SEBA Class 10- Periodic Classification of Elements, (মৌলৰ পৰ্যাবৃত্ত শ্রেনীবিভাজন)

Please Share

SEBA Class 10- Periodic Classification of Elements, (মৌলৰ পৰ্যাবৃত্ত শ্রেনীবিভাজন)

Periodic Classification of Elements class 10 in Assamese | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | SEBA In this video, we have covered the chapter 5 of General Science, Class 10 in Assamese in a very simple and informative way.

১। আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ কিহৰ রূপত থাকে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ মৌল, যৌগ আরু মিশ্রণৰ রূপত থাকে ।

২। মৌলবোৰত কেই প্রকাৰৰ পৰমাণু থাকে?

উত্তৰঃ মৌলবোৰত এক প্রকাৰৰ পৰমাণু থাকে ।

৩। বৰ্তমানে কিমানবিধ মৌলৰ বিষয়ে জনা গৈছে?

উত্তৰঃ বৰ্তমানে ১১৪ বিধ মৌলৰ বিষয়ে জনা গৈছে ।       

৪। ১৮০০ চন মানত কিমান বিধ মৌলৰ বিষয় জনা গৈছিল?

উত্তৰঃ ১৮০০ চন মানত ৩০ বিধ মৌলৰ বিষয় জনা গৈছিল ।         

৫। আদিতে মৌলবোৰক কি হিচাপে শ্রেণীবিভাজন কৰা হৈছিল?

উত্তৰঃ আদিতে মৌলবোৰক ধাতু আরু অধাতু হিচাপে শ্রেণীবিভাজন কৰা হৈছিল ।

৬। কোনে আরু কিমান চনত একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল ?

উত্তৰঃ ১৮১৭ চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johnn Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল ।

৭। ট্রায়াড বা ত্রিক কি ?

উত্তৰঃ ১৮১৭ চনত জাৰ্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johnn Wolfgang Dobereiner) একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল । তেখেতে তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল । এইসমূহক তেখেতে ট্রায়াড বা ত্রিক বুলিছিল ।

৮। ড’বাৰেইনাৰে মৌলৰ সক্রান্তত কৰা প্রমানটো উদাহৰণৰ সহায়ত বুজাই লিখা ।

উত্তৰঃ ড’বাৰেইনাৰে প্রমাণ কৰি দেখুৱাইছিল যে ট্রায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্রায় সমান হয় ।

    উদাহৰণস্বরূপে- লিথিয়াম (Li), ছ’ডিয়াম (Na) আরু পটেছিয়ামেৰে (K) গঠিত ট্রায়াডটোৰ পাৰমাণৱিক ভৰ ক্রমে- ৬.৯, ২৩.০ আরু ৩৯.০ ।

৯। কিয় ড’বাৰেইনাৰৰ ট্রায়াড হিচাপে কৰা শ্রেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ?

উত্তৰঃ ড’বাৰেইনাৰৰ সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ পৰা মাত্র তিনিটা ট্রায়াডহে চিনাক্ত কৰিব পাৰিছিল । সেয়েহে, ড’বাৰেইনাৰৰ ট্রায়াড হিচাপে কৰা শ্রেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ।

১০। কোনে প্লেটিনামৰ অনুঘটকীয় ধৰ্মক প্রথম বাৰৰ বাবে পোহৰলৈ আনিছিল আরু মৌলৰ ট্রায়াড আৱিষ্কাৰ কৰি পৰ্যাবৃত্ত তালিকাৰ বিকাশৰ পথ মুকলি কৰিছিল ?

উত্তৰঃ ড’বাৰেইনাৰে প্লেটিনামৰ অনুঘটকীয় ধৰ্মক প্রথম বাৰৰ বাবে পোহৰলৈ আনিছিল আরু মৌলৰ ট্রায়াড আৱিষ্কাৰ কৰি পৰ্যাবৃত্ত তালিকাৰ বিকাশৰ পথ মুকলি কৰিছিল ।

১১। কিমান চনত নিউলেণ্ডছৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজাইছিল? তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ কোনটো মৌলৰ পৰা আৰম্ভ কৰিছিল আরু কোনটো মৌলত শেষ কৰিছিল ?

উত্তৰঃ 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে (John Newlands) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজাইছিল । তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্র’জেনৰ পৰা আৰম্ভ কৰিছিল আরু 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল ।

১২। নিউলেণ্ডছৰ অষ্টক সূত্ৰটো উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ  1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে (John Newlands) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজাইছিল । তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্র’জেনৰ পৰা আৰম্ভ কৰিছিল আরু 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল । এনেদৰে সজাওঁতে তেখেতে প্রতিটো অষ্টম মৌলৰ ধৰ্ম প্রথমটো মৌলৰ লগত একে ধৰণৰ হোৱাটো লক্ষ্য কৰিছিল । নিউলেণ্ডছে সংগীতৰ অষ্টক (Octaves)ৰ সৈতে (সা, ৰে, গা, মা, পা, ধা, নি, সা) এই ধৰ্মৰ সৈতে তুলনা কৰিছিল । ইয়াক ‘নিউলেণ্ডছৰ অষ্টক সূত্র’ নামেৰে (Newland’s Law of Octaves) জনা গৈছিল ।

