতুৰ গলনাংক বেছি কিন্তু গেলিয়াম আরু ছিজিয়াম ধাতুৰ গলনাংক নিচেই কম ।

(খ) আয়’ডিন অধাতু যদিও ধাতৱদ্যুতি সম্পন্ন ।

(গ) কাৰ্বন এক অধাতু কিন্তু ইয়াৰ বহুরূপিতা গুণ আছে । হীৰা কাৰ্বনৰ বহুরূপ যি প্রকৃতিৰ আটাইতকৈ টান পদাৰ্থ আরু ইয়াৰ গলনাংক আরু উতলাংকও অতি উচ্চ । আকৌ কাৰ্বনৰ আন এক বহুরূপিতা গ্রেফাইট, যি বিদ্যুতৰ পৰিবাহী । এই দুয়ুটা যৌগই ব্যতিক্রম ধৰ্ম প্রদৰ্শন কৰিছে ।

(ঘ) লিথিয়াম, ছ’ডিয়াম, পটাছিয়াম আদি ক্ষাৰ ধাতু ইমান কোমল যে কটাৰীৰে কাটিব পাৰি আরু এই ধাতু কেইবিধৰ ঘনত্বৰ লগতে গলনাংকও অতি কম যিবোৰে ব্যতিক্রম ধৰ্ম প্রদৰ্শন কৰিছে ।

১৪। ধাতু আরু অধাতুৰ মাজত কাৰ গলনাংক অধিক/বেছি? এই গুণৰ ব্যতিক্রম দুবিধ ধাতুৰ নাম লিখা ।

উত্তরঃ

ধাতু আরু অধাতুৰ মাজত ধাতুৰ গলনাংক বেছি । এই গুণৰ ব্যতিক্রম দুবিধ ধাতু হ’ল- গেলিয়াম আরু ছিজিয়াম ।

১৫। দুবিধ কম গলনাংক ধাতুৰ নাম লিখা ।

উত্তরঃ দুবিধ কম গলনাং ধাতুৰ নাম হ’ল- গেলিয়াম আরু ছিজিয়াম ।

১৬। কোনবিধ অধাতু ধাতৱদ্যুতি সম্পন্ন?

উত্তরঃ আয়’ডিন অধাতু যদিও ধাতৱদ্যুতি সম্পন্ন ।

১৭। কাৰ্বন ধাতু নে অধাতু? ইয়াৰ প্রতিটো অৱস্থাক কি বোলে ?

উত্তরঃ কাৰ্বন এক অধাতু । ইয়াৰ প্রতিটো অৱস্থাক বহুরূপ (Allotrope) বোলে ।

১৮। কাৰ্বনৰ বহুরূপ বুলিলে কি বুজা?

উত্তরঃ কাৰ্বন এক অধাতু । ই প্রকৃতিৰ বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে । ইয়াৰ প্রতিটো অৱস্থাক বহুরূপ বোলে । উদাহৰণস্বরূপে- হীৰা আরু গ্রেফাইট কাৰ্বনৰ বহুরূপ ।

১৯। হীৰা আরু গ্রেফাইট কোনবিধ অধাতুৰ বহুরূপ ?

উত্তরঃ হীৰা আরু গ্রেফাইট কাৰ্বনৰ বহুরূপ ।

২০। কাৰ্বনৰ দুবিধ বহুরূপ লিখা ।

উত্তরঃ কাৰ্বনৰ দুই বহুরূপ হ’ল- হীৰা আরু গ্রেফাইট ।

২১। প্রকৃতিৰ সকলোতকৈ টান পদাৰ্থ কি?

উত্তরঃ প্রকৃতিৰ সকলোতকৈ টান পদাৰ্থ হীৰা ।

২২। এবিধ বিদ্যুতৰ পৰিবাহী অধাতুৰ নাম লিখা ।

উত্তরঃ এবিধ বিদ্যুতৰ পৰিবাহী অধাতুৰ নাম হ’ল- গ্রেফাইট ।

২৩। হীৰাৰ গলনাংক আরু উচ্চলাংকৰ প্রকৃতি কি?

উত্তরঃ হীৰাৰ গলনাংক আরু উচ্চলাংকৰ প্রকৃতি অতি উচ্চ ।

২৪। তিনিবিধ ক্ষাৰ অধাতুৰ নাম লিখা ।

অথবাঃ তিনিবিধ কম ঘনত্ব আরু কম গলনাংক ধাতুৰ নাম লিখা ।

উত্তরঃ তিনিবিধ ক্ষাৰ অধাতুৰ / কম ঘনত্ব আরু কম গলনাংক ধাতুৰ নাম হ’ল- (ক) লিথিয়াম, (খ) ছ’ডিয়াম আরু (গ) পটাছিয়াম ।

২৫। ধাতু আরু অধাতুৰ চাৰিটা পাৰ্থক্য লিখা-

উত্তরঃ

(ক) পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন । কিন্তু অধাতুবোৰ কোমল ।

(খ) ধাতুবোৰৰ গলনাংক বেছি আনহাতে অধাতুৰ গলনাংক কম ।

(গ) ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় কিন্তু অধাতৱ অক্সাইডবোৰ পানীত দ্রৱীভূত কৰিলে আম্লিক দ্রৱণ পোৱা যায় ।

(ঘ) ধাতুবোৰ বিদ্যুতৰ পৰিবাহী আনহাতে অধাতুবোৰ বিদ্যুতৰ কু-পৰিবাহী ।

২৬। ধাতৱ অক্সাইডবোৰ আম্লিক নে ক্ষাৰকীয় ?

উত্তরঃ ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় ।

২৭। অধাতৱ অক্সাইড পানীত দ্রৱীভূত কৰিলে কি পোৱা যায় ?

উত্তরঃ অধাতৱ অক্সাইড পানীত দ্রৱীভূত কৰিলে আম্লিক দ্রৱণ পোৱা যায় ।

২৮। পাঁচবিধ ধাতুৰ নাম লিখা ।

উত্তরঃ পাঁচবিধ ধাতুৰ নাম হ’ল- এলুমিনিয়াম, কপাৰ, আইৰন, লেড, মেগনেছিয়াম যিংক আরু ছ’ডিয়াম ।

২৯। বতাহৰ সংস্পৰ্শত মেগনেছিয়াম দহন কৰিলে কি শিখা উৎপন্ন হয়?

উত্তরঃ বতাহৰ সংস্পৰ্শত মেগনেছিয়াম দহন কৰিলে উজ্জ্বল বগা শিখা উৎপন্ন হয় ।   

৩০। সকলো ধাতুৱেই অক্সিজেনৰ লগত লগ লাগি কি উৎপন্ন কৰে? উদাহৰণসহ বুজাই লিখা ।

উত্তরঃ সকলো ধাতুৱেই অক্সিজেনৰ লগত লগ লাগি ধাতৱ অক্সাইড উৎপন্ন কৰে ।

ধাতু + অক্সিজেন → ধাতৱ অক্সাইড

উদাহৰণস্বরূপে- কপাৰ বতাহৰ সংস্পৰ্শত উত্তপ্ত কৰিলে, অক্সিজেনৰ সৈতে লগ লাগি এক প্রকাৰৰ ক’লা অক্সাইড, কপাৰ অক্সাইডৰ উৎপন্ন কৰে ।

2Cu (কপাৰ) + O2 →     2CuO (কপাৰ অক্সাইড)