    উদাহৰণঃ

     নিউলেণ্ডছৰ অষ্টকত লিথিয়াম আরু ছ’ডিয়ামৰ ধৰ্মসমূহ একে হোৱা পৰিলক্ষিত/দেখা হৈছিল । লিথিয়ামৰ পাছৰ অষ্টক মৌলটো হ’ল ছ’ডিয়াম । আন এক উদাহৰণ হ’ল- বেৰিলিয়াম আরু মেগনেছিয়ামৰ, যাৰ ধৰ্ম এই অষ্টক সূত্রত পৰস্পৰ মিলে ।   

১৩। লিথিয়ামৰ পাছৰ অষ্টক মৌলটো  কি?

উত্তৰঃ লিথিয়ামৰ পাছৰ অষ্টক মৌলটো হ’ল ছ’ডিয়াম ।

১৪। বেৰিলিয়ামৰ ধৰ্ম অষ্টক সূত্রৰ মতে কোনটো মৌলৰ লগত একে?

উত্তৰঃ বেৰিলিয়ামৰ ধৰ্ম অষ্টক সূত্রৰ মতে মেগনেছিয়াম মৌলৰ লগত একে । 

১৫। ভাৰতৰ সংগীতৰ স্কেল বা পংক্তিৰ লগত নিউলেণ্ডছৰ অষ্টক সূত্র কি সম্পৰ্ক আছে?

উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্র অনুসৰি প্রতিটো অষ্টম মৌলৰ ধৰ্ম প্রথমটো মৌলৰ লগত একে ধৰণৰ হোৱাটো লক্ষ্য কৰিছিল । নিউলেণ্ডছে সংগীতৰ অষ্টক (Octaves)ৰ সৈতে (সা, ৰে, গা, মা, পা, ধা, নি, সা) এই ধৰ্মৰ সৈতে তুলনা কৰিছিল । কাৰণ, ভাৰতৰ সংগীতৰ স্বৰবোৰৰ প্রায়েই পুনৰাবৃত্তি ঘটে । প্রতিটো অষ্টম স্বৰ (সা) প্রথমটোৰ সৈতে (সা) একে হয় আরু ই পাছৰটো স্কেলৰ প্রথম স্বৰ (সা) হয় ।

১৬। নিউলেণ্ডছৰ অষ্টক সূত্রৰ সীমাবদ্ধতাসমূহ লিখা ।

উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্রৰ সীমাবদ্ধতাসমূহ হ’ল-

(ক)নিউলেণ্ডছৰ অষ্টক সূত্রটো কেৱল কেলছিয়াম পৰ্যন্তহে প্রযোজ্য হোৱা দেখা পোৱা গৈছিল । কাৰণ, কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্রথমটোৰে সৈতে একেধৰণৰ নাছিল ।

(খ) নিউলেণ্ডছে প্রকৃতিত কেৱল মাত্র 56 টা মৌল থকা বুলিহে জানিছিল । লগতে, ভৱিষ্যতে আরু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলি ধৰি লৈছিল । কিন্তু পৰৱৰ্তী সময়ত, অনেক নতুন মৌলৰ আৱিষ্কাৰ হৈছিল যিবোৰ নিউলেণ্ডছৰ অষ্টক সূত্রৰ লগত খাপ খোৱা নাছিল ।

(গ) নিউলেণ্ডছে তেখেতৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভূক্তও কৰিছে ।

       উদাহৰণস্বরূপে- নিউলেণ্ডছৰ অষ্টক সূত্রৰ তালিকাত ক’বাল্ট আরু নিকেলৰ স্থান একেটা আরু ইহঁতক ফ্লু’ৰিন, ক্ল’ৰিন আরু ব্র’মিনৰ সৈতে একোটা স্তম্ভতে ৰখা হৈছে কিন্তু ইহঁতৰ ধৰ্ম এই কেইটা মৌলৰ পৰা যথেষ্ট পৃথক । লগতে, আইৰণৰ ধৰ্ম ক’বাল্ট আরু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌল কেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে ।  

১৭। মেণ্ডেলিভ কোন দেশৰ বিজ্ঞানী আছিল ? তেওঁ আৱিষ্কাৰ কৰা তালিকাখনৰ নাম কি আছিল? তেওঁৰ তালিকাখন ৰাসায়ন বিজ্ঞানৰ কোনটো নীতিৰ ওপৰত প্রতিষ্ঠিত/রূপে গৃহীত হৈছিল ?

উত্তৰঃ ডিমিট্রি আইভানেভিচ্ মেণ্ডেলিভ (Dmitri Ivanovich Mendeliev) রুছ দেশৰ লোক আছিল । তেওঁ আৱিষ্কাৰ কৰা তালিকাখনৰ নাম ‘মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা’  বোলা হয় । তেওঁৰ তালিকাখন ৰাসায়ন বিজ্ঞানৰ এক একত্রিকৰণ (Unifying Principle) নীতিৰ ওপৰত প্রতিষ্ঠিত/রূপে গৃহীত হৈছিল ।  

১৮। মেণ্ডেলিভে কাম আৰম্ভ কৰোতে কেইবিধ মৌলৰ বিষয়ে জনা গৈছিল ?

উত্তৰঃ মেণ্ডেলিভে কাম আৰম্ভ কৰোতে 63 টা মৌলৰ বিষয়ে জনা গৈছিল ।

১৯। মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ কোন দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুরুত্ব দিছিল ? ইয়াৰ কাৰণ কি আছিল ?

অথবাঃ মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত কোন দুটা মৌলক বাছি লৈছিল ? তেওঁ কিয় এইদুটা মৌলকহে বাছনি কৰিছিল ?

উত্তৰঃ মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আরু হাইড্র’জেন, এই দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুরুত্ব দিছিল । তেখেতে হাইড্র’জেন আরু অক্সিজেনক বাচি লোৱাৰ কাৰণ হ’ল ইহঁত যথেষ্ট সক্রিয় আরু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে ।

২০। মেণ্ডলিভৰ পৰ্যাবৃত্ত সূত্রটো লিখা ।

উত্তৰঃ মেণ্ডলিভৰ পৰ্যাবৃত্ত সূত্রটো হ’ল- “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয় ।”

২১। মেণ্ডেলিভে কেনেদৰে পৰ্যাবৃত্ত তালিকাখন প্রস্তুত কৰিছিল ?

অথবাঃ মেণ্ডেলিভে কেনেদৰে মৌলবোৰক শ্রেণীভুক্ত কৰিছিল ?

অথবাঃ মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাখন চমুকৈ বৰ্ণনা ।

উত্তৰঃ  মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকা প্রস্তুত কৰা পৰ্যায়সমূহ আছিল-

 (ক) মেণ্ডেলিভে বা মেণ্ডেলেভৰ তালিকাত ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আরু হাইড্র’জেন, এই দুটা মৌলৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে গুরুত্ব দিছিল ।

 (খ) তেওঁ মৌল এটাক শ্রেণীভুক্ত কৰিবৰ বাবে মৌলটোৱে গঠন কৰা হাইড্রাইড আরু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল । (গ) ইয়াৰ পাছত, তেওঁ 63 খন কাৰ্ড লৈ মৌল একোটাৰ ধৰ্মবোৰ একোখন কাৰ্ডত লিখি গৈছিল ।

(ঘ) অনুরূপ ধৰ্ম প্রদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাচি সেইঅনুসৰি কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল ।

(ঙ) এনে কৰাত তেওঁ লক্ষ্য কৰিছিল যে- মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকা এখনত ঠাই পাইছিল । লগতে, সিহঁত পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্রমত সজ্জিত হৈছিল ।

(চ) আন এক বিষয় তেওঁ লক্ষ্য কৰিছিল যে এটা/এক নিৰ্দ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আরু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে ।

(ছ) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ(Group) আরু পথালি শাৰীবোৰক পৰ্যায় (Period) বোলা হয় ।

   

    এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ পৰ্যাবৃত্ত সূত্রটি আৱিষ্কাৰ কৰিছিল এনেদৰে- “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয় ।”

   

২২। মেণ্ডলিভৰ পৰ্যাবৃত্ত তালিকাখন প্রথমে ক’ত আরু কেতিয়া প্রকাশ পাইছিল ?

উত্তৰঃ মেণ্ডলিভৰ পৰ্যাবৃত্ত তালিকাখন প্রথমে জাৰ্মানিৰ এখন জাৰ্নেলত 1872 চনত প্রকাশ পাইছিল ৷

২৩। মেণ্ডেলিভৰ তালিকাখনৰ স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আরু হাইড্রাইডৰ সংকেতবোৰক কি আখৰে বৰ্গটোত থকা মৌল এটাক সূচাইছে ? উদাহৰণস্বরূপে বুজাই লিখা ৷

অথবাঃ মেণ্ডেলিভৰ তালিকাখন “R” আখৰৰ তাৎপর্য কি? উদাহৰণস্বরূপে বুজাই লিখা ৷

অথবাঃ মেণ্ডেলিভৰ তালিকাখনত “R” আখৰ কিয় ব্যৱহাৰ কৰিছে বা “R” আখৰে কি সূচাইছে  ? উদাহৰণস্বরূপে বুজাই লিখা ৷

উত্তৰঃ মেণ্ডেলিভৰ তালিকাখনৰ স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আরু হাইড্রাইডৰ সংকেতবোৰক “R”  আখৰে বৰ্গটোত থকা মৌল এটাক সূচাইছে ৷ উদাহৰণস্বরূপে- কাৰ্বনৰ হাইড্রাইড CH4  ক RH4 হিচাপে আরু অক্সাইড CO ক RO2 হিচাপে লিখা হৈছে ।