আন এক এক উদাহৰণঃ

এলুমিনিয়ামে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে ।

4Al (এলুমিনিয়াম) + 3O2     →    2Al2O3

৩১। উভধৰ্মী অক্সাইড কাক বোলে ? উদাহরণসহ বুজাই লিখা ।

উত্তরঃ কিছুমান ধাতৱ অক্সাইডে আম্লিক আরু ক্ষার উভয় ধৰ্মক প্রদৰ্শন করে । এনেধরণর যিবোর ধাতৱ অক্সাইডে অম্ল আরু ক্ষার উভয়রে লগত বিক্রিয়া করি লৱণ আরু পানী উৎপন্ন করে । সেই ধাতৱ অক্সাইডক উভধৰ্মী অক্সাইড (Amphoteric Oxide) বোলে । উদাহরণস্বরূপে- এলুমিনিয়াম অক্সাইডে অম্ল আরু ক্ষারর লগত বিক্রিয়া করি উভধৰ্মী অক্সাইডর বৈশিষ্ট্য প্রদৰ্শন করে ।

Al2O3  +  6HCl   →  2AlCl  +  3H2O

Al2O3 + 2NaOH  →  2NaAlO(ছ’ডিয়াম এলুমিনেট) + H2O

৩২। পানীত দ্রৱীভূত হৈ ক্ষারউৎপন্ন করা দুবিধ ধাতৱ অক্সাইডর নাম লিখা ।

উত্তরঃ পানীত দ্রৱীভূত হৈ ক্ষারউৎপন্ন করা দুবিধ ধাতৱ অক্সাইডর নাম হ’ল- ছ’ডিয়াম অক্সাইড আরু প’টাছিয়াম অক্সাইড ।

Na2O (s) + H2O(l) →   2NaOH (aq)

K2O(S) + H2O (l) →  2KOH (aq)

৩৩। সরহভাগ ধাতৱ অক্সাইড পানীত _____, কিছুমান পানীত দ্রৱীভূত হৈ ক্ষার উৎপন্ন করে ।  

উত্তরঃ সরহভাগ ধাতৱ অক্সাইড পানীত অদ্রৱণীয়, কিছুমান পানীত দ্রৱীভূত হৈ ক্ষার উৎপন্ন করে ।  

৩৪। সকলো ধাতুৱে অক্সিজেনর লগত সমান বেগত বিক্রিয়া করেনে ? ছ’ডিয়াম আরু পটাছিয়াম ধাতুর অক্সিজেনর লগত করা বিক্রিয়ার প্রবণতা কিমান ? দুৰ্ঘটনা রোধ করিবলৈ এনেধরণর ধাতুক কি করা হয় ?

উত্তরঃ সকলো ধাতুৱে অক্সিজেনর লগত সমান বেগত বিক্রিয়া নকরে । ছ’ডিয়াম আরু পটেছিয়ামর দরে ধাতুৱে অতি অধিক প্রৱণতারে বিক্রিয়া করে আরু মুক্ত বায়ুত ঘটিলে জুই জ্বলি উঠে । দুৰ্ঘটনা রোধ করিবলৈ এই ধাতুবোরক কেরাচিন তেলত ডুবাই রখা হয় ।

৩৫। তপতালে আইরণ গলেনে ? এইক্ষেত্রত আইরণর গুড়ির প্রতিক্রিয়া কি ?

উত্তরঃ তপতালে আইরণ নগলে । কিন্তু আইরণর গুড়ি বুনচেন শিখাত ছটিয়াই দিলে ভমককৈ জ্বলি উঠে ।

৩৬। কপার জ্বলেনে ? ইয়ার পরিৱৰ্তে কেনে প্রতিক্রিয়ার সৃষ্টি হয় ?

উত্তরঃ কপার নজ্বলে কিন্তু গরম ধাতুটোর ওপরত কপার অক্সাইডর এটা তরপ সৃষ্টি হয় ।

৩৭। মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড আদি ধাতুবোরর ক্ষেত্রত দুৰ্ঘটনা রোধ করিবর বাবে কেনেধরণর ব্যৱস্থা লোৱা হয় ?

উত্তরঃ সাধারণ উষ্ণতাত মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড আদি ধাতুবোরর ক্ষেত্রত দুৰ্ঘটনা রোধ করিবর বাবে ধাতুর পৃষ্ঠভাগত ধাতুবোরর অক্সাইডর তরপ এটার আৱরণ থাকে । এই অক্সাইডর সুরক্ষা আৱরণটোৱে ধাতুটোক অধিক জারণর পরা রক্ষা করে ।

৩৮। রূপ (Silver) আরু সোণ (gold) উচ্চ উষ্ণতাত অক্সিজেনর লগত বিক্রিয়া করেনে ?

উত্তরঃ রূপ (Silver) আরু সোণ (gold) উচ্চ উষ্ণতাত অক্সিজেনর লগত বিক্রিয়া নকরে ।

৩৯। এন’ডীকরণ কি? এন’ডীকরণ প্রক্রিয়াটো আরু ইয়ার ব্যৱহার সম্পৰ্কে লিখা ।

অথবাঃ ৪০। এলুমিনিয়ামর পাত্রবোর কেনেদরে আকৰ্ষণীয় উজ্জ্বল করা হয় ?

অথবাঃ ৪১। ধাতুবোরক ক্ষয় হোৱাৰ পরা কেনেদরে রোধ করিব পারি ?

অথবাঃ ৪২। ধাতুবোরর ক্ষয়র পরিমাণ হ্রাস করিবলৈ কি প্রক্রিয়া ব্যৱহার করা হয় ?

উত্তরঃ এন’ডীকরণ (Anodising) হ’ল- এলুমিনিয়াম অক্সাইডর ডাঠ প্রলেপ দিয়া এক প্রক্রিয়া ।  

    বতাহর সংস্পৰ্শত এলুমিনিয়াম ধাতুৱে এক পাতল অক্সাইডর তরপর সৃষ্টি করে । এই এলুমিনিয়াম অক্সাইড তরপটোৱে ধাতুবিধক অধিক ক্ষয় যোৱাত বাধা প্রদান করে । অক্সাইড তরপটো ডাঠ করি ক্ষয়র পরিমাণ কম/হ্রাস করিব পরা যায় ।

 এন’ডীকরণর সময়ত পরিষ্কার এলুমিনিয়াম ধাতুক এন’ড হিচাপে লোৱা হয় আরু লঘু ছালফিউরিক এচিডর লগত বিদ্যুৎ বিশ্লেষণ করা হয় । এন’ডত উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামর লগত বিক্রিয়া করি সুরক্ষা তরপটো (Protective Layer) আরু ডাঠ করি পেলায় । এই অক্সাইড তরপটো বিভিন্ন রঙ করি এলুমিনিয়ামর পাত্রবোর আকৰ্ষণীয় উজ্জ্বল করিব পরা যায় ।   

৪০। এবিধ সক্রিয় ধাতুর নাম লিখা ।

উত্তরঃ এবিধ সক্রিয় ধাতু হ’ল- ছ’ডিয়াম ।

৪১। মেগনেছিয়াম আরু ছ’ডিয়ামর ভিতর কোনবিধ বিক্রিয়া প্রবল বা কম সক্রিয় ?

উত্তরঃ ছ’ডিয়াম অধিক সক্রিয় ধাতু । মেগনেছিয়ামর বিক্রিয়া কম প্রবল (Less vigorous) । ই ছ’ডিয়ামতকৈ কম সক্রিয় ।

৪২। ধাতুৱে পানীর লগত বিক্রিয়া করিলে কি হয় ? উদাহরণসহ বুজাই লিখা ।

অথবাঃ ৪৩। ধাতুৱে পানীর লগত বিক্রিয়া করি কি কি উৎপন্ন করে ?

উত্তরঃ ধাতুৱে পানীর লগত বিক্রিয়া করি ধাতৱ অক্সাইড আরু হাইড্র’জেন গেছ উৎপন্ন করে । পানী দ্র‍ৱণীয় ধাতৱ অক্সাইডবোরে পানীত দ্রৱীভূত হৈ ধাতুর হাইড’ক্সাইড উৎপন্ন করে ।

ধাতু + পানী  ধাতৱ অক্সাইড + হাইড্র’জেন

ধাতৱ অক্সাইড + পানী  ধাতুর হাইড্র’ক্সাইড

৪৩। ছ’ডিয়াম আরু পটাছিয়াম ধাতুৱে পানীর লগত বিক্রিয়া করিলে কি হয় ?