২৪। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা ।

উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ হ’ল-

(ক)মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত ঠাইবিশেষে অধিক/বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত স্থান দিছিল । যাৰ বাবে, একে ধৰণৰ ধৰ্ম প্রদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈ সুবিধা হৈছিল । উদাহৰণস্বরূপে- ক’বাল্ট যাৰ পাৰমাণৱিক ভৰ 58.9, এই মৌলটোক নিকেলৰ আগত স্থান দিয়া হৈছিল যাৰ পাৰমাণৱিক ভৰ আছিল- 58.7  

(খ) মেণ্ডেলিভে তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল । এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল । পাছত নতুনকৈ আৱিষ্কৃত হোৱা মৌলবোৰ এই ঘৰ সমূহত সংযোজন কৰিবলৈ সুবিধা হৈছিল ।

(গ) মেণ্ডেলিভে একেটা বৰ্গত থকা পূৰ্ববৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক) যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নাম দিছিল । উদাহৰণস্বরূপে- সেই সময়ত আৱিষ্কৃত নোহোৱা মৌল স্কেনডিয়াম, গেলিয়াম আরু জাৰ্মেনিয়ামক মেণ্ডেলিভে ক্রমে একা- ব’ৰন, একা-এলুমিনিয়াম আরু একা-ছিলিকন নাম দিছিল । স্কেন্ডিয়াম, গেলিয়াম আরু জাৰ্মেনিয়ামৰ ধৰ্ম ক্রমে বৰ’ন এলুমিনিয়াম আরু ছিলিকনৰ সৈতে একে আছিল ।

(ঘ)মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন শুদ্ধ আরু ব্যৱহাৰোপযোগী আছিল ।

(ঙ) মেণ্ডেলিভৰ ভৱিষ্যতবাণীৰ অসাধাৰণ সাফল্যই তেখেতৰ তালিকাখন ৰসায়নবিদসকলৰ বাবে গ্রহণযোগ্য কৰাইছিল । লগতে, এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি প্রদান কৰিছিল ।

(চ) হিলিয়াম (He), নিয়ন (Ne) আরু আৰ্গন (Ar) ৰ দৰে সম্ভ্রান্ত গেছবোৰ অতিশয় নিষ্ক্রীয় আরু আমাৰ বায়ুমণ্ডলৰ এইবোৰ নিচেই কম মাত্রাত থাকে বাবে এইবোৰ আৱিষ্কৃত হঁওতে বহু পলম হৈছিল । যেতিয়া এইবোৰ আৱিষ্কৃত হৈছিল তেতিয়া তালিকাখনত ইতিপূৰ্বে থকা ক্রমৰ কোনো সাল-সলনি নকৰাকৈ এক নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল যিয়ে তালিকাখনৰ অন্যতম সাফল্যমণ্ডিত কৰিছিল ।

২৫। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ অসফলতাসমূহ বা সীমাবদ্ধতাসমূহ লিখা ।

অথবাঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ তিনিটা সীমাবদ্ধতা লিখা ।

উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ অসফলতাসমূহ বা সীমাবদ্ধতাসমূহ হ’লঃ

(ক) পৰ্যাবৃত্ত তালিকাত হাইড্র’জেনক নিশ্চিতভাৱে কোনো নিৰ্দ্দিষ্ট স্থান দিব পৰা নাযায় । এইটো মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাৰ মূখ্য সীমাবদ্ধতা আছিল । মেণ্ডেলিভে হাইড্র’জেনৰ বাবে তালিকাখনত এক সঠিক স্থান নিরূপণ কৰিব পৰা নাছিল । 

(খ) মেণ্ডেলিভে মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিক (Isotopes) সমূহ আৱিষ্কাৰ কৰা হৈছিল । মৌল এটাৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়, কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ আছিল ।

(গ)মেণ্ডেলিভ মৌলৰ পৰ্যাবৃত্ত তালিকাৰ এন এক সমস্যা আছিল- এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাবে নঘটে । সেয়েহে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ’ব পাৰে তাক পূৰ্বানুমান কৰাটো সম্ভৱ নাছিল বিশেষকৈ গধূৰ মৌলবোৰৰ ক্ষেত্রত ।  

  

২৬। ক’বাল্ট আরু নিকেলৰ পাৰমাণৱিক ভৰ কিমান ?

উত্তৰঃ ক’বাল্ট পাৰমাণৱিক ভৰ- 58.9 আরু নিকেলৰ পাৰমাণৱিক ভৰ- 58.7

২৭।(ক) মেণ্ডেলেভে কিয় তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল ?

উত্তৰঃ মেণ্ডেলিভে তেখেতৰ পৰ্যাবৃত্ত তালিকাত কিছুমান খালি ঠাই এৰি গৈছিল । এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল । পাছত নতুনকৈ আৱিষ্কৃত হোৱা মৌলবোৰ এই ঘৰ সমূহত সংযোজন কৰিবলৈ সুবিধা হৈছিল ।

(খ) মেণ্ডেলিভে তালিকাত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক)যোগ বা ব্যৱহাৰ কেনেদৰে কৰিছিল উদাহৰণসহ বুজাই লিখা ?