অথবাঃ ৪৪। ছ’ডিয়াম আরু পটাছিয়াম ধাতুৱে পানীর লগত বিক্রিয়া করি কি উৎপন্ন করে ?

উত্তরঃ ছ’ডিয়াম আরু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীর লগত প্রবল বেগে (Violently) বিক্রিয়া করে । ছ’ডিয়াম আরু পটাছিয়ামর ক্ষেত্রত বিক্রিয়াটো অধিক প্রবল আরু তাপোৎপাদী বা তাপবৰ্জী (Exhothermic) যে উৎপন্ন হোৱা হাইড্র’জেন গেছ নিমিষতে জ্বলি উঠে ।

2K (s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি

2Na(s) + 2H2O(l)  →  2NaOH(aq) + H2(g) + তাপশক্তি 

৪৫। পানীৰ লগত কেলছিয়ামৰ বিক্রিয়াৰ প্রকৃতি কি বা পানীৰ লগত কেলছিয়াম কেনেদৰে বিক্রিয়া কৰে ?

উত্তৰঃ পানীৰ লগত কেলছিয়ামৰ বিক্রিয়া বেগ কম প্রবল (Less Violent) । এই বিক্রিয়াৰ ফলত উৎপন্ন হোৱা তাপ হাইড্র’জেন গেছ জ্বলি উঠিবৰ বাবে যথেষ্ট নহয় । এই বিক্রিয়াত কেলছিয়াম ধাতু পানীত ওপঙে । কাৰণ, উৎপন্ন হোৱা হাইড্র’জেন গেছ ধাতুৰ পৃষ্ঠতলত লাগি ধৰে ।

Ca(s) + 2H2O(l) ⟶ Ca(OH)2(aq) + H2(g)

৪৬। মেগনেছিয়ামে কেনে পানীৰ লগত বিক্রিয়া কৰে ? পানীৰ লগত বিক্রিয়া কৰি মেগনেছিয়ামে কি উৎপন্ন কৰে? মেগনেছিয়াম কিয় পানীত ওপঙে ?

উত্তৰঃ মেগনেছিয়ামে ঠাণ্ডা পানীৰ সৈতে বিক্রিয়া নকৰে । মেগনেছিয়ামে সাধাৰণতে গৰম পানীৰ সৈতে বিক্রিয়া কৰে ।

    পানীৰ লগত বিক্রিয়া কৰি মেগনেছিয়ামে মেগনেছিয়াম হাইড্র’ক্সাইড আরু হাইড্র’জেন উৎপন্ন হয় ।

     মেগনেছিয়ামৰ পৃষ্ঠতলতো হাইড্র’জেন গেছ লাগি ধৰে কাৰণে মেগনেছিয়াম পানীত ওপঙে ।

৪৭। এলুমিনিয়াম, আইৰন, যিংক আদি ধাতুৱে কেনেদৰে পানীৰ লগত বিক্রিয়া কৰে ?

উত্তৰঃ এলুমিনিয়াম, আইৰন, যিংক আদি ধাতুৱে ঠাণ্ডা আরু গৰম পানীৰ লগত বিক্রিয়া নকৰে । এই ধাতুবোৰে উতলা পানীৰ বাষ্পৰ সৈতে বিক্রিয়া কৰে । এই বিক্রিয়াৰ জৰিয়তে ধাতৱ অক্সাইড আরু হাইড্র’জেন উৎপন্ন কৰা পৰিলক্ষিত হয় ।

2Al(s) + 3H2O(g) ⟶ Al2O3(s) + 3H2(g)

3Fe(s) + 4H2O(g) ⟶ Fe3O4(s) + 4H2(g)

৪৮। লেড, কপাৰ, রূপ, সোণ আদি ধাতুৱে পানীৰ সৈতে বিক্রিয়া কৰেনে?

উত্তৰঃ লেড, কপাৰ, রূপ, সোণ আদি ধাতুৱে পানীৰ সৈতে বিক্রিয়া নকৰে ।

৪৯। এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কি হয় ?

উত্তৰঃ ধাতুৱে এছিডৰ লগত বিক্রিয়া কৰিলে লৱণ আরু পানী উৎপন্ন কৰে ।

ধাতু + লঘু এছিড ⟶ ধাতৱ লৱণ + হাইড্র’জেন

৫০। নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কিয় হাইড্র’জেন গেছ নোলায় ?

উত্তৰঃ নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে হাইড্র’জেন গেছ নোলায় কাৰণ নাইট্রিক এছিড (HNO3) এবিধ জাৰক পদাৰ্থ ।

৫১। নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে হয় ?

উত্তৰঃ নাইট্রিক এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে উৎপন্ন হোৱা হাইড্র’জেন গেছক পানীলৈ (H2O) জাৰিত কৰে আরু নাইট্র’জেনৰ কোনো এক অক্সাইড বিশেষকৈ N2O, NO, NO আদিলৈ বিজাৰিত হয় ।  

৫২। মেগনেছিয়াম আরু মেঙ্গানিজৰ লগত ধাতুৰ বিক্রিয়া হ’লে কি উৎপন্ন কৰে ?

উত্তৰঃ মেগনেছিয়াম (Mg) আরু মেঙ্গানিজে(Mn) অতি নঘু নাইট্রিক এছিড (HNO3 ) ৰ সৈতে বিক্রিয়া হাইড্র’জেন (H2)  গেছ উৎপন্ন কৰে ।

৫৩। নাইট্রিক এছিড (HNO3) জাৰক নে বিজাৰক পদাৰ্থ?

উত্তৰঃ নাইট্রিক এছিড (HNO3) জাৰক পদাৰ্থ ।

৫৪। তলৰ ধাতুকেইবিধক বিক্রিয়া বেগৰ নিম্নতম ক্রমত সজোৱা ।

এলুমিনিয়াম (Al) , আইৰণ(Fe), মেগনেছিয়াম(Mg), জিংক(Zn)

উত্তৰঃ মেগনেছিয়াম(Mg) > এলুমিনিয়াম (Al)  > জিংক (Zn) > আইৰণ(লো) (Fe)

৫৫। কপাৰৰ বিক্রিয়াত বুৰবুৰণি আরু উষ্ণতাৰ তাৰতম্য কেনেকোৱা ? কপাৰে লঘু হাইড্র’ক্লৰিক এছিড (HCl) ৰ লগত বিক্রিয়া কৰেনে ?

উত্তৰঃ কপাৰৰ বিক্রিয়াত বুৰবুৰণি নোলায় আরু উষ্ণতাৰ তাৰতম্য নঘটে । কপাৰে লঘু হাইড্র’ক্লৰিক এছিড (HCl) ৰ লগত বিক্রিয়া নকেৰে ।

৫৬। অম্লৰাজ কি ? অম্লৰাজৰ ব্যৱহাৰ সম্পৰ্কে লিখা ।

অথবাঃ অম্লৰাজ কিমান অনুপাতত মিশ্রণ হয় ?

অথবাঃ গাঢ় হাইড্র’ক্লৰিক এছিড (HCl)  বা গাঢ় নাইট্রিক এছিডে  (HNO3) অকলে সোণ দ্রৱীভূত কৰিব পাৰেনে?

অথবাঃ সোণ আরু প্লেটিনাম দ্রৱীভূত কৰিব পৰা এবিধ বিকাৰকৰ নাম লিখা ।

অথবাঃ এবিধ অতিকৈ ক্ষয়কাৰক আরু ধূমায়মান জুলীয়া পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ অম্লৰাজ (Aqua Regia) হ’ল- 3:1 অনুপাতত গাঢ় হাইড্র’ক্লৰিক এছিড (HCl)  আরু গাঢ় নাইট্রিক এছিড (HNO3)  ৰ সদ্যপ্রস্তুত মিশ্রণ । অম্লৰাজ অতিকৈ ক্ষয়কাৰক (Corrosive) আরু ধূমায়মান (Fuming) জুলীয়া পদাৰ্থ ।

    গাঢ় হাইড্র’ক্লৰিক এছিড (HCl)  বা গাঢ় নাইট্রিক এছিডে  (HNO3) অকলে সোণ দ্রৱীভূত কৰিব নোৱাৰে । সেয়েহে, অম্লৰাজে সোণ দ্রৱীভূত কৰাত সহায় কৰে । লগতে, এবিধ বিকাৰক হিচাপে প্লেটিনামো অম্লৰাজে দ্রৱীভূত কৰিব পাৰে ।

৫৭। সক্রিয়তা ক্রম বুলিলে কি বুজা? ধাতুবিলাকৰ আপেক্ষিক সক্রিয়তাৰ এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ ধাতুবোৰৰ সক্রিয়তাৰ নিম্নক্রমত সজাই প্রস্তুত কৰা তালিকাখনক সক্রিয়তা ক্রম বোলা হয় ।

মৌলৰ চিহ্ন মৌলৰ নাম ক্রমৰ কাড়চিন

সক্রিয়তাৰ পৰিমাণ
K পটাছিয়াম   আটাইতকৈ সক্রিয়
Na ছ’ডিয়াম  
Ca কেলছিয়াম
Mg মেগনেছিয়াম
Al এলুমিনিয়াম
Zn জিংক(দস্তা) কম সক্রিয়
Fe আইৰন (লো)  
Pb লেড(সীহ)
H হাইড্র’জেন
Cu কপাৰ (তাম)
Hg মাৰকিউৰি (পাৰা)
Ag চিলভাৰ (রূপ)
Au গোল্ড (সোণ) আটাইতকৈ কম সক্রিয়

৫৮। সম্ভ্রান্ত গেছৰ (Noble Gas) তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ সম্ভ্রান্ত গেছৰ (Noble Gas)  তিনিটা বৈশিষ্ট্য হ’ল-

(ক)সম্ভ্রান্ত গেছৰ যোজ্যতা কক্ষ সম্পূৰ্ণ থাকে ।

(খ) সম্ভ্রান্ত গেছে কোনো ৰাসায়নিক বিক্রিয়া কৰিব নিবিচাৰে ।

(গ) মৌলৰ ৰাসায়নিক সক্রিয়তা সম্ভ্রান্ত গেছৰ পৰমাণুৰ যোজ্যতা কক্ষ সম্পূৰ্ণ কৰাৰ প্র‍ৱণতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যাখ্যা কৰা হয় ।

৫৯। ক্লৰিনৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্রন আছে ?

উত্তৰঃ ক্লৰিনৰ বহিৰতম কক্ষত 7 টা ইলেক্ট্রন আছে ।

৬০। ছ’ডিয়াম পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্রন পৰমাণু থাকে ?

উত্তৰঃ  ছ’ডিয়াম পৰমাণুৰ বহিৰতম কক্ষত এটা ইলেক্ট্রন পৰমাণু থাকে ।

৬১। ছ’ডিয়াম ক্লৰাইডৰ গঠন সম্পৰ্কে লিখা ।

অথবাঃ Nacl বা ছ’ডিয়াম কল্রাইড গঠন্টো চিত্র আকি বুজাই লিখা ।

অথবাঃ কিয় ছ’ডিয়াম ক্ল’ৰাইড আয়ন দুটা পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে ?

উত্তৰঃ ছ’ডিয়াম আরু ক্ল’ৰাইড আয়ন দুটা বিপৰীত আধানযুক্ত হয় । সেয়েহে দুয়ুটা কাৰকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে । দুয়ুটা উপাদানে দৃঢ় বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই ছ’ডিয়াম ক্লৰাইড (Nacl)ৰ গঠন হয় ।

Na ⟶      Na+ e

2,8,1       2.8

          (ছ’ডিয়াম কেটায়ন)

Cl + e ⟶    Cl

2, 8, 7       2, 8, 8

           ক্ল’ৰাইড এনায়ন

Na  +  Cl ⟶ (Na+) [ Cl ]

               

৬২। ছ’ডিয়াম ক্ল’ৰাইড প্রকৃতিত কি হিচাপে থাকে ?

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড প্রকৃতিত অণু হিচাপে নাথাকে বরং বিপৰীত আধানযুক্ত আধানৰ পুঞ্জ (Aggregate) হিচাপেহে থাকে । 

 

৬৪।আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগ কাক বোলে ? উদাহরণসহ বুজাই লিখা ।

উত্তরঃ ধাতুর পরা অধাতুলৈ ইলেক্ট্রন স্থানান্তরণ করি গঠন হোৱা যৌগক আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগ বোলে । উদাহরণ- মেগ্নেছিয়াম ক্লরাইডর গঠন ।

৬৫। MgCl2 র আয়নীয় বা ইলেক্ট্র’যোজী যৌগটোর কেটায়ন আরু এনায়ন দুটার নাম লিখা ।

উত্তরঃ MgCl2 র আয়নীয় বা ইলেক্ট্র’যোজী যৌগটোর কেটায়ন হ’ল-মেগনেছিয়াম আরু এনায়ন হ’ল-ক্ল’রাইড ।

৬৬। তলত উল্লেখ করা আয়নীয় যৌগসমূহর উতলাংক আরু গলনাংকবোর লিখা ।

NaCl, LiCl, CaCl2, Cao, MgCl2

উত্তরঃ   

আয়নীয় যৌগ গলনাংক (k) উতলাংক (k)
NaCl 1074 1686
LiCl 887 1600
CaCl2 1045 1900
CaO 2850 3120
MgCl2 981 1685

৬৭।  আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগর চারিটা বৈশিষ্ট্য লিখা ।

উত্তরঃ  আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগর চারিটা বৈশিষ্ট্য হ’ল-

(ক) ভৌতক ধৰ্মৰ সন্দৰ্ভতঃ

    আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর গোটা বা কঠিন আরু কিছুপরিমাণে দৃঢ় ।

(খ) গলনাংক আরু উতলাংকর দিশতঃ

    আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগর উতলাংক আরু গলনাংক উচ্চ পরিমাণর ।

(গ) দ্রৱণীয়তাঃ

    আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর পানীত দ্রৱণীয় আনহাতে পেট্র’ল, কেরাচিন আদি দ্রাৱকসমূহত অদ্রৱণীয় ।

(ঘ) বিদ্যুত পরিবাহিতাঃ

    আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর মাজেদি বিদ্যুৎ চালিত করিলে আধানযুক্ত কণিকার চলন আরম্ভ হয় । আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর কঠিন অৱস্থিত (Solid Particles) বিদ্যুৎ পরিবহন নকরা আরু বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোরর মাজেরে বিদ্যুৎ পরিবহন করা ।

 

৬৮। আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোরর গলনাংক আরু উতলাংক কিয় অতি উচ্চ?

উত্তরঃ আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোরর গলনাংক আরু উতলাংক অতি উচ্চ । কারণ, এনে যৌগবোরর আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্রবল । লগতে, এইবোরক ভাঙি আয়নবোর পৃথক করিবর বাবে যথেষ্ট পরিমাণর তাপ শক্তির আৱশ্যক হয় ।

৬৯। কিয় আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর কঠিন বা গোটা আরু কিছু দৃঢ় ?

উত্তরঃ আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর কঠিন বা গোটা আরু কিছু দৃঢ় কারণ, ধনাত্মক আরু ঋণাত্মক আধানর মাজর বিদ্যুৎস্থিতীয় আকৰ্ষণীয় বল যথেষ্ট পরিমাণে শক্তিশালী । আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোর চনকা (Brittle) আরু চাপ প্রয়োগ করিলে অতি সহজে ভাগি টুকুরা টুকুর হয় ।

৭০। কিয় কঠিন অৱস্থাত (Solid State) আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোরে বিদ্যুৎ পরিবহন নকরে ?