উত্তৰঃ  মেণ্ডেলিভে একেটা বৰ্গত থকা পূৰ্ববৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অৰ্থ এক) যোগ কৰি মেণ্ডেলিভে মৌলবোৰৰ নাম দিছিল ।

 উদাহৰণস্বরূপে- সেই সময়ত আৱিষ্কৃত নোহোৱা মৌল স্কেনডিয়াম, গেলিয়াম আরু জাৰ্মেনিয়ামক মেণ্ডেলিভে ক্রমে একা-ব’ৰন, একা-এলুমিনিয়াম আরু একা-ছিলিকন নাম দিছিল । স্কেন্ডিয়াম, গেলিয়াম আরু জাৰ্মেনিয়ামৰ ধৰ্ম ক্রমে বৰ’ন এলুমিনিয়াম আরু ছিলিকনৰ সৈতে একে আছিল ।

২৮। একা-এলুমিনিয়াম আরু গেলিয়ামৰ ধৰ্মসমূহ লিখা ।

উত্তৰঃ

ধৰ্ম একা এলুমিনিয়াম গেলিয়াম
পাৰমাণবিক ভৰ 68 69.7
অক্সাইডৰ সংকেত E2O3 Ga2O3
ক্লোৰাইডৰ সংকেত ECI3 GaCl3

 ২৯। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মুখ্য সীমাবদ্ধতা কি?

উত্তৰঃ পৰ্যাবৃত্ত তালিকাত হাইড্র’জেনক নিশ্চিতভাৱে কোনো নিৰ্দ্দিষ্ট স্থান দিব পৰা নাযায় । এইটো মেণ্ডেলিভৰ পৰ্যাবৃ্ত্ত তালিকাৰ মূখ্য সীমাবদ্ধতা আছিল । মেণ্ডেলিভে হাইড্র’জেনৰ বাবে তালিকাখনত এক সঠিক স্থান নিরূপণ কৰিব পৰা নাছিল । 

৩০। কোনে কিমান চনত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটোক সংশোধন কৰিছিল আরু আধুনিক পৰ্যাবৃত্ত তালিকা প্রস্তুত কৰিছিল?

উত্তৰঃ হেনৰী ম’জলে (Henry Moseley) 1913 চনত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটোক সংশোধন কৰিছিল আরু আধুনিক পৰ্যাবৃত্ত তালিকা প্রস্তুত কৰিছিল ।

৩১। কেনেকৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটোক সংশোধন কৰিছিল ?

উত্তৰঃ  পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটোক সংশোধন কৰিছিল । তেওঁৰ মতে আধুনিক পৰ্যাবৃত্ত সূত্রটো হ’ল- “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয় ।”

৩২। ম’জলেৰ আধুনিক পৰ্যাবৃত্ত সূত্রটো লিখা ।

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকা ব্যাখ্যা কৰা ।

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকা বোলিলে কি বুজা ?

উত্তৰঃ পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লৈ হেনৰী ম’জলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটোক সংশোধন কৰিছিল । তেওঁৰ মতে আধুনিক পৰ্যাবৃত্ত সূত্রটো হ’ল- “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয় ।”

    ‘পাৰমাণৱিক সংখ্যাই এটা পৰমাণুৰ নিউক্লিয়াছত থকা প্র’টনৰ সংখ্যাক বুজায় আরু এই সংখ্যাটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে এককৈ বাঢ়ে । মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্যা (Z) ৰ বৰ্ধিত ক্রম অনুসৰি সজালে আমি মৌলবোৰৰ শ্রেণীবিভাজনৰ এক তালিকা পোৱা যাব, ইয়াকে আধুনিক পৰ্যাবৃত্ত তালিকা বোলা হয় । মৌলবোৰক বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজাই সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল ।’

৩২। আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা স্তম্ভ আরু শাৰী আছে ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত 18 টা থিয় স্তম্ভ আরু 7 টা আনুভূমিক শাৰী আছে ।

৩৩। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আরু পৰ্যায় বুলিলে কি বুজা?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত 18 টা থিয় স্তম্ভ আছে । এইবোৰক বৰ্গ (Group) বুলি কোৱা হয় । লগতে, আধুনিক পৰ্যাবৃত্ত তালিকাত 7 টা আনুভূমিক শাৰী আছে । এইবোৰক পৰ্যায় (Period) বুলি কোৱা হয় ৷

৩৪। আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ 17 ত কোনটা মৌল থাকে ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ 17 ত থকা মৌল দুটা হ’ল- ফ্লুৰিন (F) আরু ক্ল’ৰিন (Cl) ।

৩৫। হাইড্র’জনৰ স্থিতিয়ে আধুনিক পৰ্যাবৃত্ত তালিকাত কেনে সমস্যাৰ সৃষ্টি কৰে ?