উত্তরঃ কঠিন অৱস্থাত (Solid State) আয়নীয় যৌগ বা ইলেক্ট্র’যোজী যৌগবোরে বিদ্যুৎ পরিবহন নকরে কারণ এই যৌগবোরর দৃঢ় গঠনর কারণে আয়নর লরচর হোৱাটো সম্ভৱপর হৈ নুঠে ।

৭১। বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগর মাজেরে বিদ্যুৎ পরিবহন সম্ভৱ কিয় হয় ?

উত্তরঃ বিগলিত অৱস্থাত (Molten State) আয়নীয় যৌগর মাজেরে বিদ্যুৎ পরিবহন সম্ভৱ হয় কারণ, বিগলিত অৱস্থাত বিপরীত ধৰ্মী আয়নবোরর মাজর আকৰ্ষণী শক্তির তুলনাত প্রয়োগ করা তাপশক্তির মান বেছি হয় । ইয়ার ফলস্বরূপে, আয়নবোর চলাচল করিবর বাবে মুক্ত হয় আরু তেনে অৱস্থাত বিদ্যুৎ পরিবহন করে ।  

৭২। খনিজ পদাৰ্থ বা মণিক (Minerals) বুলিলে কি বুজা ?

উত্তরঃ পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোরক খনিজ পদাৰ্থ বা মণিক (Minerals) বুলি কোৱা হয় ।

৭৩। আকরিক বা আকর কি?

উত্তরঃ কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুর পরিমাণ অধিক থাকে । তারপরা ধাতুবিধ লাভজনকভাৱে আহরণ করিব পরা যায় । এনে ধরণর খনিজ পদাৰ্থবিধক ধাতুটোর আকরিক বা আকর (Ore) বুলি কোৱা হয় ।

৭৪। ধাতুবোর কেনেদরে আহরণ কর হয় ?

উত্তরঃ ধাতুবোরর সক্রিয়তার ক্রম প্রয়োগ করি ধাতুবোরর আকরর পরা নিষ্কাশন বা আহরণ করা হয় । কিছুমান ধাতু প্রকৃতিত মুক্ত অৱস্থাত থাকে আরু কিছুমান যৌগ অৱস্থাত পোৱা যায় । সক্রিয়তা শ্রেণীর তলরফালর স্থানপ্রাপ্ত ধাতুবোর কম সক্রিয় বা নিষ্ক্রিয় । এনেধরণর নিয়ম মানি, ধাতুবোর আহরণ করা হয় ।

৭৫। ধাতুর প্রধান উৎস কি? ধাতুর দুই উৎসর নাম লিখা ।

উত্তরঃ ধাতুর প্রধান উৎস হ’ল- পৃথিৱীৰ খোলাটো । ধাতুর দুই উৎসর নাম হ’ল- সাগরর পানী আরু পৃথিৱীৰ ভূত্বক ।

৭৬। চারিবিধ কম সক্রিয় বা নিষ্ক্রীয় বা প্রকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুর নাম লিখা ।

উত্তরঃ চারিবিধ কম সক্রিয় বা নিষ্ক্রীয় বা প্রকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুর নাম হ’ল- ছিলভার, গ’ল্ড, প্লেটিনাম, আরু কপার ।

৭৭। ছালফাইড বা অক্সাইড আকর হিচাপে পোৱা দুবিধ ধাতুর নাম লিখা ।

উত্তরঃ ছালফাইড বা অক্সাইড আকর হিচাপে পোৱা দুবিধ ধাতুর নাম হ’ল- কপার আরু ছিলভার ।

৭৮। তিনিবিধ মজলীয়াভাৱে সক্রিয় ধাতুর নাম লিখা ।

উত্তরঃ তিনিবিধ মজলীয়াভাৱে সক্রিয় ধাতু হ’ল- জিংক(দস্তা) (Zn), আইরণ (লো) (Fe), আরু লেড (সীহ) (Pb) ।

৭৯। তিনিবিধ যৌগ হিচাপে পোৱা ধাতুর নাম লিখা ।

উত্তরঃ তিনিবিধ যৌগ হিচাপে পোৱা ধাতুর নাম হ’ল- জিংক(দস্তা) (Zn), আইরণ (লো) (Fe), আরু লেড (সীহ) (Pb) ।

৮০। সরহভাগ ধাতুরে আকরবোর সিহঁতর কিছুমান ______ ।

উত্তরঃ সরহভাগ ধাতুরে আকরবোর সিহঁতর কিছুমান অক্সাইড ।

৮১। সরহভাগ ধাতুরে আকরবোর সিহঁতর কিছুমান অক্সাইড । কারণ কি?

উত্তরঃ সরহভাগ ধাতুরে আকরবোর সিহঁতর কিছুমান অক্সাইড । কারণ অক্সিজেন এক অতিশয় সক্রিয় মৌল আরু সেয়েহে ইয়াক প্রকৃততে পৰ্যাপ্ত পরিমাণে পোৱা যায় ।

৮২। এটা অতি সক্রিয় মৌলর নাম লিখা ।

উত্তরঃ এটা অতি সক্রিয় মৌল হ’ল- অক্সিজেন ।

৮৩। সক্রিয়তার ওপরত নিৰ্ভৰ করি ধাতুবোরক কেইটাভাগত ভগাব পারি আরু কি কি? উদাহরণ দিয়া ।

উত্তরঃ সক্রিয়তার ওপরত নিৰ্ভৰ করি ধাতুবোরক তিনিটা ভাগত ভগাব পারি । সেয়া হ’ল- (ক) কম সক্রিয়, উদাহরণ-ছিলভার, গ’ল্ড, প্লেটিনাম, আরু কপার ।

 (খ) মজলীয়াভাবে সক্রিয়, উদাহরণ-জিংক(দস্তা) (Zn), আইরণ (লো) (Fe), আরু লেড (সীহ) (Pb) ।

 আরু (গ) অতি সক্রিয় , উদাহরণ-অক্সিজেন ।

৮৪। খনিজ মল কাক বোলে ?

উত্তরঃ আকরবোর খনির পরা আহরণ করা সময়ত আকরর সৈতে বিভিন্ন ধরণর অশুদ্ধি বিশেষকৈ মাটি, বালি আদি মিহলি হৈ থাকে । এই অপদ্রৱ্যবোর বা অশুদ্ধিবোরক খনিজ মল (gangue) বোলে ।  

৮৫। খনিজ মল আঁতরাবলৈ বা আকর গাঢ়ীকরণ বা ধাতুর নিষ্কাশনর তিনিটা পদ্ধতি লিখা ।     

উত্তরঃ খনিজ মল আঁতরাবলৈ বা আকর গাঢ়ীকরণ বা ধাতুর নিষ্কাশনর তিনিটা পদ্ধতি হ’ল-

(ক) নিম্ন বা কম সক্রিয়তার ধাতু নিষ্কাশন (Extracting Metals low in the Activity Series)

    নিম্ন বা কম সক্রিয়তার ধাতুর, যেনে-ছিলভার, কপার, গ’ল্ড, প্লেটিনাম আদির বাবে ধাতু নিষ্কাশন করিবলৈ ধাতুর অক্সাইডবোর উত্তপ্ত করি ধাতুলৈ বিজারিত করা হয় ।

    উদাহরণস্বরূপে- চিনাবার (HgS) মারকিউরির এটা আকরিক । বতাহর উপস্থিতিত ইয়াক উত্তপ্ত করার ফলত প্রথম অৱস্থাত মারকিউরিক অক্সাইড (HgO) উৎপন্ন হয় আরু পাছত অধিক উত্তপ্ত করার ফলত মারকিউরিক অক্সাইড মারকিউরিলৈ বিজারিত হয় ।