উত্তৰঃ হাইড্র’জনৰ স্থিতিয়ে আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্যাৰ সৃষ্টি কৰে কাৰণ, হাইড্র’জেনক প্রথম পৰ্যায়ত বৰ্গ 1 বা বৰ্গ 17 ৰ যিকোনো এটাতে ঠাই প্রদান কৰিব পৰা যায় । 

৩৬। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাই কি সূচায় ?

উত্তৰঃ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাই একে বহিৰ্কক্ষীয় ইলেকট্রনীয় বিন্যাস একোটাক সূচায় । লগতে, বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্রমে কক্ষবোৰৰ সংখ্যা বাঢ়ি আহে ।

৩৭। আধুনিক পৰ্যাবৃত্ত তালিকাত Na, Mg, Al, Si, P, S, Cl, আরু Ar ক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ কাৰণ কি ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত Na, Mg, Al, Si, P, S, Cl, আরু Ar ক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ কাৰণ হ’ল- এইকেইটা মৌলৰ পৰমাণুত ইলেকট্রনে K, L,  আরু M শ্বেলত স্থিতি লয় । 

৩৮। কক্ষ এটাই গ্রহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্রনৰ সংখ্যা কি সূত্রৰ ওপৰত নিৰ্ভৰ কৰে ?

অথবাঃ কক্ষ এটাই গ্রহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্রনৰ সংখ্যা 2n2 সূত্রটো উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ  কক্ষ এটাই গ্রহণ কৰিব পৰা সৰ্বোচ্চ ইলেকট্রনৰ সংখ্যা 2n2 সূত্রৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াত n হ’ল- নিউক্লিয়াছৰ পৰা প্রদত্ত কক্ষটোৰ ক্রমিক সংখ্যা ।

উদাহৰণ-

K- শ্বেল- 2 x (1)2 =2, গতিকে প্রথম পৰ্যায়ত 2 টা মৌল থাকে ।

L- শ্বেল- 2 x (2)2 =8, গতিকে দ্বিতীয় পৰ্যায়ত 8 টা মৌল থাকে ।

M- শ্বেল- 2 x (3)2 =18,  কিন্তু বহিঃৰতম কক্ষত কেৱল 8 টা ইলেকট্রনহে থাকিব পাৰে, সেয়েহে তৃতীয় পৰ্যায়তো 8 টা মৌলহে থাকিব ।  

৩৯। পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ অৱস্থানে কি বুজায় বা কি ধাৰণা দিয়ে ?

উত্তৰঃ পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ অৱস্থানে মৌলটোৰ ৰাসায়নিক সক্রিয়তাৰ বিষয়ে আমাক ধাৰণা দিয়ে । মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আরু বান্ধনিৰ প্রকৃতিক যোজক ইলেকট্রনে নিৰ্ণয় কৰে ।

৪০। মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আরু বান্ধনিৰ প্রকৃতিক কোনে নিৰ্ণয় কৰে ?

উত্তৰঃ মৌল এটাই গঠন কৰা বান্ধনিৰ সংখ্যা আরু বান্ধনিৰ প্রকৃতিক যোজক ইলেকট্রনে নিৰ্ণয় কৰে ।

৪১। মেণ্ডেলেভে তেওঁৰ তালিকাত মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ কিহক আধাৰ হিচাপ বাচি লৈছিল ?

উত্তৰঃ মেণ্ডেলেভে তেওঁৰ তালিকাত মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যৌগৰ সংকেতক আধাৰ হিচাপ বাচি লৈছিল ।

৪২। আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা কিহে নিৰ্ধাৰণ/নিৰ্ণয় কৰে?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্রনে নিৰ্ধাৰণ/নিৰ্ণয় কৰে ।  

৪৩। আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ কি সূচায় ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায় ।

৪৪। আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ কি? হাইড্র’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্দ্ধ কিমান ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ হৈছে এটা বিযুক্ত পৰমাণুৰ নিউক্লিয়াছটোৰ কেন্দ্র আরু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্ব ।

    হাইড্র’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm অথবা পিক’মিটাৰ ।

৪৫। 1 p.m.  অথবা পিক’মিটাৰ = ?

উত্তৰঃ 1 p.m.  অথবা পিক’মিটাৰ = 10 -12 m

৪৬। আধুনিক পৰ্যাবৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে না বাঢ়ে ?

উত্তৰঃ বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে ।

৪৭। আধুনিক পৰ্যাবৃত্ত তালিকাত কিয় বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে ?