আন এক উদাহরণ- কপারর আকরিক Cu2S  বতাহর উপস্থিতিত উত্তপ্ত করি কপার ধাতু পাব পারি ।

(খ) সক্রিয়তা শ্রেণীর মধ্যম ধাতুর নিষ্কাশন (Extracting Metals in the Midde of the Activity Series)

    মধ্যম সক্রিয় ধাতু, যেনে-জিংক, লেড, আইরণ, কপার আদি বিজারণ করার আগতে ধাতৱ ছালফাইড আরু কাৰ্বনেট আকর ধাতৱ অক্সাইডলৈ পরিৱৰ্তিত করা হয় । অতিরিক্ত বায়ুর উপস্থিতিত উচ্চ তাপত উত্তপ্ত করি ছালফাইড আকর্, ধাতৱ অক্সাইডলৈ রূপান্তরিত করা হয় । পিছত, পরিমিত বায়ুর পরিবেশত উচ্চতাপত উত্তপ্ত করি কাৰ্বনেট আকর ধাতৱ অক্সাইডলৈ পরিৱৰ্তিত করা হয় । পরৰৱৰ্তী পৰ্যায়ত, ধাতৱ অক্সাইডবর উপযুক্ত বিজারক বিশেষকৈ কাৰ্বন আদি ব্যৱহার করি যথাযথ ধাতুলৈ বিজারিত করা হয় ।

উদাহরণস্বরূপে- যিংকর আকর তাপজারণ আরু দগ্ধীকরণ প্রক্রিয়ারে ধাতৱ অক্সাইড অথবা যিংক অক্সাইডলৈ পরিৱৰ্তিত করা হয় । পাছত, যিংক অক্সাইডসমূহ কাৰ্বনর সৈতে উত্তপ্ত করি ধাতৱ যিংকলৈ বিজারিত করা হয় ।

ZnO(s) + C(s)  Zn(s) + CO(g)

 

(গ) উচ্চসক্রিয়তার ধাতুনিষ্কাশন (Extracting Metals towards Top of the Activity Series)-

     অধিক সক্রিয়তা থকা ধাতু বিশেষকৈ মেগনেছিয়াম, এলুমিনিয়াম, ছ’ডিয়াম, কেলছিয়াম আদিবোর ধাতুর অক্সিজেনর প্রতি আসক্তি কাৰ্বনতকৈ অধিক । সেয়েহে, ধাতৱ অক্সাইডসমূহর পরা ধাতুবোর নিষ্কাশিত করিব পরা নাযায় । সেয়েহে এনেধরণর ধাতুর ক্ষেত্রত বিদ্যুৎ বিজারণর (electrolytic reduction) দ্বাৰা নিষ্কাশন করা হয় ।

উদাহরণস্বরূপে- মেগনেছিয়াম, ছ’ডিয়াম আরু কেলছিয়াম ধাতুক সিহঁতর বিগলতি ক্ল’রাইশর (Molten Chloride) বিদ্যুৎ বিশ্লেষণর দ্বারা নিষ্কাশন করা হয় । কেথ’ডত এইবোর ধাতু জমা হয় আরু এন’ডত ক্ল’রিন গেছ মুক্ত হয় ।

কেথ’ডত- Na+ e → Na

এন’ডত- 2Cl  → Cl2 + 2e   

 এনে প্রক্রিয়ার মাধ্যমেরে এলুমিনিয়াম অক্সাইডর বিদ্যুৎ বিজারণর জরিয়তে এলুমিনিয়াম ধাতু পাব পারি ।

৮৬। ধাতৱ অক্সাইডক ধাতুলৈ বিজারিত করিবর বাবে কাৰ্বনৰ (পোরা কয়লা) সলনি কেনেদরে প্রতিস্থাপন বিক্রিয়া ব্যৱহার করা হয়? উদাহরণসহ লিখা ।

উত্তরঃ অতিকৈ সক্রিয় ধাতু বিশেষকৈ এলুমিনিয়াম, ছ’ডিয়াম, কেলছিয়াম আদি ধাতুবোরক বিজারক হিচাপে ব্যৱহার করিব পরা যায় । কারণ, এই ধাতুবোরে কম সক্রিয় ধাতুবোরর যৌগবোরর পরা ধাতুটো প্রতিস্থাপিত করিব পারে ।

উদাহরণস্বরূপে- মেঙ্গানিজ ডাইক্সাইড এলুমিনিয়াম গুড়ির সৈতে উত্তপ্ত করি বিক্রিয়া ঘটোৱা হয় । এনেবোর প্রতিস্থাপন বিক্রিয়া যথেষ্ট তাপবৰ্জী হয়, সেয়েহে বিক্রিয়ার ফলত সৃষ্টি হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় ।

3MnO2(s) + 4Al(s) ⟶ 3Mn(l) + 2Al2O3(s) + Heat  

   

৮৭। মাৰকিউৰিৰ এটা আকৰিকৰ নাম লিখা ।

উত্তৰঃ মাৰকিউৰিৰ এটা আকৰিকৰ নাম- চিনাবাৰ ।

৮৮। আইৰণ, জিংক, লেড, কপাৰ আদি মজলীয়া সক্রিয় ধাতুবোৰ প্রকৃতিত কি রূপত পোৱা যায় ?

উত্তৰঃ আইৰণ, জিংক, লেড, কপাৰ আদি মজলীয়া সক্রিয় ধাতুবোৰ প্রকৃতিত ছালফাইড বা কাৰ্বনেট আকৰিক রূপত পোৱা যায় ।

৮৯। তাপজাৰণ কাক বোলে ? উদাহৰণস্বরূপে বুজাই লিখা ।

উত্তৰঃ ধাতৱ ছালফাইড আরু কাৰ্বনেটৰ আকৰবোৰ বিজাৰণ কৰাৰ আগেয়ে ধাতৱ অক্সাইড লৈ রূপান্তৰ কৰা হয় । উচ্চ তাপত অতিৰিক্ত বায়ুৰ উপস্থিতিত উত্তপ্ত কৰি ছালফাইড আকর্, ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় । ইয়াকে তাপজাৰণ (Roasting) পদ্ধতি বোলে । উদাহৰণস্বরূপে- যিংকৰ আকৰবোৰ তাপজাৰণ পদ্ধতিৰে যিংক অক্সাইডলৈ রূপান্তৰ কৰা হয় ।

৯০।দগ্ধীকৰণ পদ্ধতি কাক বোলে?

উত্তৰঃ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চতাপ প্রয়োগ কৰি উত্তপ্ত কৰি কাৰ্বনেট আকৰবোৰ ধাতৱ অক্সাইডলৈ রূপান্তৰ কৰা হয় । এই পদ্ধতিটোকে দগ্ধীকৰণ পদ্ধতি বোলে ।

উদাহৰণঃ যিংকৰ আকৰবোৰ দগ্ধীকৰণ প্রক্রিয়াৰ মাধ্যমেৰে যিংক অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় ।

৯১। এবিধ বিজাৰক পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ এবিধ বিজাৰক পদাৰ্থ হ’ল- কাৰ্বন ।

৯২। যিংক অক্সাইডবোৰ কিহৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত হয় ?

উত্তৰঃ যিংক অক্সাইডবোৰ কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত হয় ।

৯৩। বিজাৰণ কাক বোলে?

উত্তৰঃ ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা পদ্ধতিটোকে বিজাৰণ বোলে /

৯৪। যিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে কিহলৈ বিজাৰিত হয় ? সমীকৰণটো লিখা ।

উত্তৰঃ যিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ যিংকলৈ বিজাৰিত হয় ।

 ZnO (s) + C(s) → Zn(s) + CO(g)

৯৫। থাৰ্মিট বিক্রিয়া কাক বোলে ?

অথবাঃ থাৰ্মিট বিক্রিয়াৰ এটা ব্যৱহাৰ লিখা ।

অথবাঃ ৰেল লাইন জোৰা দিবলৈ বা যন্ত্রপাতিৰ ভগা অংশ জোৰা দিবলৈ কি কৰা হয়? এই পদ্ধতিটোৰ নাম কি?