উত্তৰঃ নিউক্লীয় আধান বঢ়াৰ বাবে বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে । বৰ্দ্ধিত নিউক্লীয় আধানে ইলেকট্রনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে । সেয়েহে পৰমাণু আকাৰ কমে ।

৪৮। আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গত তললৈ গ’লে পাৰমাণৱিক আকাৰ বাঢ়ে, ইয়াৰ কাৰণ কি?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গত তললৈ গ’লে পাৰমাণৱিক আকাৰ বাঢ়ে, ইয়াৰ কাৰণ হ’ল- বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটাকৈ আৰম্ভ হয় । ইয়ে বহিঃস্থতম ইলেকট্রন আরু নিউক্লিয়াছৰ মাজৰ দূৰত্ব ক্রমান্বয়ে বঢ়ায় । সেয়েহে নিউক্লীয় আধান বৃদ্ধিৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে ।  

৪৯। আধুনিক পৰ্যাবৃত্ত তালিকাত ধাতু আরু অধাতুবোৰ ক’ত থাকে ? উদাহৰণসহ লিখা ।

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত ধাতুবোৰ বাওঁফালে আরু অধাতুবোৰ সোঁফালে থাকে । উদাহৰণস্বরূপে- ছ’ডিয়াম (Na), মেগনেছিয়াম (Mg) আদি ধাতুবোৰ বাঁওফালে আরু ছালফাৰ, ক্ল’ৰিন আদি অধাতুবোৰ সোঁফালে থাকে ।

৫০। আধুনিক পৰ্যাবৃত্ত তালিকাত ছিলিকন ক’ত থাকে ? ইয়াক কি বুলি কোৱা হয় আরু ইয়াৰ কাৰণ কি?

অথবাঃ অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) কাক বোলে ? উদাহৰসহ বুজাই লিখা ।

উত্তৰঃ যি বোৰ মৌলই ধাতু আরু অধাতু উভয়ৰে কিছুমান ধৰ্ম প্রদৰ্শন কৰে, সেই মৌলবোৰক অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) বোলে।

উদাহৰণস্বরূপে- ছিলিকন এবিধ অৰ্ধ-ধাতু (Semi-metal)  বা ধাতুকল্প (Metalloid) কিয়নো ই ধাতু আরু অধাতুৰ কিছুমান ধৰ্ম প্রতিফলিত কৰে । সেয়েহে, আধুনিক পৰ্যাবৃত্ত তালিকাত ছিলিকন মাজত থাকে ।

৫১। আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা ৰেখাই কি সূচায় ? ইয়াক কি ৰেখা বুলি কোৱা হয় ? এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাৰ গাতে লাগি থকা মৌলকেইটা কি কি? ইহঁতক কি বুলি কোৱা হয় ?

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাডালৰ কাম কি বা কিয় ব্যৱহাৰ কৰা হৈছে ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত এঁকা-বেঁকা ৰেখাই ধাতুবোৰক অধাতুবোৰৰ পৰা পৃথক কৰে বা পৃথক কৰাক সূচায় । ইয়াক জিগ-জাগ অৰ্থাৎ Zig-Zag ৰেখা বুলি কোৱা হয় ।  

    এঁকা-বেঁকা অৰ্থাৎ Zig-Zag ৰেখাৰ গাতে লাগি থকা মৌলকেইটা হ’ল- ছিলিকন, আৰ্চেনিক, টেলুৰিয়াম, ব’ৰন, জাৰ্মেনিয়াম, এন্টিমনি আরু পল’নিয়াম । এই মৌলবোৰে ধাতু আরু অধাতুৰ ধৰ্ম প্রদৰ্শন কৰে, সেয়েহে এই মৌলবোৰক ধাতুকল্প বা অৰ্ধ-ধাতু বোলে ।

৫২। কেইবিধমান ধাতুকল্প বা অৰ্ধ-ধাতুৰ উদাহৰণ দিয়া ।

উত্তৰঃ কেইবিধমান ধাতুকল্প বা অৰ্ধ-ধাতু হ’ল- ছিলিকন, আৰ্চেনিক, টেলুৰিয়াম, ব’ৰন, জামেনিয়াম, এন্টিমনি আরু পল’নিয়াম ।

৫৩। বান্ধনি গঠন করোঁতে ধাতুবোৰে কি হেরুৱায় ? ইহঁত বিদ্যুৎৰ ধনাত্মক নে ঋণাত্মক ?

উত্তৰঃ বান্ধনি গঠন করোঁতে ধাতুবোৰে ইলেকট্রন হেরুৱায় ? ইহঁত বিদ্যুৎৰ ধনাত্মক না ঋণাত্মক ।  

৫৪। আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে কিয় ইলেকট্রন হেরুৱাৰ প্রৱণতা কমে ?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ইলেকট্রন হেরুৱাৰ প্রৱণতা কমে, কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত আকৰ্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধান (Effective nuclear charge) ৰ মান বাঢ়ে ।

৫৫। আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত তললৈ ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত আকৰ্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে, ইয়াৰ কাৰণ কি?

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত তললৈ ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত আকৰ্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে, ইয়াৰ কাৰণ হ’ল- বহিৰতম ইলেকট্রনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় । সেয়েহে, এনে অৱস্থাত এটা মৌলই যোজক ইলেকট্রন সহজে হেরুৱায় । গতিকে, পৰ্যায় এটাত সোঁফালে ক্রমে ধাতৱীয় ধৰ্ম কমে আরু বৰ্গ এটাত তললৈ ক্রমান্বয়ে বাঢ়ে ।

৫৬। অধাতুবোৰ বিদ্যুৎ ধনাত্মক নে ঋণাত্মক ? ইহঁতে কেনেদৰে বান্ধনি গঠন কৰে?

উত্তৰঃ অধাতুবোৰ বিদ্যুৎ ঋণাত্মক । ইহঁতে সাধাৰণতে ইলেকট্রন লাভ কৰি বান্ধনি গঠন কৰে ।

৫৭। আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই কি দেখুৱায় বা সূচায় ?

উত্তৰঃ আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই দেখুৱায় যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে ।

৫৮। কোনটো ধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্রকৃতি পূৰ্বানুমান কৰাটো সম্ভৱ হৈছে ?

অথবাঃ কেনেদৰে মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্রকৃতি পূৰ্বানুমান কৰা হয় ?

উত্তৰঃ আধুনিক পৰ্যা্বৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক ধাৰণাই দেখুৱায় যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে । ধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্রকৃতি পূৰ্বানুমান কৰাটো সম্ভৱ হৈছে । কাৰণ, ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আরু অধাতুৰ অক্সাইডবোৰ আম্লিক ।

৫৯। ধাতুৰ অক্সাইডবোৰ _____ আরু অধাতুৰ অক্সাইডবোৰ _____ ।

উত্তৰঃ ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আরু অধাতুৰ অক্সাইডবোৰ আম্লিক ।

৬০। আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মৰ প্রৱণতা সমূহ ব্যাখা কৰা ৷

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ যোজ্যতা সম্পৰ্কে লিখা ।

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ পাৰমাণৱিক আকাৰ (Atomic Size) সম্পৰ্কে লিখা ।

অথবাঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ ধাতৱ আরু অধাতৱৰ ধৰ্মৰ সম্পৰ্কে লিখা ।

উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মৰ প্রৱণতা সমূহ এনেধৰণৰ-

(ক) যোজ্যতাঃ

    আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল একোটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্রনে নিৰ্ধাৰণ/নিৰ্ণয় কৰে ।  

(খ) পাৰমাণৱিক আকারঃ

    (i) এটা বিযুক্ত পৰমাণুৰ নিউক্লিয়াছটোৰ কেন্দ্র আরু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্বক আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰা হয় । উদাহৰণস্বরূপে-হাইড্র’জেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm অথবা পিক’মিটাৰ ।  

(ii) নিউক্লীয় আধান বঢ়াৰ বাবে বাওঁফালৰ পৰা সোঁফাললৈ গ’লে পাৰমাণৱিক ব্যাসাৰ্দ্ধ কমে আরু বৰ্দ্ধিত নিউক্লীয় আধানে ইলেকট্রনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থকাৰ বাবে পৰমাণুৰ আকাৰ কমে ।

(iii)বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয় সেয়েহে বৰ্গবোৰত তললৈ গ’লে ক্রমান্বয়ে পাৰমাণৱিক আকাৰ বাঢ়ে আরু নিউক্লীয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে ।

(গ) ধাতৱ আরু অধাতুৰ ধৰ্মঃ

(i) আধুনিক পৰ্যাবৃত্ত তালিকাত বাওঁফালে ধাতুবোৰ আরু সোঁফালে অধাতুবোৰ থাকে । এঁকা-বেঁকা বা জিগ-জাগ ৰেখাই ধাতুক অধাতুৰ পৰা পৃঠক কৰিছে । ধাতু আরু অধাতুৰ ধৰ্ম প্রদৰ্শন কৰা ধাতুকল্পবোৰ বা অৰ্ধ-ধাতুবোৰ এঁকা-বেঁকা বা জিগ-জাগ ৰেখাৰ গাতে লাগি থাকে ।

(ii) ধাতুবোৰ বিদ্যুৎ ধনাত্মক । ইহঁতে বান্ধনি গঠন করোঁতে ধাতুবোৰে ইলেকট্রন হেরুৱায় ।

(iii) অধাতুবোৰ বিদ্যুৎ ঋণাত্মক । ইহঁতে সাধাৰণতে ইলেক্ট্রন লাভ কৰি বান্ধনি গঠন কৰে ।

(iv) আধুনিক পৰ্যাবৃত্ত তালিকাত ঋণাত্মক ধাৰণাই দেখুৱাই যে অধাতুবোৰ পৰ্যাবৃত্ত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে । এইধাৰণাৰ পৰা মৌলবোৰে গঠন কৰা অক্সাইড সমূহৰ প্রকৃতিৰ পূৰ্বানুমান কৰা হৈছে ।

(v) আধুনিক পৰ্যাবৃত্ত তালিকাত থকা ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় আরু অধাতুৰ অক্সাইডবোৰ আম্লিক ।

Video for SEBA Class 10- Periodic Classification of Elements, (মৌলৰ পৰ্যাবৃত্ত শ্রেনীবিভাজন)

Leave a Comment