উত্তৰঃ আইৰন অক্সাইডক (Fe2O3) এলুমিনিয়াম গুড়িৰ সৈতে উত্তপ্ত কৰি বিক্রিয়া ঘটোৱা হয় । এই বিক্রিয়াত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় । এই বিক্রিয়াটোকে থাৰ্মিট বিক্রিয়া বোলে । ইয়াক ৰেল লাইন জোৰা দিবলৈ বা যন্ত্রপাতিৰ ভগা অংশ জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় ।

Fe2O3(s) + 2Al(s) → 2Fe(l) + Al2O3(s) + Heat

৯৬। কিয় কাৰ্বনে ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম, আদিৰ ধাতৱ অক্সাইডবোৰৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰে ?

উত্তৰঃ কাৰ্বনে ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম, আদিৰ ধাতৱ অক্সাইডবোৰৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰে । কাৰণ, এই ধাতুবোৰ অক্সিজেনৰ প্রতি আসক্তি কাৰ্বনতকৈ অধিক ।

৯৭। ধাতুৰ শোধন কৰা এটা প্রক্রিয়া ব্যাখ্যা কৰা ।

অথবাঃ বিদ্যুৎ পৰিশোধন পদ্ধতিটো লিখা ।

অথবাঃ অশুদ্ধিমুক্ত ধাতু শোধন কেনেদৰে কৰা হয় ?

উত্তৰঃ অশুদ্ধিমুক্ত ধাতু শোধন কৰিবলৈ বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰা হয় । এই পদ্ধতি অনুসৰি, অশুদ্ধ ধাতুৰ এন’ড আরু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ’ড হিচাপে ব্যৱহৃত হয় । ধাতুটোৰ লৱণৰ এক দ্রৱ বিদ্যুৎ বিশ্লেষ্য (Electrolyte) হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ পিছত, বিদ্যুৎ বিশ্লেষ্যৰ মাজেৰে বিদ্যুৎ চালিত কৰা হয় । ইয়াৰ ফলত, এন’ড হিচাপে ব্যৱহাৰ হোৱা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্রৱী্ভূত হয় । তাৰ পাছত, সেই একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা আহি কেথ’ডত জমা হয় । শেষত, দ্রৱণীয় অশুদ্ধিখিনি দ্রৱী্ভূত হৈ ৰয় আরু অদ্রৱণীয় অশুদ্ধিবোৰ বিদ্যুৎকোষৰ এন’ডৰ তলিঅংশত গেদস্বরূপে জমা হয় যাক এন’ড বোকা (Anode Mud) বোলা হয় ।

উদাহৰণস্বরূপে- যিংক, নিকেল ছিলভাৰ, টিন, গ’ল্ড, কপাৰ আদি ধাতুবোৰ বিদ্যুৎ পৰিশোধন প্রক্রিয়াৰে/পদ্ধতিৰে পৰিশোধন কৰা হয় ।

৯৮। এন’ড বোকা কি বা কাক বোলে?

উত্তৰঃ বিদ্যুৎ পৰিশোধন পদ্ধতিত এন’ড হিচাপে ব্যৱহাৰ হোৱা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্রৱী্ভূত হয় । তাৰ পাছত, সেই একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা আহি কেথ’ডত জমা হয় । শেষত, দ্রৱণীয় অশুদ্ধিখিনি দ্রৱী্ভূত হৈ ৰয় আরু অদ্রৱণীয় অশুদ্ধিবোৰ বিদ্যুৎকোষৰ এন’ডৰ তলিঅংশত গেদস্বরূপে জমা হয় যাক এন’ড বোকা (Anode Mud) বোলা হয় ।

৯৯। ধাতুৰ শোধন কৰা এটা প্রক্রিয়াৰ নাম লিখা ।

উত্তৰঃ ধাতুৰ শোধন কৰা এক প্রক্রিয়া হ’ল- বিদ্যুৎ পৰিশোধন পদ্ধতি ।

১০০। ছিলভাৰ পাত্র, রূপৰ পাত্র আরু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে কি হয় ?

উত্তৰঃ ছিলভাৰ পাত্র, রূপৰ পাত্র আরু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে ।

১০১। ছিলভাৰ পাত্র, রূপৰ পাত্র আরু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ কি?

উত্তৰঃ ছিলভাৰ পাত্র, রূপৰ পাত্র আরু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ হ’ল- বতাহ বা বায়ুৰ উপস্থিতিত ছালফাৰৰ লগত বিক্রিয়া ঘটি ছিলভাৰ ছালফাইডৰ এক আৱৰণ পৰে ।

১০২। কপাৰে বতাহ বা বায়ুত সংস্পৰ্শত আহিলে সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰে? এই সেউজীয়া অংশটোৰ নাম কি?

উত্তৰঃ কপাৰে বতাহ বা বায়ুত থকা সেমেকা কাৰ্বন ডাইক্সাইডৰ সৈতে বিক্রিয়া কৰে । ইয়াৰ ফলত, কপাৰৰ উজ্বল মুগা রং পাতল হয় । অৱশেষত, ই সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰা পৰিলক্ষিত হয় । এই সেউজীয়া পদাৰ্থটো হ’ল- কপাৰ কাৰ্বনেট ।    

১০৩। মামৰ কি বা মামৰ কাক বোলে?

অথবাঃ কিহৰ সস্পৰ্শত লোত বা লোহাৰত বা আয়ৰণত মামৰে ধৰে?

উত্তৰঃ সেমেকা বায়ুৰ সস্পৰ্শত অধিক সময় লো বা আইৰন ৰাখিলে লো বা আইৰনৰ উপৰিভাগত এক ৰঙচুৱা মুগা বৰণৰ পাতল তৰপ পৰা পৰিলক্ষিত হয় । ইয়াক মামৰ বোলি কোৱা হয় ।

১০৪। ক্ষয়ীভৱন কাক বোলে? তিনিটা ক্ষয়ীভৱনৰ উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান ধাতুপৃষ্ঠ বিশেষকৈ লো, আইৰণ আদি সেমেকা বায়ুৰ সস্পৰ্শত বহুদিন থৈ দিলে ই প্রথম অৱস্থাৰ পৰা ক্ষয় হয় । ইয়াকে ক্ষয়ীভৱন বোলে ।

উদাহৰণ-১-

সেমেকা বায়ুৰ সস্পৰ্শত অধিক সময় লো বা আইৰন ৰাখিলে লো বা আইৰনৰ উপৰিভাগত এক ৰঙচুৱা মুগা বৰণৰ পাতল তৰপ পৰা পৰিলক্ষিত হয় । ইয়াক মামৰ বোলি কোৱা হয় ।

উদাহৰণ-২-

কপাৰে বতাহ বা বায়ুত থকা সেমেকা কাৰ্বন ডাইক্সাইডৰ সৈতে বিক্রিয়া কৰে । ইয়াৰ ফলত, কপাৰৰ উজ্বল মুগা রং পাতল হয় । অৱশেষত, ই সামান্য পৰিমাণৰ সেউজীয়া হৈ পৰা পৰিলক্ষিত হয় । এই সেউজীয়া পদাৰ্থটো হ’ল- কপাৰ কাৰ্বনেট ।    

উদাহৰণ-৩-

ছিলভাৰ পাত্র, রূপৰ পাত্র আরু গহণা বতাহৰ বা বায়ুৰ সংস্পৰ্শত আহিলে বা কিছু সময় ৰাখিলে ক’লা পৰে । ইয়াৰ কাৰণ হ’ল- বতাহ বা বায়ুৰ উপস্থিতিত ছালফাৰৰ লগত বিক্রিয়া ঘটি ছিলভাৰ ছালফাইডৰ এক আৱৰণ পৰে ।

১০৫। ক্ষয়প্রতিৰোধ কৰিবলৈ বা ক্ষয়ীভৱন ৰোধ কৰিবলৈ বা লোত মামৰে ধৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা পদ্ধতি বা প্রতিকাৰ লিখা ।

উত্তৰঃ  ক্ষয়প্রতিৰোধ কৰিবলৈ বা ক্ষয়ীভৱন ৰোধ কৰিবলৈ বা লোত মামৰে ধৰা ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা পদ্ধতি বা প্রতিকাৰ হ’ল-

(ক) দস্তালেপন (Galvanising), (খ) ক্র’মপ্লেটিং (Chrome Plating), (গ) এন’ডকৰণ বা সংকৰ ধাতু তৈৰীকৰণ, (ঘ) গ্রীজ সনা (Greesing), (ঙ) তেল সনা (Oiling), (চ) ৰঙ কৰা (Painting) ।

১০৬। দস্তালেপন কি ?

উত্তৰঃ দস্তালেপন হ’ল- ষ্টিল আরু লোত মামৰে ধৰা ৰোধ কৰিবলৈ যিংকৰ আৱৰণৰ সহায়ত তৈয়াৰ কৰা এক প্রলেপ । দস্তালেপিত বস্তুবোৰৰ ক্ষেত্রত এই প্রলেপবোৰ আতৰি যোৱাৰ পাছতো পুনৰ মামৰে নধৰা পৰিলক্ষিত হয় ।

১০৭। সংকৰ ধাতু বোলে ? সংকৰ ধাতু কেনেদৰে প্রস্তুত কৰা হয়? দুবিধ সংকৰ ধাতুৰ উদাহৰণ দিয়া ।

উত্তৰঃ দুটা বা ততোধিক ধাতু নতুবা দুটা বা ততোধিক অধাতু সংমিশ্রন কৰি ধাতুৰ যি নতুন রূপ প্রদান কৰা হয় । তাকে সংকৰ ধাতু বোলে । এই প্রক্রিয়াত, মুখ্য ধাতু প্রথমে গলোৱা হয় আরু পিছত আন ধাতু বা অধাতু নিৰ্দিষ্ট এক অনুপাতত দ্রৱীভূত কৰাই সংকৰ ধাতু প্রস্তুত কৰা হয় ।     

পাঁচবিধ সংকৰ ধাতুৰ উদাহৰণ হ’ল- পিতল, ব্র’ঞ্জ, ছ’ল্ডাৰ (Solder), ষ্টেইনলচ ষ্টিল, আরু ২২ কেৰট গ’ল্ড ।

১০৮। লো কি? ইয়াক কিয় বিশুদ্ধ রূপত পাব আরু ব্যৱহাৰ কৰিব নোৱাৰি ? এই সমস্যাটো কেনেদৰে সমাধান কৰা হয় বা লোক কেনেদৰে কামত ব্যৱহাৰ কৰা হয়, উদাহৰণ দিয়া ।

উত্তৰঃ লো এবিধ ধাতু । ইয়াক বিশুদ্ধ রূপত পাব আরু ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ, বিশুদ্ধ লো অতিশয় কোমল আরু ই গৰম কৰাৰ লগে লগে বিস্তাৰিত হয় ।

    ইয়াক ব্যৱহাৰ কৰিবৰ বাবে লোৰ লগত সামান্য কাৰ্বন (প্রায় 0.05%) বা আন ধাতু বা অধাতু মিহলাই ইয়াক টান আরু দৃঢ় কৰা হয় ।

    উদাহৰণস্বরূপে- লোৰ সৈতে নিকেল আরু ক্র’মিয়াম মিহল কৰি ষ্টেইনলচ ষ্টিল প্রস্তুত কৰা হয় । ষ্টেইনলেচ ষ্টিল সাধাৰণতে টান আরু ইয়াত মামৰে নধৰে ।

১০৯। ষ্টেইনলচ ষ্টিল কেনেদৰে প্রস্তুত কৰা হয় ? ইয়াৰ প্রকৃতি কি?

উত্তৰঃ লোৰ সৈতে নিকেল আরু ক্র’মিয়াম মিহল কৰি ষ্টেইনলচ ষ্টিল প্রস্তুত কৰা হয় । ষ্টেইনলেচ ষ্টিল সাধাৰণতে টান আরু ইয়াত মামৰে নধৰে ।  

১১০। (ক) বিশুদ্ধ সোণৰ গহণা তৈয়াৰ কিয় কৰা সুবিধাজনক নহয় ?

(খ) এই সমস্যাটোক কেনেদৰে ৰোধ কৰা হয় বা সোণক বা কেঁচা সোণক কেনেদৰে ব্যৱহাৰ কৰা হয় ?

(গ) ভাৰতত গহণা তৈয়াৰ কৰিবলৈ কেনেধৰণৰ সোণ ব্যৱহাৰ কৰা হয় ?

(ধ) ২২ কেৰট গ’ল্ড  সোণৰ অৰ্থ লিখা ।

 উত্তৰঃ (ক) বিশুদ্ধ সোণৰ গহণা তৈয়াৰ কিয় কৰা সুবিধাজনক নহয়, কাৰণ বিশুদ্ধ সোণ অতি কোমল যাক 24 কেৰট গ’ল্ড বোলা হয় ।   

(খ)এই সমস্যাটোক ৰোধ কৰিবৰ বাবে বা সোণক বা কেঁচা সোণক ব্যৱহাৰ কৰিবৰ বাবে কপাৰ বা ছিলভাৰৰ সৈতে সংকৰিত কৰা হয় ।

(গ)ভাৰতত গহণা তৈয়াৰ কৰিবলৈ ‘২২ কেৰট গ’ল্ড’ ব্যৱহাৰ কৰা হয় ।

(ঘ)২২ কেৰট গ’ল্ড  সোণৰ অৰ্থ হ’ল- ২২ ভাগ বিশুদ্ধ সোণৰ সৈতে ২ ভাগ ছিলভাৰ বা কপাৰ সংকৰিত কৰা ।

১১১। এমালগাম কি?

উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদানত পাৰা ব্যৱহাৰ হ’লে তাক এমালগাম বোলা হয় ।

১১২। সংকৰ ধাতুৰ বিদ্যুৎ পৰিবাহিতা আরু গলনাংক বিশুদ্ধ ধাতুতকৈ বেছি নে কম ?

উত্তৰঃ কম ।

১১৩। কপাৰ আরু যিংকৰ সংকৰ ধাতু কি?

উত্তৰঃ  কপাৰ আরু যিংকৰ সংকৰ ধাতু হ’ল- পিতল ।

১১৪। কপাৰ আরু টিনৰ সংকৰ ধাতুবিধৰ নাম কি ?

উত্তৰঃ  কপাৰ আরু টিনৰ সংকৰ ধাতুবিধৰ নাম- ব্র’ঞ্জ ।

১১৫। লেড আরু টিনৰ সংকৰ ধাতু কি? ইয়াক ক’ত ব্যৱহাৰ কৰা হয়?

অথবাঃ কিয় ছ’ল্ডাৰক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ লেড আরু টিনৰ সংকৰ ধাতু হ’ল- ছ’ল্ডাৰ (Solder) । ইয়াৰ গলনাংক কম, সেয়েহে ইয়াক বৈদ্যুতিক তাঁৰবোৰ জোৰা লগোৱা কামত ব্যৱহৃত হয় ।

১১৬। ব্র’ঞ্জ আরু পিতল বিদ্যুতৰ সু-পৰিবাহী হয়নে?

উত্তৰঃ ব্র’ঞ্জ আরু পিতল বিদ্যুতৰ সু-পৰিবাহী নহয় ।

Video for SEBA class 10th Metals and Non-Metals, (ধাতু আরু অধাতু)

WhatsApp Channel Follow Now
Telegram Channel Join Now

1 thought on “SEBA Class 10- Metals and Non-Metals, (ধাতু আরু অধাতু)”

Leave a Comment